কুঁৱীৰৰ জীয়েকৰ নাম ৰাখিলে মায়াবিনী, কাজিৰঙাৰ বুকুত উমলি ফুৰিব তাই

Zubeen Garg Mayabini: মায়াবিনীক চিৰযুগমীয়া কৰাৰ এক পদক্ষেপ ল'লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। নতুনকৈ জন্ম হোৱা এটি হাতী পোৱালিৰ নাম মায়াবিনী ৰখাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।

কুঁৱীৰৰ জীয়েকৰ নাম ৰাখিলে মায়াবিনী, কাজিৰঙাৰ বুকুত উমলি ফুৰিব তাই

কাজিৰঙাত হাতী পোৱালীৰ নাম ৰাখিলে মায়াবিনী

Updated On: 

06 Oct 2025 | 01:26 PM

এজন ব্যক্তিৰ গুৰুত্ব তেওঁৰ অবৰ্তমানতহে প্ৰকৃত ৰূপত অনুধাৱন কৰে মানুহে। জুবিন গাৰ্গৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয়। আচলতে জুবিন গাৰ্গ কোন আছিল, তেওঁৰ ক্ষেত্ৰত কৰণীয় কি আছিল এই সকলোবোৰ এতিয়াহে মানুহে বুজিবলৈ আৰম্ভ কৰিছে। জুবিন গাৰ্গে জীৱন্ত কালত কৈ যোৱাৰ দৰেই তেওঁৰ মৃত্যুৰ পিছতৰাজ্যজুৰি প্ৰতিধ্বনিত হ’ল তেওঁৰ অন্যতম জনপ্ৰিয় গীত ‘মায়াবিনী ৰাতিৰ বুকুত’। অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতো সেই গীতটিয়েই সমস্বৰে পৰিৱেশন কৰা হ’ল। জুবিন গাৰ্গৰ এই গীতটি যেন এতিয়া এক বেলাড অথবা প্ৰাৰ্থনালৈ পৰিণত হ’ল।

মায়াবিনী…দাগ ছবিখনৰ এটি সুন্দৰ গীত। দেশৰ আন প্ৰান্তৰ মানুহেও এতিয়া মায়াবিনী গীতটো ব্যাপকভাৱে চাৰ্চ কৰা দেখা গৈছে। তাৰ মাজতেই মায়াবিনীক চিৰযুগমীয়া কৰাৰ এক পদক্ষেপ ল’লে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। নতুনকৈ জন্ম হোৱা এটি হাতী পোৱালিৰ নাম মায়াবিনী ৰখাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই, তেওঁৰ গীতৰ নামেৰেই হাতী পোৱালিটোৰ নাম ৰখা হৈছে।

অসমৰ বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে কুঁৱৰী নামৰ হাতীজনীয়ে জন্ম দিয়ে এটি মাইকী হাতী পোৱালী। বনমন্ত্ৰীগৰাকীয়ে যোৱা ৪ অক্টোবৰত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয়, “বিশ্ব বন্যপ্ৰাণী দিৱসত হৃদয় জুৰুৱা খবৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ কুঁৱৰী নামৰ হাতীজনীয়ে এটি সুস্বাস্থ্যৱান মাইকী পোৱালী জন্ম দিছে। আমি পোৱালীটোৰ নাম মায়াবিনী ৰাখিছো। ই বনাঞ্চলত নতুন জীৱন, আশা আৰু সম্প্ৰীতিৰ এক চিহ্ন।”

অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত আকস্মিক বিয়োগ ঘটে। কিন্তু জুবিন গাৰ্গৰ এই মৃত্যুক মানি ল’ব পৰা নাই কোনেও। ইতিমধ্যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে এছ আই টি গঠন কৰি দিছে চৰকাৰে। লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন এজনীয়া তদন্ত সমিতিও গঠন কৰি দিছে।

জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সহশিল্পী অমৃতপ্ৰভা মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিছে এছ আই টিয়ে। এই সন্দৰ্ভত আন একাংশ লোককো জেৰা চলোৱা হৈছে। সমগ্ৰ অসমৰ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ উপযুক্ত ন্যায়ৰ দাবী তুলিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...