শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া লৈ অপেক্ষা কৰি আছো, আমাক হিচাপ লাগিব: জিতেন দত্ত

 জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি সৰৱ হৈ পৰিল আলোচনা পন্থী আলফা নেতা জিতেন দত্ত। তেওঁ কয়,  "জুবিনদা নাই , এই কথা মানি ল'ব পৰা নাই। ভগৱানৰ দৰে জুবিনদাৰো মৃত্যু নাই। আমি অসুস্থ জুবিনদাৰ স্বাস্থ্যক লৈ সচেতন নহ'লো।জুবিন গাৰ্গক কোন বেপাৰীয়ে নিজৰ‌ ব্যৱসায় স্বাৰ্থত ব্যৱহাৰ কৰি হত্যা কৰিলে?"

জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া লৈ অপেক্ষা কৰি আছো, আমাক হিচাপ লাগিব: জিতেন দত্ত
Zubeen Garg's Death (3)
trishna-kalita
Trishna Kalita | Published: 20 Sep 2025 20:41 PM

সকলোকে কন্দুৱাই বিদেশৰ ভূমিৰ প্ৰাণত্যাগ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিনক। সকলোতে বাজিছে মায়াবিনি। ডিগবৈ নাজিৰাটিঙৰ ডিব্ৰু নৈৰ পাৰত অৱস্থিত  জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ লগতে আলোচনা পন্থী আলফা নেতা জিতেন দত্তৰ। জুবিনৰ অস্বাভাৱিক মৃত্যুক সন্দৰ্ভত জাঙুৰ খায় উঠিছে দুয়োজন।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি সৰৱ হৈ পৰিল আলোচনা পন্থী আলফা নেতা জিতেন দত্ত। তেওঁ কয়,  “জুবিনদা নাই , এই কথা মানি ল’ব পৰা নাই। ভগৱানৰ দৰে জুবিনদাৰো মৃত্যু নাই। আমি অসুস্থ জুবিনদাৰ স্বাস্থ্যক লৈ সচেতন নহ’লো।” তেওঁ পুনৰ কয়, “জুবিন গাৰ্গক কোন বেপাৰীয়ে নিজৰ‌ ব্যৱসায় স্বাৰ্থত ব্যৱহাৰ কৰি হত্যা কৰিলে? জুবিনক ছিংগাপুৰ লৈ নিয়াৰ পূৰ্বে চিকিৎসকৰ অনুমতি আয়োজন সমিতিয়ে লৈছিল নে? গৰিমা শইকীয়া গাৰ্গক কিয় ছিংগাপুৰলৈ আয়োজন সমিতিয়ে লৈ যোৱাৰ‌ ব্যৱস্থা কৰা নাছিল?

তেওঁ আকৌ কয়, আমি জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া লৈ অপেক্ষা কৰিছো। তাৰ হিচাপ আমাক লাগিব। জুবিনক একপ্ৰকাৰৰ হত্যা কৰা হ’ল। ইয়াৰ আঁৰত কোন ব্যক্তি জড়িত হৈ আছে? আমি মনে মনে নাথাকো।”  মুখ্যমন্ত্ৰীক উচিত তদন্ত কৰিবলৈ আহ্বান আলোচনা পন্থী আলফানেতাগৰাকীৰ।

ইফালে,  জুবিনৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৱেগিক হৈ পৰে  বিধায়ক সুৰেন ফুকন। তেওঁ কয়, যাৰ গানে আমাৰ জীয়াই থাকিবলৈ শিকাইছিল। এই মুহূৰ্তত তেওঁৰ বিষয়ে ক’বলৈ ভাষা নাই, শব্দ নাই। মোৰ অতি ঘনিষ্ঠ বন্ধু আছিল তেওঁ। ১৭-১৮ বছৰ ধৰি আমাৰ সম্পৰ্ক আছিল। তেওঁ জীয়াই থকা সময়তে ডিগবৈ নাজিৰাটিঙৰ ডিব্ৰু নৈৰ পাৰত প্ৰথমটো প্ৰতিমূৰ্তিত নিৰ্মাণ কৰিছিলো।

লগতে পঢ়ক: কাইলৈ সৰুসজাইত জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, পালন কৰিব লাগিব এই নিৰ্দেশনা…