টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন ৰে’লৱেৰ, ৰে’লত যাত্ৰা কৰে যদি চাই লওক এতিয়াই

দৈনিক বৃহৎ সংখ্যক লোকে ৰে’ল যোগে গন্তব্য স্থানলৈ যাত্ৰা কৰে। পিছে এতিয়া ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৰে’লৱেই। জালিয়াতি ৰোধ কৰাৰ লগতে সঠিক লোকে যাতে টিকট লাভ কৰে, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ লৈছে ৰে’লৱেই।

টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন ৰে’লৱেৰ, ৰে’লত যাত্ৰা কৰে যদি চাই লওক এতিয়াই

ভাৰতীয় ৰে’লৱে

Published: 

07 Nov 2025 20:24 PM

দেশৰ আটাইতকৈ ব্যৱহৃত পৰিবহণ মাধ্যম হিচাপে পৰিচিত ভাৰতীয় ৰেলৱে দৈনিক বৃহ সংখ্যক লোকে ৰে যোগে গন্তব্য স্থানলৈ যাত্ৰা কৰে পিছে এতিয়া ৰেলৰ টিকট বুকিঙৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে ৰে’লৱেই এই নতুন নিয়ম অনুসৰি ভাৰতীয় ৰেলৱেই IRCTC ৱেবছাইট আৰু মোবাইল এপত পুৱাবজাৰ পৰা ১০ বজাৰ ভিতৰত ৰেলৰ টিকট বুকিঙৰ ক্ষেত্ৰত আধাৰ বাধ্যতামূলক কৰিছেজালিয়াতি ৰোধ কৰাৰ লগতে সঠিক লোকে যাতে টিকট লাভ কৰে, সেয়া নিশ্চিত কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ লৈছে ৰেলৱেই

ভাৰতীয় ৰেলৱেই কয় যে পুৱা এই দুঘণ্টা সময়ত জনপ্ৰিয় ৰে’লত আসনৰ চাহিদা অধিক হয় বহুলোকে প্ৰায়ে একাধিক একাউণ্ট ব্যৱহাৰ কৰি বা স্বয়ংক্ৰিয় চফ্টৱেৰ ব্যৱহাৰ কৰি টিকট বুকিঙত প্ৰৱঞ্চনাৰ আশ্ৰয় লয়এনে সমস্যাক প্ৰতিৰোধ কৰিবলৈ IRCTCয়ে এই সময়সীমাসমূহ আধাৰ ভেৰিফাইড ব্যৱহাৰকাৰীৰ মাজত সীমাবদ্ধ কৰি ৰাখিছে।

যিসকল লোকে আধাৰ লিংক কৰা নাই, তেওঁলোকে পুৱা ৮ বজাৰ পৰা ১০ বজাৰ বাহিৰে যিকোনো সময়তে টিকট বুকিং কৰিব পাৰিব। ৰেলৱেৰ এই নিয়ম যোৱা ২৮ অক্টোবৰৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ পূৰ্বে ৰেলৱেই তৎকাল টিকট বুকিঙৰ বাবে আধাৰ বাধ্যতামূলক কৰিছিল। যোৱা ১ জুলাইৰ পৰা তৎকাল টিকটৰ বাবে আধাৰ বাধ্যতামূলক হৈ পৰিছে।

ইফালে বিগত ১৫ জুলাইৰ পৰা টিকট বুকিঙৰ বাবে অ’টিপি ভিত্তিক আধাৰ পৰীক্ষণ সংযোজন কৰা হৈছে অনলাইন বা অফলাইন সকলো প্ৰক্ৰিয়াৰ টিকট বুকিঙৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হৈছে এইদৰে ৰেলৱেই জালিয়াতি ৰোধৰ ক্ষেত্ৰত নানা ব্যৱস্থা হাতত লৈছে।

আধাৰ কিদৰে ভেৰিফাই কৰিব

যিসকলে এতিয়াও আধাৰ ভেৰিফাই কৰা নাই তেওঁলোকে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ভেৰিফাই কৰিব পাৰিব। চাওক এই প্ৰক্ৰিয়া

প্ৰথমে http://www.irctc.co.in চাওক আৰু লগ ইন কৰক।

My Profile লৈ যাওক আৰু User Verification বিকল্পত ক্লিক কৰক।

আপোনাৰ আধাৰ নম্বৰ বা ভাৰ্চুৱেল আইডি দিয়ক, আপোনাৰ বিৱৰণ পৰীক্ষা কৰক, আৰু Verify Details ক্লিক কৰক।

আপোনাৰ আধাৰ সংযুক্ত মোবাইল নম্বৰত এটা OTP প্ৰেৰণ কৰা হ’ব; এই OTP চাবমিট কৰক

ভেৰিফিকেচন সম্পূৰ্ণ হ’লে পুৱা ৮ৰ পৰা ১০ বজাৰ লগতে যিকোনো সময়তে টিকট বুকিং কৰিব পাৰিব।

এই নতুন নিয়ম কেৱল অনলাইন টিকট বুকিঙৰ ক্ষেত্ৰতহে প্ৰযোজ্য। PRS কাউণ্টাৰত টিকটৰ পদ্ধতিৰ কোনো সালসলনি কৰা হোৱা নাই। পুৱা টিকট বুকিং কৰাসকলে এতিয়া প্ৰথমে আধাৰ ভেৰিফিকেচন সম্পূৰ্ণ কৰিব লাগিব। ৰেলৱেই টিকট বুকিং প্ৰক্ৰিয়া অধিক সুৰক্ষিত, স্বচ্ছ আৰু যাত্ৰীসকলৰ বাবে সুবিধাজনক কৰি তোলাৰ প্ৰচেষ্টাত এই পৰিৱৰ্তন কৰিছে।

তুলসীৰ ওচৰত কেতিয়াও ৰোপণ নকৰিব এইসমূহ উদ্ভিদ, অন্যথা জীৱনত পৰিব পাৰে কুপ্ৰভাৱ
ভাতৰ লগত পানী খোৱাটো ভাল নে বেয়া? স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কি? জানক
চকুৰ দৃষ্টি শক্তি বঢ়োৱাত উপকাৰী মাছ, জানক মাছৰ উপকাৰী গুণ
হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে ধনিয়া পাতে, জানক কি কি উপকাৰীতা আছে ধনিয়া...