EPFO Balance: মাত্ৰ এটা মেছেজ প্ৰেৰণ কৰি PF ৰ জমা ধন পৰীক্ষা কৰক…

মিছড কল বা মেছেজ প্ৰেৰণ কৰি আপুনি আপোনাৰ PF একাউণ্টত জমা থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিব পাৰে । গতিকে এই প্ৰতিবেদনৰ জৰিয়তে সবিশেষ জানক ।

EPFO Balance: মাত্ৰ এটা মেছেজ প্ৰেৰণ কৰি PF ৰ জমা ধন পৰীক্ষা কৰক...

EPFO

Published: 

02 Jun 2025 15:20 PM

প্ৰভিডেণ্ট ফাণ্ডৰ ওপৰত নিৰ্ভৰ কৰে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত আৰ্থিক পৰিকল্পনা। এই কথাৰ ওপৰত গুৰুত্ব দি চৰকাৰে প্ৰভিডেণ্ট ফাণ্ডত (Provident Fund) কেইবাটাও সময়োপযোগী পৰিৱৰ্তন কৰিছে । তেনে এটা সুবিধা হ’ল- মিছড কল বা মেছেজৰ জৰিয়তে PF ৰ জমা ধনৰ তথ্য লাভ কৰাৰ সুবিধা ।

EPFO ৰ সদস্যসকলৰ বহুতে তেওঁলোকৰ PF একাউণ্টত কিমান টকা জমা হৈছে সেই কথা নাজানে । যাৰ বাবে তেওঁলোকে ফোনত এপ ডাউনলোড কৰি ইউনিভাৰ্চেল একাউণ্ট নম্বৰ বা UAN ত ৰেজিষ্টাৰ কৰি তাৰ পিছত জমা ধন পৰীক্ষা কৰিবলগীয়া হয় । আৰু এই প্ৰক্ৰিয়াটো অলপ জটিল। ফলত সাধাৰণ স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই পদ্ধতি ব্যৱহাৰ কৰি নিজৰ একাউণ্টৰ জমা ধন পৰীক্ষা কৰিব নোৱাৰে। এনে ক্ষেত্ৰত কৰ্মচাৰীৰ সুবিধা হোৱাকৈ EPFO য়ে প্ৰৱৰ্তন কৰিছে এই নতুন সুবিধা ।

PF একাউণ্টত কিমান টকা জমা আছে কেনেকৈ জানিব ?

PF একাউণ্ট জমা ধন পৰীক্ষা কৰিবলৈ প্ৰথমে PF ত পঞ্জীয়ন কৰা মোবাইল নম্বৰৰ পৰা ৯৯৬৬০৪৪৪২৫ নম্বৰত মিছড কল দিব লাগিব। কেইছেকেণ্ডমান পিছত মোবাইললৈ মেছেজ আহিব। আৰু তাতেই PF বেলেঞ্চৰ সৈতে জড়িত সকলো তথ্য উপলব্ধ হ’ব। আৰু এই মিছড কলৰ বাবে কোনো ধৰণৰ চাৰ্জ নাথাকে।

তদুপৰি আপুনি টেক্সট মেছেজ প্ৰেৰণ কৰি PF একাউণ্টত জমা থকা ধনৰ পৰিমাণ পৰীক্ষা কৰিব পাৰে। ইয়াৰ বাবে পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ পৰা ৭৩৮২৯৯৮৯৯ লৈ মেছেজ পঠাব লাগিব। মেছেজত EPFOHO{space}UAN{space}ENG লিখি প্ৰেৰণ কৰক । ইয়াৰ পাছত আপোনাৰ পি এফ একাউণ্টৰ লগত জড়িত সকলো তথ্য মেছেজৰ জৰিয়তে লাভ কৰিব ।

অৱসৰ ল’লে নেকি অক্ষৰ পেটেলে? ভাইৰেল ভিডিঅ’ই লগাইছে চাঞ্চল্য
কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে পুৱা আৰু দুপৰীয়াৰ আহাৰত কি কি খাদ্য খাইছিল, জানেনে?
প্ৰস্ৰাৱ কৰিলে অধিক ফেন উঠে নেকি? জানক ই কি বেমাৰৰ লক্ষণ...
ভিটামিন E ৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...