অত্যধিক মদ্যপান কৰি নামিছিল পানীত, পিন্ধা নাছিল লাইফ জেকেট: জুবিনৰ মৃত্যু সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য
১৪ জানুৱাৰীত ছিংগাপুৰৰ আদালতত জনোৱা মতে, ২০২৫ চনৰ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰছ দ্বীপৰ ওচৰত সাঁতুৰি থাকোঁতে ডুব যোৱাৰ সময়ত “অতিমাত্ৰা সুৰাসক্ত” অৱস্থাত আছিল জুবিন গাৰ্গ। সেই সময়ত লাইফ জেকেট পৰিধান কৰা নাছিল বুলিও জনাই এজন আৰক্ষী তদন্তকাৰী বিষয়াই।

Zubeen Garg
জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ আদালতত শুনানিৰ সময়ত চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। ১৪ জানুৱাৰীত কৰ’নাৰ্ছ ক’ৰ্টৰ শুনানিৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য উল্লেখ তদন্তকাৰী বিষয়াৰ। কৰ’নাৰ্ছ ক’ৰ্টত জনোৱা মতে, ২০২৫ চনৰ ছেপ্টেম্বৰত ছিংগাপুৰৰ লাজাৰছ দ্বীপৰ ওচৰত সাঁতুৰি থাকোঁতে ডুব যোৱাৰ সময়ত “অতিমাত্ৰা সুৰাসক্ত” অৱস্থাত আছিল জুবিন গাৰ্গ। সেই সময়ত লাইফ জেকেট পৰিধান কৰা নাছিল বুলিও জনাই এজন আৰক্ষী তদন্তকাৰীয়ে।
দ্য ষ্ট্ৰেইটছ টাইমছৰ মতে, কৰ’নাৰ্ছ ক’ৰ্টৰ তদন্তত সাক্ষ্য প্ৰদান কৰি আৰক্ষী ক’ষ্ট গাৰ্ডৰ সহকাৰী আৰক্ষী অধীক্ষক ডেভিদ লিমে কয় যে, ৫৩ বছৰীয়া জুবিন গাৰ্গ মদ্যপান কৰিছিল আৰু য়টৰ পৰা পানীত নমাৰ পূৰ্বে লাইফ জেকেট পিন্ধিবলৈ অস্বীকাৰ কৰিছিল।
ASP লিমৰ মতে, জুবিনৰ বন্ধুসকলে পানীত নমাৰ পিছত তেওঁক সাঁতুৰি য়টলৈ উভতি যাবলৈ বুজাবলৈ চেষ্টা কৰিছিল। কিন্তু সাঁতোৰৰ সময়ত জুবিন অচেতন হৈ পৰে আৰু ওপৰৰ ফালে ওপঙি থকা দেখা গৈছিল।
আদালতত এ এছ পি লিমে কয় যে, তেওঁক পুনৰ য়টত উঠাই অনা হৈছিল আৰু তেওঁৰ বন্ধুসকলে ভাল কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ পিছতে জুবিনক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত তেওঁক মৃত বুলি ঘোষণা কৰে। এতিয়া পানীত ডুব যোৱা বাবে জুবিনৰ মৃত্যু হোৱা বুলি কোৱা হৈছে ।
দেশখনত প্ৰৱাসী অসমীয়াই আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠান নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণৰ বাবে জুবিন গাৰ্গ ছিংগাপুৰত উপস্থিত হোৱা বুলি আদালতক অৱগত কৰা হয়। তদন্তত সাক্ষ্য দিয়া প্ৰথমজন সাক্ষী আছিল এ এছ পি লিম, য’ত সাধাৰণ লোকৰ লগতে জুবিন গাৰ্গৰ খুড়াকো উপস্থিত আছিল। তেওঁৰ মৃত্যুৰ কাৰণ হোৱা পৰিস্থিতিৰ পৰীক্ষা কৰাৰ বাবে অধিক তদন্ত অব্যাহত আছে।