শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কাইলৈ সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পালন কৰিব লাগিব এই নিৰ্দেশনা…

সৰুসজাইত সংবাদমেল সম্বোধন কৰে মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক DCP-এ। সংবাদমেলত কোৱা মতে,  'বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হ'ব নশ্বৰদেহ'।  কাহিলিপাৰাৰ বাসগৃহলৈ অনুৰাগীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিযালৰ লোকসকল থাকিব বুলি উল্লেখ।

কাইলৈ সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পালন কৰিব লাগিব এই নিৰ্দেশনা…
জুবিন গাৰ্গ
trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2025 20:45 PM

অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰা স্মৃতি উপহাৰ দি চিৰদিনলৈ বিদায় মাগিলে জুবিনে। আজি দিশহাৰা হৈ পৰিছে জুবিনৰ অনুৰাগী। শেষ বাৰলৈ এবাৰ সকলোৰে মৰমৰ জুবিনক চাবলৈ অপেক্ষা কৰিছে সকলোৱে। আজি ছিংগাপুৰত সম্পন্ন হৈছে জুবিনৰ মৰণোত্তৰ পৰীক্ষা। ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় দূতাবাসৰ বিষয়াসকলৰ উপস্থিতিত সংগী দল শেখৰজ্যোতি গোস্বামী,সন্দীপন গাৰ্গ আৰুসিদ্ধাৰ্থ শৰ্মা (মেনেজাৰ)ৰ হাতত অৰ্পণ কৰা হয়।

জানিব পৰা মতে ছিংগাপুৰৰ পৰা ভাৰত অভিমুখে ৰাওনা হৈছে জুবিন গাৰ্গৰ নশ্বৰদেহ। এয়াৰ ইণ্ডিয়াৰ বিমান ৰাওনা দিল্লী অভিমুখে এয়াৰ বাছ A321-251NXত আহিছে জুবিন গাৰ্গৰ নশ্বৰদেহ। নিশা প্রায় ১২ বজাত দিল্লীত অৱতৰণ কৰিব বিমানখনে। তাৰ পিছতে দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব।

এই সন্দৰ্ভত সৰুসজাইত সংবাদমেল সম্বোধন কৰে মহানগৰ জিলা আয়ুক্ত আৰু ট্ৰেফিক DCP-এ। সংবাদমেলত কোৱা মতে,  বিমানবন্দৰৰ পৰা কাহিলিপাৰাৰ ঘৰলৈ অনা হ’ব নশ্বৰদেহ।  কাহিলিপাৰাৰ বাসগৃহলৈ অনুৰাগীসকলক নাযাবলৈ আহ্বান জিলা আয়ুক্তৰ। তাত জুবিনৰ সৈতে কেৱল পৰিয়ালৰ লোকসকল থাকিব বুলি উল্লেখ।

তাৰ পিছতে সৰুসজাইলৈ নিয়া হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ।  সৰুসজাইত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। সৰুসজাইত প্ৰৱেশ কৰিব নোৱাৰিব কোনো যান-বাহন। সকলো অনুৰাগীক আইন-শৃংখলা মানি চলিবলৈ আহ্বান। ‘ৰংমন ট্ৰেকত বাহনৰ পৰা নামিব পাৰিব। সকলো অনুৰাগী ১ নম্বৰ গেটেৰে প্ৰৱেশ কৰিব লাগিব।  1C ৰে জৰুৰীকালীন বাহনসমূহ যাব পাৰিব। ছাৰ্ভিচ ট্ৰেকত বাহনৰ চলাচল বন্ধ ৰখা হ’ব।  ‘লখৰা বিহুতলী, চাইকেল ট্রেক LNB পথত থাকিব পাৰ্কিঙৰ ব্যৱস্থা। খানাপাৰাত কেইবাটাও পার্কিঙৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰিও জনসাধাৰণৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় কাইলৈৰ বাবে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ নিৰ্ধাৰণ কৰা হৈছে।

আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। অসম আৰক্ষীৰ তৰফৰ পৰা ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰিছে। আৰক্ষী বিষয়াগৰাকীয়ে কৈছে যে,প্ৰকৃত জুবিন অনুৰাগীয়ে উদ্ভণ্ডালি নকৰে। একাংশই উদ্ভণ্ডালি কৰি পৰিৱেশ বিনষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে বিষয়াগৰাকীয়ে।

আৰক্ষীৰ আয়ুক্ত মহন্তই কয় যে, জুবিনক শ্ৰদ্ধা জনোৱাৰ নামত উদ্ভণ্ডালি কৰিবলৈ দিয়া নহ’ব। জুবিনৰ অনুৰাগী হিচাপে একাংশ দুৰ্বৃত্তই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। ইফালে, সন্ধিয়া ৯ বজাৰ পাছত কাহিলীপাৰাৰ জুবিনৰ বাসগৃহলৈ অনুৰাগীক নাযাবলৈ অনুৰোধ কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক: ভিতালী বা আজি ভীষণ ব্যস্ত, জোনবাইৰ দেশলৈ জুবিন আহিছে: অনুৰাগীৰ মনৰ কথাৰে…