ক’ত হ’ব জুবিনৰ শেষকৃত্য ? স্থান নিশ্চিত কৰিলে প্ৰশাসনে…

জুবিন গাৰ্গৰ শেষকৃত্য ক'ত সম্পন্ন হ'ব সেইলৈ চৰ্চা অব্যাহত থকাৰ মাজতে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, সোণাপুৰত জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

কত হব জুবিনৰ শেষকৃত্য ? স্থান নিশ্চিত কৰিলে প্ৰশাসনে...

জুবিন গাৰ্গ

Updated On: 

21 Sep 2025 | 02:55 PM

বৰঝাৰ বিমান বন্দৰৰ পৰা শেষ যাত্ৰাত প্ৰাণৰ জুবিন। জুবিন গাৰ্গৰ শেষকৃত্য ক’ত সম্পন্ন হ’ব সেইলৈ চৰ্চা অব্যাহত থকাৰ মাজতে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰা গৈছে। প্ৰকাশিত খবৰ অনুসৰি, সোণাপুৰত জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইতিমধ্যে প্ৰশাসনে শেষকৃত্যৰ স্থান নিশ্চিত কৰা বুলি খবৰ প্ৰকাশ পাইছে।

সূত্ৰৰ খবৰ অনুসৰি,কুমাৰকুছিৰ হাতীমূৰাত সম্পন্ন হ’ব পাৰে জুবিনৰ শেষকৃত্য। পুৱা ভাগতে প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই সেই স্থান পৰিদৰ্শন কৰিছিল। ইয়াৰ পাছত সেই স্থান শেষকৃত্যৰ বাবে নিশ্চিত কৰা বুলি জানিব পৰা গৈছে। ইফালে, জুবিনৰ পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। সোণাপুৰত থকা উত্তৰ-পূব জনজাতীয় সংগ্ৰহালয়ৰ কাষতে জুবিনৰ শেষকৃত্য সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে।

ইফালে, প্ৰাণৰ জুবিন দাৰ শেষকৃত্যৰ বাবে সেই স্থানত প্ৰয়োজনীয় সকলো প্ৰস্তুতি চলোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এই ব্যৱস্থাৰ পৰ্যালোচনা কৰে, মুখ্য সচিবে ক্ষেত্ৰভিত্তিক প্ৰস্তুতিৰ তদাৰক কৰিছে বুলি জানিব পৰা গৈছে।

কিছু সময়ৰ পূৰ্বে মন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে, স্থান নিৰ্বাচনত কৰাত পৰিয়ালৰ লোকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব। চৰকাৰে কেৱল অপচন কেইটা পৰিয়ালক দিব। পৰিয়ালে যি সিদ্ধান্ত লয় বা যিটো স্থান নিৰ্বাচন কৰে, তাতে শেষকৃত্য সম্পন্ন হ’ব জুবিনৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...