Mukesh Ambani: ১৫ হাজাৰ কোটিৰ আম্বানীৰ বাসগৃহ এন্টিলিয়াত নাই AC! গৰমত কেনেদৰে থাকে আম্বানী পৰিয়াল?

Antilia: একাধিক সূত্ৰই দাবী কৰিছে যে এন্টিলিয়াত AC নাই। ঘৰৰ বাহিৰৰ অংশ মাৰ্বল আৰু কাঁচেৰে আবৃত। জানক আম্বানী পৰিয়ালটো গৰমত কেনেকৈ আৰামত থাকে এন্টিলিয়াত?

Mukesh Ambani:  ১৫ হাজাৰ কোটিৰ আম্বানীৰ বাসগৃহ এন্টিলিয়াত নাই AC! গৰমত কেনেদৰে থাকে আম্বানী পৰিয়াল?

১৫ হাজাৰ কোটিৰ আম্বানীৰ বাসগৃহ এন্টিলিয়াত নাই AC!

Published: 

20 Apr 2025 10:31 AM

বাণিজ্যৰ হৃদপিণ্ড মুম্বাই। সেই চহৰখনৰ মাজমজিয়াত ওখকৈ থিয় হৈ আছে ২৭ মহলীয়া বিশাল অট্টালিকা এন্টিলিয়া। সেই অট্টালিকাটো হৈছে দেশৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীৰ ঘৰ। ১৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ঘৰটোত আম্বানী পৰিয়ালে বাস কৰে। চুইমিং পুলৰ পৰা আৰম্ভ কৰি চিনেমা হল, হেলিপেডলৈকে এই ঘৰটোত সকলো আছে। এই সকলোবোৰৰ মাজতো এই ঘৰত এচি নাই! মুম্বাইৰ গৰমত কেনেকৈ জীয়াই থাকে আম্বানী পৰিয়াল?

একাধিক সূত্ৰই দাবী কৰিছে যে এন্টিলিয়াত কোনো এচি ইউনিট নাই। কোনো বাহিৰৰ ইউনিট দেখা নাযায়। বাহিৰৰ সমগ্ৰ অংশ মাৰ্বল আৰু কাঁচেৰে আবৃত। গতিকে আম্বানী পৰিয়ালটো কেনেকৈ আৰামত থাকে সকলোৰে প্ৰশ্ন। আচলতে এচি নাই বুলি কোৱা কথাটো আংশিকভাৱে সত্য। সাধাৰণ মানুহে দেখাত তেনেধৰণৰ এচি নাই এন্টিলিয়াত।

তথ্যনুসৰি এন্টিলিয়াৰ এটা কুলিং চিষ্টেমৰ ব্যৱস্থা আছে। কিন্তু এই ব্যৱস্থা মানুহৰ বাবে নহয়, বৰঞ্চ মাৰ্বল, ফুল, আৰু অন্যান্য অভ্যন্তৰীণ সামগ্ৰী সংৰক্ষণৰ বাবেহে আৰু তাপমাত্ৰা সঠিক ৰখাৰ বাবে। আম্বানী পৰিয়ালৰ লোকসকলে ইচ্ছা কৰিলেও ঘৰৰ তাপমাত্ৰা কম বা বৃদ্ধি কৰিব নোৱাৰে।

শ্ৰেয়া ধানয়ানথাৰী নামৰ এগৰাকী অভিনেত্ৰীয়েও দাবী কৰিছে যে, তেওঁ এন্টিলিয়ালৈ ফেশ্বন শ্বুটৰ বাবে গৈছিল। তাত ঠাণ্ডা লাগিল আৰু অলপ তাপমাত্ৰা বঢ়াবলৈ অনুৰোধ কৰিলে। কিন্তু তেওঁৰ অনুৰোধ ৰাখিব নোৱাৰিলে। অট্টালিকাৰ মেনেজাৰজনে আহি ক’লে যে, মাৰ্বলসমূহ সংৰক্ষণ কৰিবলৈ সেই নিৰ্দিষ্ট উষ্ণতা বজাই ৰাখিব লাগিব, গতিকে উষ্ণতা কম বা বৃদ্ধি কৰাটো সম্ভৱ নহয়।

গতিকে গৰমৰ দিনত আম্বানী পৰিয়ালে গৰমত কষ্টত থাকে বুলি ভবাৰ প্ৰয়োজন নাই। বৰঞ্চ মুম্বাইতো বৰফ দেশ কৰিব পৰাটো সম্ভৱ কৰি তুলিছে। এন্টিলিয়াৰ ভিতৰত এটা বৰফৰ কোঠা আছে, য’ত সঁচাকৈয়ে বৰফ পৰে। বেৰত লগোৱা বিশেষ যন্ত্ৰৰ পৰা গোটেই কোঠাটোত বৰফেৰে আবৃত্ত।

দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension