ইৰাণ-ইজৰাইলৰ সংঘাতৰ প্ৰভাৱ পৰিব পাৰে আপোনাৰ পাকঘৰত, ৰন্ধন গেছৰ চিলিণ্ডাৰ মহঙা হোৱাৰ সম্ভাৱনা

আগন্তুক সময়ত দেশত বৃদ্ধি পাব পাৰে এল পি জি চিলিণ্ডাৰৰ মূল্য। মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধিৰ প্ৰভাৱ চিলিণ্ডাৰৰ হাৰৰ ওপৰত দেখা যাব পাৰে। কাৰণ দেশৰ প্ৰতি ৩ টা এল পি জি চিলিণ্ডাৰৰ ভিতৰত ২ টা পশ্চিম এছিয়াৰ পৰা আহে।

ইৰাণ-ইজৰাইলৰ সংঘাতৰ প্ৰভাৱ পৰিব পাৰে আপোনাৰ পাকঘৰত, ৰন্ধন গেছৰ চিলিণ্ডাৰ মহঙা হোৱাৰ সম্ভাৱনা

চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ সম্ভাৱনা

Published: 

23 Jun 2025 11:21 AM

ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ প্ৰভাৱ পৰিব পাৰে আপোনাৰ পাকঘৰত। আগন্তুক সময়ত দেশত বৃদ্ধি পাব পাৰে এল পি জি চিলিণ্ডাৰৰ মূল্য। মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধিৰ প্ৰভাৱ চিলিণ্ডাৰৰ হাৰৰ ওপৰত দেখা যাব পাৰে। কাৰণ দেশৰ প্ৰতি ৩ টা এল পি জি চিলিণ্ডাৰৰ ভিতৰত ২ টা পশ্চিম এছিয়াৰ পৰা আহে।

ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি ইৰাণৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ আক্ৰমণে বিশ্বৰ সৰ্ববৃহৎ তেল উৎপাদনকাৰী অঞ্চল পশ্চিম এছিয়াৰ পৰা ইন্ধন যোগানত ব্যাঘাত জন্মোৱাৰ আশংকা সৃষ্টি কৰিছে। যোৱা ১০ বছৰত ভাৰতত এল পি জিৰ ব্যৱহাৰ দুগুণতকৈও অধিক হৈছে, এতিয়া এল পি জি ৩৩ কোটি ঘৰত উপনীত হৈছে। এল পি জিৰ প্ৰচাৰ কৰা চৰকাৰী আঁচনিৰ বাবেই এনে হৈছিল।

কিন্তু ইয়াৰ ফলত ভাৰতৰ আমদানি নিৰ্ভৰশীলতাও বৃদ্ধি পাইছে। প্ৰায় ৬৬% এল পি জি বিদেশৰ পৰা আমদানি হয়, ইয়াৰে ৯৫% পশ্চিম এছিয়াৰ দেশ যেনে চৌদি আৰব, ইউ এ ই আৰু কাটাৰৰ পৰা আহে। পেট্ৰলিয়াম মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এল পি জি মজুতকৰণ মাত্ৰ ১৬ দিনৰ ব্যৱহাৰৰ বাবেহে আমদানি টাৰ্মিনেল, শোধনাগাৰ আৰু বটলিং প্লাণ্টত আছে।

গেছ কিনাৰ আৰু প্ৰয়োজন নাই

অৱশ্যে পেট্ৰ’ল-ডিজেলৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি বহুত ভাল। ভাৰত এই দুয়োটাৰে নিকা ৰপ্তানিকাৰক, অৰ্থাৎ আমাৰ উৎপাদিত পেট্ৰ’লৰ ৪০% আৰু ডিজেলৰ ৩০% ৰপ্তানি হয়। প্ৰয়োজন হ’লে এই ৰপ্তানিৰ পৰিমাণ ঘৰুৱা বজাৰলৈ ওভতাব কৰিব পাৰি। শোধনাগাৰ, পাইপলাইন, জাহাজ আৰু নেশ্যনেল ষ্ট্ৰেটেজিক পেট্ৰলিয়াম ৰিজাৰ্ভ (এছ পি আৰ)ত খাৰুৱা তেল ২৫ দিনৰ বাবে মজুত আছে। ইজৰাইল-ইৰাণৰ উত্তেজনাৰ মাজতে শোধনাগাৰবোৰ আতংকিত হোৱা নাছিল, কিয়নো তেওঁলোকে অনুভৱ কৰে যে যোগানত ব্যাঘাত জন্মাৰ আশংকা কম।

সাৱধান হোৱাৰ প্ৰয়োজন

ইকনমিক টাইমছে এজন কাৰ্যবাহীৰ উদ্ধৃতি দি কয় যে এতিয়াই অৰ্ডাৰ দিলেও অহা মাহত বা তাৰ পিছত ডেলিভাৰী আহিব। অতিৰিক্ত সংৰক্ষণৰ বাবেও আমাৰ ক্ষমতা কম। যেতিয়া বিঘিনিৰ আশংকা কম হয়, তেতিয়া অধিক ক্ৰয় কৰি ৰাখি লাভ নাই। ঘৰুৱা গ্ৰাহকক সতৰ্ক হোৱা আৰু সুৰক্ষা দিয়াটো জৰুৰী।

তেলৰ মূল্যবৃদ্ধিয়ে হ্ৰস্বম্যাদীভাৱে শোধনাগাৰৰ মাৰ্জিনত প্ৰভাৱ পেলাব পাৰে, কিন্তু পেট্ৰ’ল-ডিজেলৰ খুচুৰা মূল্যত পৰিৱৰ্তন হোৱাৰ আশা নাই। চৰকাৰী তেল বিপণন কোম্পানীসমূহে যোৱা ৩ বছৰ ধৰি পাম্পৰ মূল্য নিৰ্দিষ্ট কৰি ৰাখিছে আৰু বিশ্বৰ বজাৰত উঠা-নমা হোৱাৰ পিছতো তেনে কৰিব।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক