ভাৰতত আছে সোণৰ বৃহৎ ভাণ্ডাৰ! মজুত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ মূল্যতকৈও অধিক সোণ

বিশেষজ্ঞসকলে এই স্থানসমূহত মজুত থকা সোণৰ পৰিমাণ ১০ৰ পৰা ২০ মেট্ৰিক টন হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে। যদি ওড়িশাত ২০ মেট্ৰিক টন সোণ মজুত থকা বুলি অনুমান কৰা হয়, সেই সোণখিনিৰ দাম হ’ব পাৰে ১৮,২৮০ কোটি টকা।

ভাৰতত আছে সোণৰ বৃহৎ ভাণ্ডাৰ! মজুত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ মূল্যতকৈও অধিক সোণ

প্ৰতিনিধিত্বমূলক ছবি

Published: 

23 Aug 2025 12:17 PM

এখন দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত সোণৰ গুৰুত্ব অপৰিসীম ভৱিষ্যতৰ সম্ভাৱ্য সংকটৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিখন দেশেই ৰাজভঁৰালত মজুত ৰাখে বৃহৎ পৰিমাণৰ সোণ সামাজিক দিশতো সোণৰ আছে বিশেষ গুৰুত্ব এই সকলো দিশৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতে বহিঃ দেশৰ পৰা সোণ আমদানি কৰে। পিছে দেশৰ বাবে এতিয়া আহিছে এক সুখবৰ। ভাৰতৰ এখন ৰাজ্যৰ কেইবাখনো জিলাত আৱিষ্কাৰ হৈছে সোণৰ বৃহৎ ভাণ্ডাৰ

এই ৰাজ্যখনত কেইবাটাও সোণৰ খনি উদ্ধাৰৰ খবৰ ভাৰতৰ ভূতাত্ত্বিক জৰীপে নিশ্চিত কৰিছে। জানিব পৰা মতে, চৰকাৰে শীঘ্ৰে এই সকলোবোৰ খনি নিলাম কৰিব। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগে ওড়িশাৰ দেওগড়, সুন্দৰগড়, নবাৰংপুৰ, কেওনঝাৰ, আংগুল আৰু কোৰাপুটত সোণৰ খনি আছে বুলি নিশ্চিত কৰিছে।

ইয়াৰ উপৰিও ময়ুৰভঞ্জ, মালকানগিৰি আৰু সম্বলপুৰতো সোণৰ সন্ধান অব্যাহত আছে। পিছে ওড়িশাৰ ভূগৰ্ভত কিমান সোণ মজুত আছে জানেনে? এতিয়ালৈকে এই সোণৰ পৰিমাণ সন্দৰ্ভত কোনো নিৰ্দিষ্ট তথ্য প্ৰকাশ পোৱা নাই বিশেষজ্ঞসকলে এই স্থানসমূহত মজুত থকা সোণৰ পৰিমাণ ১০ৰ পৰা ২০ মেট্ৰিক টন হ’ব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে।

যদি ওড়িশাত ২০ মেট্ৰিক টন সোণ মজুত থকা বুলি অনুমান কৰা হয়, সেই সোণখিনিৰ দাম হ’ব পাৰে ১৮,২৮০ কোটি টকা। অৱশ্যে ভাৰতৰ বৰ্তমানৰ সোণৰ আমদানিৰ তুলনাত এই পৰিমাণ যথেষ্ট কম কেৱল যোৱা বৰ্ষতে ভাৰতে বিদেশৰ পৰা ৭০০ৰ পৰা ৮০০ মেট্ৰিক টন সোণ আমদানি কৰিছিল।

ওড়িশাৰ এই সোণৰ খনিৰ পৰা সোণ আহৰণ আৰম্ভ হ’লে ওড়িশাৰ অৰ্থনীতিৰ বিকাশ হ’ব বুলি বিশেষজ্ঞসকলে আশা প্ৰকাশ কৰিছে। সমান্তৰালকৈ ইয়াৰ দ্বাৰা বহু লোকে কৰ্মসংস্থাপন লাভ কৰিব বুলিও আশা কৰা হৈছে। স্বাভাৱিকতেই ভাৰতীয় অৰ্থনীতিতো ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিব।

এই ৫টা অভ্যাসে অকালতে বৃদ্ধ কৰে মহিলাসকলক! জানক...
যদি ৰাতি বহু দেৰিলৈকে টোপনি নাহে তেন্তে এই টিপছ গ্ৰহণ কৰক, অনিদ্ৰা সমস্যাৰ পৰা উপশম পাব
হঠাতে হৃদস্পন্দন বৃদ্ধি পালে লগে লগে কি কৰিব লাগে ? জানি লওক...
বৃক্কত পাথৰ কিয় হয়? ইয়াৰ প্ৰাৰম্ভিক লক্ষণ চিকিৎসকৰ পৰা জানক...