ভাৰতীয় যুদ্ধযানত ইন্ধন যোগাব ২৫০ কোটি টকীয়া গাড়ী নিৰ্মাতা এইটো কোম্পানীয়ে

বৰ্তমান এই ব্ৰিটিছ কোম্পানীয়ে আমেৰিকা আৰু জাৰ্মানীত নিজৰ বজাৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু ভৱিষ্যতে ৰ’লছ ৰয়েছে ভাৰতক নিজৰ ‘তৃতীয় ঘৰ’ হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী। কিন্তু হঠাৎ কিয় এই বিনিয়োগ বৃদ্ধিৰ কথা ভাবিছে?

ভাৰতীয় যুদ্ধযানত ইন্ধন যোগাব ২৫০ কোটি টকীয়া গাড়ী নিৰ্মাতা এইটো কোম্পানীয়ে

Rolls Royce আহি আছে ভাৰতীয় সেনাৰ সহায় হ'বলৈ

Published: 

01 Jan 2026 15:04 PM

কোম্পানীটোৰ আটাইতকৈ সুলভ মূল্যৰ গাড়ীখনৰ দাম ১০ কোটিতকৈও অধিক। আটাইতকৈ দামীখনৰ দাম ২০০-২৫০ কোটি। কেৱল সাধাৰণ মানুহেই নহয়, সমাজৰ অভিজাত শ্ৰেণীয়েও এই পৰিমাণৰ ধন দিবলৈ উজুটি খাব লাগিব। এই কোম্পানীটোৱে এতিয়া ঘোষণা কৰিছে যে ভাৰত তেওঁলোকৰ ‘তৃতীয় ঘৰ’ হ’ব।

সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক ব্যক্তিগত সাক্ষাৎকাৰত ৰ’লছ ৰয়েছ ইণ্ডিয়াৰ উপ-সভাপতি শশী মুকুণ্ডে কয় যে কোম্পানীটোৱে ভাৰতত বৃহৎ পৰিসৰৰ বিনিয়োগ কৰাৰ কথা চিন্তা কৰিছে। অধিক ধন খৰচ কৰি নিৰ্মাণৰ কাম বৃদ্ধি কৰিব। সেই সন্দৰ্ভত এক ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে। কোম্পানীটোৰ ভাৰতীয় বিষয়াগৰাকীৰ মতে, ‘নতুন দিল্লীক শক্তি গতাই দিবলৈ কোম্পানীয়ে এই বিনিয়োগৰ পৰিকল্পনা কৰিছে। যাৰ মূল অগ্ৰাধিকাৰ হ’ব এৰো-ইঞ্জিন বা জেট ইঞ্জিন উৎপাদনক গুৰুত্ব দিয়া।’

বৰ্তমান এই ব্ৰিটিছ কোম্পানীয়ে আমেৰিকা আৰু জাৰ্মানীত নিজৰ বজাৰ প্ৰতিষ্ঠা কৰিছে। কিন্তু ভৱিষ্যতে ৰ’লছ ৰয়েছে ভাৰতক নিজৰ ‘তৃতীয় ঘৰ’ হিচাপে গঢ়ি তুলিবলৈ আগ্ৰহী। কিন্তু হঠাৎ কিয় এই বিনিয়োগ বৃদ্ধিৰ কথা ভাবিছে? জনা যায় যে শেহতীয়াকৈ ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত বিনিয়োগ বৃদ্ধিয়েই ৰ’লছ ৰয়েছক আকৰ্ষণ কৰিছে।

মানি কণ্ট্ৰ’লৰ এক প্ৰতিবেদন অনুসৰি ভাৰতীয় প্ৰতিৰক্ষা সঁজুলি নিৰ্মাণৰ বাবে সংশ্লিষ্ট কোম্পানীসমূহে দুখন গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ ওলাইছে। এখন বুজাবুজিৰ অধীনত অৰ্জুন টেংকৰ ইঞ্জিন নিৰ্মাণ কৰা হ’ব। আনখন চুক্তিৰ অধীনত সামৰিক বাহনৰ বাবে ইঞ্জিন নিৰ্মাণ কৰা হ’ব।

শশী মুকুণ্ডে কয়, ‘এতিয়াও আলোচনা চলি আছে। একো চূড়ান্ত কৰা হোৱা নাই। কিন্তু মই ক’ব পাৰো যে যদি ভাৰতে যুদ্ধ বাহনত অধিক উন্নত ইঞ্জিন ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰে, তেন্তে নতুন দিল্লীৰ বাবে ৰ’লছ ৰয়েছ হ’ব সৰ্বোত্তম অংশীদাৰ। আমি বাৰে বাৰে প্ৰমাণ কৰি আহিছো যে আমি এই উন্নয়ন কৰিব পাৰো।’

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?