Zubeen Garg Last Interview: মৃত্যুয়েই সাগৰৰ শেষ! অৱশেষত আমাৰ মাজত থাকি গ’ল আবেগিক, ভাগৰুৱা আৰু নিসংগ জুবিন….

Zubeen Garg Last Interview: বৰ্তমান প্ৰায় সকলোৰে কাণত বাজি আছে জুবিন গাৰ্গৰ শেষৰটো সাক্ষাৎকাৰ। য'ত দেখা গৈছে এজন অন্য জুবিনক। যি জুবিন কেৱল ধেমেলীয়াই নহয়, যি জুবিন আবেগিক, ভাগৰুৱা আৰু নিসংগ।

Zubeen Garg Last Interview: মৃত্যুয়েই সাগৰৰ শেষ! অৱশেষত আমাৰ মাজত থাকি গল আবেগিক, ভাগৰুৱা আৰু নিসংগ জুবিন....

জুবিন গাৰ্গ

Updated On: 

26 Sep 2025 20:23 PM

ভগৱান কি? ভগৱানৰ কিবা সংজ্ঞা আছে জানো? যদি আছে, তেন্তে সেয়া মই নাজানো। কিন্তু মানুহ কিছুমানেই কেতিয়াবা ভগৱানৰ দৰে কাৰবাৰবোৰ নকৰে জানো! যেনেকৈ জুবিন গাৰ্গে কৰি থৈ গ’ল। সদায় উৎপতীয়া, বেচিজিল বুলি নিজকে উপস্থাপন কৰা মানুহজনে জীৱনৰ শেষৰটো সাক্ষাৎকাৰত যেন বহু কথাই কৈ গ’ল। আপুনি মই দেখি অহাৰ দৰে এই জুবিনজন আমাৰ চিনাকী নহয়। এই জুবিনজন আৱেগিক, ভাগৰুৱা আৰু অতি নিসংগ।

এটা শব্দ, এটা হুমুনিয়াহ এতিয়া সকলোৰে কাণত বাজি আছে। বিশিষ্ট লেখিকা ডঃ ৰীতা চৌধুৰীৰ লগত হেঁপাহৰ শিল্পী জুবিন গাৰ্গে দিয়া শেষৰটো সাক্ষাৎকাৰ হয়তো আজি বহুতে চাইছে। যিসকলে চাইছে সেইসকলে নিশ্চয় সেই কথাখিনিৰ পৰা আঁতৰি আহিব পৰা নাই। ডঃ ৰীতা চৌধুৰীৰ সাৱলীল প্ৰশ্ন আৰু জুবিন গাৰ্গৰ পৰিপক্ক, আৱেগপূৰ্ণ, গম্ভীৰ তথা একান্ত আৰু ধেমেলীয়া কথাবোৰে কাক খুন্দিয়াই যোৱা নাই! মৃত্যুৰ পূৰ্বে জুবিন গাৰ্গে যেন দি থৈ গৈছে আমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ।

এই সাক্ষাৎকাৰটোত ডঃ ৰীতা চৌধুৰীয়ে আৱিষ্কাৰ কৰি উলিয়াইছিল এজন বেলেগ জুবিনক। যি জুবিন গান গাই ভাগৰি পৰিছিল, যি জুবিনে সাগৰত সাঁতুৰিব বিচাৰিছিল, কিন্তু মৃত্যুৰ পাছত ব্ৰহ্মপুত্ৰত উটি যাব বিচাৰিছিল। ৰীতা চৌধুৰীয়ে নিজৰ প্ৰশ্নশৈলীৰে জুবিনৰ ভিতৰৰ জুবিনজনক বিচাৰি উলিওৱাৰ অপ্ৰাণ চেষ্টা চলাইছিল। জুবিনে যদিও মুকলিকৈ একো খুলি কোৱা নাছিল তথাপিও যেন তেওঁ কৈ গৈছিল সকলোবোৰ।

জুবিনে পাইছিল নেকি মৃত্যুৰ সম্ভেদ? পাইছিল নেকি কোনো ইংগিত? আচৰিত ধৰণে তেওঁ বাৰে বাৰে সাক্ষাৎকাৰটোত মৃত্যুৰ কথা কৈছিল, আচৰিতভাৱেই নিজৰ নিসংগ ৰূপটো দাঙি ধৰিছিল। ক’ৰবাত যেন তেওঁ ভয়ো খাইছিল। কিজানি এই নিসংগ জুবিনজনক ৰাইজে ধৰা পেলায়। তাৰ পাছতে জুবিনে ইন্টাৰভিউ শেষ বুলি বহাৰ পৰা উঠি আহিছিল।

কিয় জুবিনে এই সাক্ষাৎকাৰটোত সকলো কৈ গ’ল। সঁচাকৈ তেওঁ কোৱাৰ দৰে আজিলৈকে তেওঁৰ হিচাপৰ মানুহ বেছি লগ পোৱা নাই নেকি? ১ ঘন্টাৰ এই সাক্ষাৎকাৰটোত জুবিনে যেন নিজৰ সম্পূৰ্ণ জীৱন দাঙি ধৰিছে। তেওঁ কৈছে গছৰ প্ৰতি ভালপোৱাৰ কথা। তেওঁ কৈছে কেনেকৈ বাঘ পুহিছিল আৰু সেই বাঘটোৱে তেওঁৰ কান্ধত জিৰণি লৈছিল… এয়াই আছিল আমাৰ জুবিন।

জুবিনে কৈছিল তেওঁ নেপলিয়ান, আলেকজেণ্ডাৰৰ দৰে হ’ব বিচাৰে। ৰীতা চৌধুৰীয়ে সুধিছিল জীৱনত পোৱা দুখবোৰৰ পৰা তেওঁ ওলাই আহিব পাৰিছেনে। তেতিয়া তেওঁ কৈছিল, “মই ভাবো। মই কাকো পাট্টায়ে নিদিওঁ। আপুনি কল্পনা কৰিব নোৱাৰিব মই জীৱনত কি কি ভুগিছো। কেৱল মই পাট্টা দিয়া নাই।”

তাৰ পাছতো জুবিনে কিন্তু পুনৰ কৈছিল- “মই পুনৰ জনমত জুবিন গাৰ্গ হ’ব বিচাৰোঁ। মই এতিয়া যি পাইছো তাতকৈ বহু বেছি পাব বিচাৰোঁ। বহুত বেছি।”

জুবিনে এই সাক্ষাৎকাৰটোত বাৰে বাৰে সাগৰৰ কথা কৈছিল। তেওঁ কৈছিল সাগৰত কোনো মেপ নাথাকে। তেনেকৈ তেৱোঁ গৈ আছে। কোনো মেপ নোহোৱাকৈ!

ইয়াৰ পাছতে ৰীতা চৌধুৰীয়ে আৱিষ্কাৰ কৰিছিল অকলশৰীয়া জুবিনক। ৰীতা চৌধুৰীয়ে সুধিছিল, কোন মানুহ তোমাৰ লগত আছে, যালৈ চালে তোমাৰ কাষত আহে, বাট বিচাৰি পোৱা, তোমাৰ হাতত ধৰে বা আছোঁ বুলি কয়, জীৱনত তেনে আশ্ৰয় আছেনে? তেতিয়া জুবিনে কৈছিল- “I am a self made guy, মোৰ কোনো আশ্ৰয় নাই। মোৰ ঘৰো নাই। মোৰ ৫ টা ঘৰ আছে, কিন্তু মই ষ্টুডিঅ’ত শুই থাকোঁ। মোক নালাগে।”

জুবিনে কৈছিল, “প্ৰায় সকলো মানুহ অকলশৰীয়া। আপুনিও অকলশৰীয়া, ময়ো। কিন্তু মই শক্তিশালী। সেয়ে মই আলেকজেণ্ডাৰৰ দৰে হ’ব বিচাৰো।”

 

ইয়াৰ পাছতে জুবিনে কৈছিল আত্মাৰ কথা। বৌদ্ধৰ প্ৰতি তেওঁৰ বিশ্বাসৰ কথা। আত্মাত বিশ্বাস নকৰা জুবিনে কৈছিল, “এতিয়া কেৱল শৰীৰ আছে। মৃত্যুৰ পাছত আত্মা আছে। ইয়াত কেৱল হৃদয় আৰু মগজু আছে। হৃদয়ে শৰীৰ আৰু মগজুৱে পৃথিৱী চলায়।” জুবিনৰ আৱেগ জানিবৰ অপ্ৰাণ চেষ্টা কৰা ৰীতা চৌধুৰীক শেষত জুবিনে কৈছিল, ইয়াৰ বাবে তোমাক ২ বছৰ সময় লাগিব।

কিন্তু তাৰ পাছতে জুবিনে দিছিল বহু উত্তৰ। তেওঁ কৈছিল, তুমি যদি বেছিকৈ খাই থকা তুমি শকত হৈ যাবা। এয়া অভ্যাস, তুমি খাইয়ে থাকিবা। মই কম খাওঁ, মই খুৱাওঁ। ইয়াৰ দ্বাৰা এটা অনুমান কৰিব পাৰি যে, জুবিনে যেন জানিছিল সকলো, জানিছিল কোনে কি ধৰণে ব্যৱহাৰ কৰিছিল তেওঁক। কেৱল সেইবোৰক তেওঁ পাট্টা দিয়া নাছিল।

জুবিনে কৈছিল তেওঁ সাগৰৰ লগত খেলি ভাল পায়। ৰৈ ৰৈ বিনালে সাগৰতে আৰম্ভ হয় আৰু সাগৰতে শেষ হয়। জুবিনে কৈছিল, ৰৈ ৰৈ বিনালে গীতটোৱে তেওঁক প্ৰতিনিধিত্ব কৰে।

সাগৰক ভালপোৱা জুবিনে কৈছিল, “মই মৰিলে ব্ৰহ্মপুত্ৰত উটুৱাই দিলেই হ’ল। সাগৰত কাম নাই। গৈ থাকিলে হ’ল। তাত মৃত্যুৱেই শেষ। মই কেৱল সাঁতুৰি আছোঁ। জাহাজখন পোৱা নাই। ক’ৰবাত আছে। খালী সাগৰ কিমান দ মই নাচাওঁ। জাপ মাৰি দিওঁ।” 

জুবিনে কৈছিল, “মোক যন্ত্ৰ বনাই দিছে। মই যন্ত্ৰ নহয়। মানুহবোৰে মোক যন্ত্ৰ বনাই দিছে। মই তেনেকুৱা নাছিলোঁ। সেইবাবে মোৰ খং উঠে। যেতিয়া বুঢ়া হ’ম, তেতিয়া কেইটা আহে চাম। যুদ্ধত যেতিয়া মৰে লগত তিনিটা মানুহ থাকে। বাকীবোৰ পলাই যায়। হিৰো মৰি গ’লে ৩টা মান মানুহ উপাই নোহোৱা বাবে থাকে।”

ইমানেই নহয়, জুবিনে কৈছিল কেনেকৈ তেওঁৰ বাবে এগ্ৰিমেন্ট আছিল কেৱল এটা প্ৰতিশ্ৰুতি। যি প্ৰতিশ্ৰুতি তেওঁ তেওঁৰ মেনেজাৰক দিছিল। সেই প্ৰতিশ্ৰুতি আছিল- “তই আগত মৰিলে মই তোক জ্বলাম, মই আগতে মৰিলে তই মোক জ্বলাবি।” সেই অকলশৰীয়া জুবিনে অৱশ্যে জানিছিল অসমবাসীৰ তেওঁৰ প্ৰতি থকা মৰম-ভালপোৱাৰ কথা। সেয়ে হয়তো তেওঁ কৈছিল, “মই মৰিলে ৭ দিন অসম বন্ধ হ’ব।”

এয়াই আমাৰ অচিনাকী জুবিন। ইমান দিনে দেখি অহা জুবিনজন যেন আচলতে এখন মুখা মাত্ৰ। তাৰ আঁৰৰ মানুহজন যেন সদায় আঁৰতেই থাকি গ’ল। ওচৰত ইমান মানুহ থকাৰ পাছতো জুবিন আছিল নিসংগ, আশ্ৰয়হীন। জুবিনৰ গভীৰতা বুজি পোৱা টান, যেনেকৈ তেওঁ বুজি পোৱা নাছিল সাগৰৰ গভীৰতা।

 

অন্য খবৰ পঢ়কঃ  সকলো অনুৰাগীৰ হৈ জুবিন গাৰ্গৰ বাবে এটি বিশেষ লেখা…

ধন-সম্পত্তিৰে ভৰিব আপোনাৰ ঘৰ, মাথোঁ হনুমানক আগবঢ়াওক এই কেইবিধ সামগ্ৰী
উৎসৱৰ বতৰত এনেধৰণৰ গহনাই বঢ়াব আপোনাৰ সৌন্দৰ্য, অনুসৰণ কৰক ট্ৰেণ্ড
দৈনিক কণী খাই নেকি ? কোনটো অংশ বেছি পুষ্টিকৰ ? কুহুম নে বগা অংশ!
ফুলিব ভাগ্য ! দেৱী দুৰ্গাৰ আৰ্শীবাদ পাবলৈ পঞ্চমীৰ দিনটোত এই কাম কৰক