অৱসৰৰ পূৰ্বে PF একাউণ্টৰ পৰা কিমানবাৰ ধন উলিয়াব পাৰি, এই নিয়ম জানেনে?
EPFO: কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ প্ৰভিডেণ্ট ফাণ্ডত (PF) জমা হয়। অৱসৰৰ পিছত সেই ধন উলিয়াব পাৰি। কিন্তু অৱসৰৰ পূৰ্বেও গ্ৰাহকে PF একাউণ্টৰ পৰা ধন উলিয়াব পাৰে। সেই ধন কিমানবাৰ উলিয়াব পাৰি?

Epfo
আমি কেৱল আজিৰ কথা ভাবিলেই নহ’ব, ভৱিষ্যতৰ কথা ভবাটোও আৱশ্যক ৷ কেৱল উপাৰ্জন কৰিলেই নহ’ব, টকা সঞ্চয়ো কৰিব লাগিব। কৰ্মচাৰীৰ দৰমহাৰ এটা অংশ প্ৰভিডেণ্ট ফাণ্ডত (PF) জমা হয়। অৱসৰৰ পিছত সেই ধন উলিয়াব পাৰি। কিন্তু অৱসৰৰ পূৰ্বেও গ্ৰাহকে PF একাউণ্টৰ পৰা ধন উলিয়াব পাৰে। সেই ধন কিমানবাৰ উলিয়াব পাৰি? কি কি কাৰণত আপুনি প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ধন উলিয়াব পাৰে? জানো আহক…
কাম কৰি থকা সময়টো এই ধন উলিয়াব পাৰিব। ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সীমা নাই। অৰ্থাৎ প্ৰভিডেণ্ট ফাণ্ডৰ পৰা কিমানবাৰ টকা উলিয়াব পাৰিব তাৰ কোনো উচ্চ সীমা নাই। কিন্তু পি এফ একাউণ্টৰ পৰা কেতিয়াও সম্পূৰ্ণ ধন উলিয়াব নোৱাৰি। আকৌ যদি কোনোবাই ৫ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ আগতে পি এফ ৰ পৰা বৃহৎ পৰিমাণৰ ধন উলিয়ায় তেন্তে টিডিএছ কৰ্তন কৰা হয়।
কি কি কাৰণত আপুনি পি এফৰ পৰা ধন উলিয়াব পাৰে?
জৰুৰীকালীন চিকিৎসা –
যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই অসুস্থ হৈ পৰে তেন্তে ছমাহৰ দৰমহা বা আপোনাৰ PF বৰঙণি (যিমান কম হয়) উলিয়াব পাৰে। ইয়াৰ বাবে কোনো নিৰ্দিষ্ট সময় নাই।
ঘৰ নিৰ্মাণ বা কিনাৰ বাবে-
যদি আপুনি ৫ বছৰ ধৰি কাম কৰি আছে তেন্তে ঘৰ সাজিবলৈ বা কিনিবলৈ টকা উলিয়াব পাৰে। ৩৬ মাহৰ মৌলিক দৰমহা আৰু ডিয়াৰনেছ ভাট্টা উলিয়াব পাৰিব। বা কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ সুতকে ধৰি জমা কৰা মুঠ ধনৰাশি বা ঘৰৰ দামৰ সমান ধন উলিয়াব পাৰিব। অৱশ্যে ঘৰ নিৰ্মাণৰ বাবে এবাৰহে টকা উলিয়াব পাৰিব।
হোম লোন পৰিশোধ কৰাৰ বাবে-
যদি আপোনাৰ ঘৰৰ ঋণ আছে আৰু সেই ঋণ পৰিশোধ কৰিব বিচাৰে, তেন্তে আপুনি আপোনাৰ ইপিএফ একাউণ্টত জমা কৰা ধনৰ ৯০ শতাংশ উলিয়াব পাৰিব। কিন্তু ১০ বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পিছতহে এই ধন উলিয়াব পাৰিব।
বিয়াৰ খৰচ-
যদি আপুনি বা আপোনাৰ পৰিয়ালৰ কোনোবাই বিয়া পাতিছে (পুত্ৰ, কন্যা, ভাতৃ, ভগ্নী), তেন্তে আপুনি পি এফৰ পৰা ধন উলিয়াব পাৰিব। তেতিয়া আপোনাৰ পি এফ একাউণ্টত জমা ধনৰ ৫০ শতাংশ পৰ্যন্ত উলিয়াব পাৰিব। তিনিবাৰকৈ বিয়াৰ বাবে ধন উলিয়াব পাৰি।