Zubeen Garg Death Live Updates: সৰুসজাইত জুবিনক শ্ৰদ্ধাঞ্জলি অগণন গুণমুগ্ধৰ

Assamese Singer Zubeen Garg Death News Live Updates: আজি ভোগেশ্বৰ বৰুৱা কমপ্লেক্সত ৰখা হ’ব জুবিনৰ নশ্বৰ দেহ। আজিও অনুৰাগীয়ে জুবিনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া ২৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। সেয়ে ৰাজ্যিক শোক ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

Zubeen Garg Death Live Updates: সৰুসজাইত জুবিনক শ্ৰদ্ধাঞ্জলি অগণন গুণমুগ্ধৰ

জুবিন গাৰ্গ

Updated On: 

22 Sep 2025 09:10 AM

LIVE NEWS & UPDATES

  • 22 Sep 2025 09:10 AM (IST)

    শ্যামকানু-সিদ্ধাৰ্থৰ বিৰুদ্ধে ৫৪ খন এজাহাৰ

    জুবিনৰ মৃত্যুক লৈ ক্ষোভিত অনুৰাগী।  শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৫৪ খন এজাহাৰ দাখিল।

  • 22 Sep 2025 08:46 AM (IST)

    সৰুসজাইত আৱেগিক হৈ পৰিল বিপিন চাওদাং

    ‘জুবিন দাৰ মৃত্যু নাই, কেতিয়াও তেওঁৰ মৃত্যু নহয়। জুবিনদাক ভাগৰি যোৱা আমি কেতিয়াও দেখা নাই’। সদায় কাম কৰি আছিল। কিন্তু আজি অসমীয়া ৰাইজৰ ভাগৰুৱাইছে। সৰুসজাইত আৱেগিক হৈ পৰিল বিপিন চাওদাং।
  • 22 Sep 2025 08:12 AM (IST)

    ভাইৰেল হোৱা হোৱাটছএপ মেছেজক লৈ জুবিন ফেন ক্লাবৰ সম্পাদকৰ প্ৰতিক্ৰিয়া

    সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ভাইৰেল হোৱা হোৱাটছএপ মেছেজৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া জুবিন ফেন ক্লাবৰ সম্পাদক পিকু বৰগোহাঁইৰ। তেওঁ কয়, ‘কাইলৈ সকলো সংবাদ মাধ্যমৰ আগত ক’ম।’

  • 22 Sep 2025 07:47 AM (IST)

    গুৱাহাটীত কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত

    গুৱাহাটীত উপস্থিত হৈছে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছে পাপন। তেওঁ কয়, “জুবিনৰ আগৰে পৰাই অসমৰ ৰাইজে ভাল পায়। তেওঁক কিমান ভাল পায় সেয়া আমি কালি দেখিছো। মই কেতিয়াও জুবিন গাৰ্গ হ’ব নোৱাৰো।”

    Papon

     

  • 22 Sep 2025 07:16 AM (IST)

    ২৩ ছেপ্টেম্বৰত জুবিনৰ শেষকৃত্য

    সোণাপুৰৰ  কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। ২৩ ছেপ্টেম্বৰৰ দিনা তাতেই জুবিনৰ শেষকৃত্য কৰা হ’ব। নিশা সেই স্থান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।

  • 22 Sep 2025 07:05 AM (IST)

    সৰুসজাইত গুণমুগ্ধৰ ভিৰ

    সোমাবাৰে পুৱাৰে পৰা সৰুসজাইত অগণন গুণমুগ্ধৰ ভিৰ । প্ৰাণৰ শিল্পীলৈ লক্ষ লক্ষ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি।

আজি সৰুসজাইত জুবিন গাৰ্গৰ দ্বিতীয়টো দিন। ছিংগাপুৰৰ পৰা নিথৰ হৈ উভতিল সকলোৰে মৰমৰ জুবিন গাৰ্গ। ২১ ছেপ্টেম্বৰৰ পুৱা গুৱাহাটীত উপস্থিত হয় জুবিন গাৰ্গৰ পাৰ্থৱ শৰীৰ। তাৰ পাছতে জুবিনৰ মৃতদেহ প্ৰথমে কাহিলীপাৰাৰ বাসগৃহলৈ আৰু পাছত সৰুসজালৈ লৈ যোৱা হয়। ২৩ ছেপ্টেম্বৰৰ দিনা সোণাপুৰৰ  কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। ইয়াৰোপৰি জুবিনৰ ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ, য’ত তেওঁৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হ’ব।

খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!
মুখত বাৰে বাৰে ঘাঁ হৈ থাকে নেকি? ভুলতেও নকৰিব আওকান!
জুবিনে বান্দৰটোৰ নাম দিছিল মধুসূদন, বগলীৰ নাম উদাসীনী গাৰ্গী!