Amul Price Cut: গাখীৰৰ পৰা আইচক্ৰীমলৈ, ৭০০ বিধ সামগ্ৰীৰ দাম হ্ৰাস, জানক নতুন মূল্য
Amul Price Cut: পূজাৰ পূৰ্বে গ্ৰাহকৰ বাবে ভাল খবৰ। কিয়নো গাখীৰ, পনিৰ, চকলেট আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ মূল্য হ্ৰাস পালে। এই সিদ্ধান্তই এতিয়া গ্ৰাহকক যথেষ্ঠ সকাহ দিব বুলি আশা কৰা হৈছে।

আমুল
দুৰ্গা পূজাৰ পূৰ্বে ভাল খবৰ। কিয়নো হ্ৰাস পালে গাখীৰৰ লগতে বিভিন্ন সামগ্ৰীৰ মূল্য। শেহতীয়াকৈ আমুলে প্ৰায় ৭০০ বিধ সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত লয়। জি এছ টি শ্লেবৰ পৰিবৰ্তনৰ পাছত আমুলৰ প্ৰডাক্টৰ এই মূল্য হ্ৰাস পাইছে। আজি, ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব নতুন মূল্য। আমুলৰ এই সিদ্ধান্তই এতিয়া বহু গ্ৰাহকক লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।
আমুল ব্ৰেণ্ডৰ অধীনত দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচনে জি এছ টি শ্লেবৰ পৰিৱৰ্তনৰ পিছত ৭০০ৰো অধিক সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এনে ক্ষেত্ৰত আজিৰ পৰা ঘিউ, মাখন, গাখীৰ, দৈ, পনিৰ, আইচক্ৰীম, চকলেট,ফ্ৰজেন স্নেকছ আদিকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম হ্ৰাস পাব।
নতুন দাম-
সামগ্ৰী | ওজন | আগৰ দাম | নতুন দাম |
আমুল মাখন | ১০০ গ্ৰাম | ৬২ টকা | ৫৮ টকা |
আমুল ঘিউ | ১ লিটাৰ | ৬৫০ টকা | ৬১০ টকা |
আমুল প্ৰচেছড চীজ ব্লক | ১ কেজি | ৫৭৫ টকা | ৫৪৫ টকা |
পনিৰ | ২০০ গ্ৰাম | ৯৯ টকা | ৯৫ টকা |
আমুল সতেজ টোন গাখীৰ | ১ লিটাৰ | ৭৭ টকা | ৭৫ টকা |
আমুল গোল্ড গাখীৰ | ১ লিটাৰ | ৮৩ টকা | ৮০ টকা |
আমুল ডাৰ্ক চকলেট | ১৫০ গ্ৰাম | ২০০ টকা | ১৮০ টকা |
আমুল চোকো মিনিছ | ২৫০ গ্ৰাম | ৪৪০ টকা | ৪০০ টকা |
আমুল বাটাৰ কুকিজ | ২০০ গ্ৰাম | ৭৫ টকা | ৬৫ টকা |
আমুল চুগাৰফ্ৰী কুকিজ | ৪৫০ গ্ৰাম | ২৫০ টকা | ২২৫ টকা |
আমুল মিঠাই মেট | ৪০০ গ্ৰাম | ১৩০ টকা | ১২০ টকা |
আমুল ফ্ৰেঞ্চ ফ্ৰাই | ১.২৫ কেজি | ৪০৫ টকা | ৩৬৫ টকা |
আমুল ভেনিলা টাব | ১ লিটাৰ | ১৯৫ টকা | ১৩৫ টকা |
কুলফি পাঞ্জাবী | ৬০ মিলিলিটাৰ | ১৫ টকা | ১০ টকা |
ষ্ট্ৰবেৰী কাপ | ৫৫ মিলিলিটাৰ | ২০ টকা | ১০ টকা |
উল্লেখ্য যে, কেইদিন মান পূৰ্বে আল্ট্ৰা হাই টেম্পাৰেচাৰ গাখীৰক জি এছ টি মুক্ত কৰা হৈছিল। তাৰ পাছতে এতিয়া হ্ৰাস পাইছে বিভিন্ন সামগ্ৰীৰ মূল্য। যিয়ে সকাহ দিব মধ্যবিত্ত শ্ৰেণীৰ লোকক।
অন্য খবৰ পঢ়কঃ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা গাখীৰত নাথাকে GST, কিমান সস্তীয়া হ’ব জানক…