মাত্ৰ ২০০ টকাৰ জৰিয়তে হ’ব পাৰিব ২৫ লাখ টকাৰ অধিকাৰী! যাদু নহয়, হাততে আছে উপায়
বৰ্তমানৰ পৰিস্থিতিত বিনিয়োগ আৰু সম্পদ সৃষ্টিৰ বাবে লাখ লাখ টকাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ অনুশাসন তথা শৃংখলাবদ্ধতাৰ। দৈনিক মাত্ৰ ২০০ টকা সঞ্চয় কৰিয়েই আপুনি হ’ব পাৰে ২৫ লাখ টকাৰ গৰাকী! পিছে কিদৰে সম্ভৱ এয়া!

প্ৰতিনিধিত্বমূলক ছবি
বিনিয়োগ কৰিবলৈ বহুত টকাৰ প্ৰয়োজন বুলি ভাবি আপুনি এই ক্ষেত্ৰত আগনবঢ়াকৈ আছে নেকি? যদি তেনেদৰে ভাবিছে, তেতিয়াহ’লে আপুনি ভুল কৰিছে। বৰ্তমানৰ পৰিস্থিতিত বিনিয়োগ আৰু সম্পদ সৃষ্টিৰ বাবে লাখ লাখ টকাৰ প্ৰয়োজন নাই। প্ৰয়োজন মাথোঁ অনুশাসন তথা শৃংখলাবদ্ধতাৰ। দৈনিক মাত্ৰ ২০০ টকা সঞ্চয় কৰিয়েই আপুনি হ’ব পাৰে ২৫ লাখ টকাৰ গৰাকী! এনে কথাই আপোনাক আচৰিত কৰি তুলিব পাৰে, কিন্তু ‘ডেইলি এছ আই পি’ (Daily SIP)- এ আপোনাৰ এই স্বপ্ন পূৰ কৰিব পাৰে।
বৰ্তমান বহুতো মিউচুৱেল ফাণ্ড হাউছে দিনে মাত্ৰ ১০০ টকাৰ পৰাই বিনিয়োগৰ সুবিধা প্ৰদান কৰে। বিশেষকৈ ফ্ৰীলাঞ্চাৰ, ক্ষুদ্ৰ ব্যৱসায়ী বা যিসকলৰ মাহিলী দৰমহা কম, তেওঁলোকৰ বাবে এই পদ্ধতি অতি লাভজনক। এই দৈনিক এছআইপিৰ জৰিয়তে অলপ অলপকৈ সঞ্চয় কৰাটো আপোনাৰ জীৱনৰ বাবে হ’ব পাৰে এক দীৰ্ঘম্যাদী যাদু।
দৈনিক ২০০ টকা সঞ্চয় কৰা মানে মাহেকত প্ৰায় ৬,০০০ টকা সাঁচি থোৱা। এই ধনৰাশি যদি আপুনি একেৰাহে ১৪ বছৰ ধৰি বিনিয়োগ কৰে আৰু বছৰি গড়ে ১২ শতাংশ ৰিটাৰ্ণ পায়, তেতিয়া আপোনাৰ মুঠ বিনিয়োগ হ’ব ১০ লক্ষ ৮ হাজাৰ টকা। লক্ষণীয়ভাৱে এই বিনিয়োগৰ ওপৰত আপুনি আনুমানিক ১৬ লাখ ১০ হাজাৰ টকা লাভ লাভ কৰিব আৰু ১৪ বছৰৰ অন্তত আপোনাৰ হাতত জমা হ’ব প্ৰায় ২৬ লাখ ১৮ হাজাৰ টকা।
এই Daily SIP-ৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ‘ৰূপী ক’ষ্ট এভাৰেজিং’। যেতিয়া শ্বেয়াৰ বজাৰ তললৈ নামে, তেতিয়া আপুনি একেখিনি টকাৰে অধিক ইউনিট কিনিব পাৰে আৰু বজাৰ উঠিলে তাৰ সুফল লাভ কৰে। ইয়াৰ লগতে যোগ হয় ‘পাৱাৰ অফ কম্পাউণ্ডিং’ বা সুতৰ ওপৰত সুতৰ যাদু।
মনত ৰাখিব যে ধনী হ’বলৈ সদায় বৃহৎ পৰিমাণৰ বিনিয়োগৰ প্ৰয়োজন নাই, বৰঞ্চ সৰু বিনিয়োগক ধাৰাবাহিকতাৰে ডাঙৰ কৰি তোলাটোৱেই আচল বুদ্ধিমত্তা। মুদ্ৰাস্ফীতিৰ কথা মনত ৰাখি আজিয়েই লক্ষ্য স্থিৰ কৰি আগবাঢ়িলে আপোনাৰ সামান্য ২০০ টকা ভৱিষ্যতৰ এক বিশাল পুঁজিত পৰিণত হ’ব।
বিশেষ দ্ৰষ্টব্যঃ যিকোনো বিনিয়োগৰ ক্ষেত্ৰতে বজাৰৰ বজাৰৰ বিপদাশংকা থাকে। গতিকে প্ৰথমে বিনিয়োগৰ সকলো নথি-পত্ৰ ভালদৰে পঢ়ি লোৱা বা বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম।