এফালে শুল্ক, আনফালে গ্ৰীণলেণ্ড! ট্ৰাম্পক প্ৰতিহত কৰিবলৈ ভাৰতৰ হাতলৈ নতুন অস্ত্ৰ…
India-EU Free Trade Deal: শুল্কক অস্ত্ৰ হিচাপে ট্ৰাম্পৰ হেঁচা প্ৰতিহত কৰিবলৈ ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্যৰ পথ প্ৰশস্ত কৰিলে নতুন দিল্লীয়ে। ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তিৰ আলোচনা ২০০৭ চনৰ পৰা আৰম্ভ হৈছিল।সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ক্ষমতা আছিল। ১৮ টা দীঘলীয়া সয়মৰ অন্তত সেই আলোচনাবোৰ এতিয়া সফল হোৱাৰ দিশত ৷

ভাৰত-ইউৰোপৰ মাজত চুক্তি স্বাক্ষৰৰ সম্ভাৱনা
গণৰাজ্য দিৱস উপলক্ষে ভাৰতত উপস্থিত হৈছিল ইউৰোপীয় অতিথি। সেই আধাৰতেই অনুষ্ঠিত হৈছিল এখন গুৰুত্বপূৰ্ণ বৈঠক। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউৰোপীয় আয়োগৰ অধ্যক্ষ উৰ্চুলা ভন ডাৰ লেয়েন আৰু ইউৰোপীয় পৰিষদৰ অধ্যক্ষ এণ্টনিঅ’ কষ্টাক সাক্ষাৎ কৰে। সেই বৈঠকত ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্যৰ ওপৰত আলোচনা কৰা হয়। যাৰ মূল কথাটো হ’ল সকলো পক্ষই আশাবাদী। এই বৈঠক ফলপ্ৰসূ বুলি কয় ভাৰতীয় বাণিজ্য সম্পাদক ৰাজেশ আগৰৱালাই।
শুল্কক অস্ত্ৰ হিচাপে ট্ৰাম্পৰ হেঁচা প্ৰতিহত কৰিবলৈ ইউৰোপীয় সংঘৰ সৈতে মুক্ত বাণিজ্যৰ পথ প্ৰশস্ত কৰিলে নতুন দিল্লীয়ে। ইউৰোপীয় সংঘৰ সৈতে ভাৰতৰ বাণিজ্য চুক্তিৰ আলোচনা ২০০৭ চনৰ পৰা আৰম্ভ হৈছিল।সেই সময়ত কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ ক্ষমতা আছিল। ১৮ টা দীঘলীয়া সয়মৰ অন্তত সেই আলোচনাবোৰ এতিয়া সফল হোৱাৰ দিশত ৷
কিন্তু এই প্ৰেক্ষাপটত ক’ব লাগিব যে দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পে ক্ষমতালৈ ঘূৰি অহাৰ ফলত এই ফলাফলৰ বাট বহু পৰিমাণে প্ৰশস্ত হৈছে। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে গ্রীনলেণ্ড বিষয়ত ইউৰোপীয় সংঘৰ দেশসমূহক সকীয়াই দি আহিছে৷ জ্ঞাত সূত্ৰৰ মতে, এই হেঁচা পৰিবেশত ইউৰোপীয় সংঘ ভাৰতৰ প্ৰতি অধিক প্ৰৱল হৈ পৰিছে।
সোমবাৰে ভাৰতৰ বাণিজ্য সচিবে কয় যে ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভত বুজাবুজি চূড়ান্ত কৰা হৈছে। মঙলবাৰে এই চুক্তি ঘোষণা হ’ব পাৰে। এতিয়া প্ৰশ্ন হয়, বহু প্ৰত্যাশিত চুক্তি স্বাক্ষৰিত হ’লে নতুন দিল্লীৰ কি লাভ হ’ব? ভাৰতে কিমান অগ্ৰগতি লাভ কৰিব? বিশেষজ্ঞসকলৰ মতে, এই মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক অতিৰিক্ত অক্সিজেন প্ৰদান কৰিব।
ইয়াৰ ফলত ইউৰোপৰ SAFE প্ৰকল্পৰ অংশ হ’ব ভাৰত। যাৰ বাবে নতুন দিল্লীয়ে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰৰ সৈতে প্ৰতিৰক্ষা বাণিজ্যত অংশগ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও কৰ্মী বিনিময় বৃদ্ধি পাব। বাণিজ্যিক ক্ষেত্ৰতো বৃদ্ধি পাব লাভ।