“শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছোঁ সোনকালে”, ফেচবুকত দ্বিতীয়টো পোষ্ট শ্যামকানুৰ…
সামাজিক মাধ্যম ফেচবুকত দিয়া এটা পোষ্টত শ্যামকানুৱে লিখিছে, শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছো সোনকালে। ইতিমধ্যে পুলিচক জনাইছোঁ। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। SIT য়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম।

শ্যামকানু মহন্ত
বিশেষ তদন্তকাৰী দলে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। মুখ্যমন্ত্ৰীয়ে অলপতে অভিযুক্তই আত্মসমৰ্পণ নকৰিলে ধৰি আনিব লাগিব বুলি কোৱাৰ পাছতে পুনৰ সামাজিক মাধ্যমত দ্বিতীয়বাৰৰ বাবে মুখ খুলিছে শ্যামকানু মহন্তই। এইবাৰ অসমলৈ ওভতি অহাৰ কথা সদৰী কৰিছে শ্যামকানুৱে।
সামাজিক মাধ্যম ফেচবুকত দিয়া এটা পোষ্টত শ্যামকানুৱে লিখিছে,”শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছো সোনকালে। ইতিমধ্যে পুলিচক জনাইছোঁ। চৰকাৰ প্ৰশাসনক সম্পুৰ্ণ ৰূপে সহযোগিতা কৰিম। মোৰ লুকুৱাবলৈ একো নাই। SIT য়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম।”
“অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক,তন্ন তন্ন কৈ সকলো দিশ,সকলো কথা অনুসন্ধান হওক, ৰাইজৰ হিয়াৰ আমঠু,মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক, তাকে কামনা কৰিম।” এইদৰে লিখিছে শ্যামকানুৱে।
লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত: উপস্থিত আৰক্ষীৰ দল, MLAT ৰ আধাৰত ছিংগাপুৰক সহযোগিতাৰ প্ৰস্তাৱ অসম চৰকাৰৰ
উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যু সাধাৰণভাৱে ল’ব পৰা নাই অসমবাসীয়ে। যাৰ বাবে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা,নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে মুকলিকৈ প্ৰকাশ কৰিছে ক্ষোভ। প্ৰাণ শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰিছে অনুৰাগীয়ে।
ইফালে তদন্ত অব্যাহত ৰাখিছে SIT য়ে। ইয়াৰ অংশ হিচাপে শ্যামকানুৰ ঘৰত অভিযান চলাই গুৰুত্বপূৰ্ণ নথি-পত্ৰ জব্দ কৰিছে তদন্তকাৰী দলে। ইয়াৰ সমান্তৰালভাৱে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত নতুনকৈ গোচৰ ৰুজু কৰিছে CIDয়ে। CIDৰ SSP আছিফ মহম্মদে দাখিল কৰা এজাহাৰ ভিত্তিত ৰুজু কৰা হৈছে গোচৰ।
লগতে পঢ়ক: দুৰ্নীতিৰ মহানায়ক শ্যামকানু মহন্ত! বাসগৃহৰ পৰা উদ্ধাৰ বিত্তীয় কেলেংকাৰিৰ তথ্য, নতুন গোচৰ ৰুজু CIDৰ