জুবিনৰ মৃত্যুৰ তদন্ত কমিটীৰ পৰা আঁতৰিল মহিলা বিষয়াৰ নাম, সন্দীপন গাৰ্গৰ সৈতে আছিল….
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী গোটৰ পৰা আঁতৰোৱা হ'ল DSP পৰিমিতা সৰকাৰৰ নাম। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১০জনীয়া তদন্তকাৰী গোটৰ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰা তালিকাত আছে ৯জন বিষয়া। তালিকাৰ পৰা বাদ পৰিল সন্দীপন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ পৰিমিতা সৰকাৰৰ।

জুবিন গাৰ্গৰ মৃত্যুক লৈ সৰৱ হৈ পৰিছে অনুৰাগীসকল। সকলোৱে একেমুখে বিচাৰিছে উচিত তদন্ত।তাৰ পিছতে বিষয়টোত গুৰুত্ব প্ৰদান কৰি স্বচ্ছ আৰু তৎকালীন তদন্ত নিশ্চিত কৰিবলৈ বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে অসম আৰক্ষীয়ে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশনাত গঠন কৰা হৈছে SIT ৷ প্ৰথমে ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বাবে গঠন কৰা হৈছিল ১০ জনীয়া SIT । কিন্তু তাৰ কিছু সময় পিছতে তালিকাৰ পৰা আঁতৰোৱা হয় এগৰাকী মহিলা বিষয়াৰ নাম।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তকাৰী গোটৰ পৰা আঁতৰোৱা হ’ল DSP পৰিমিতা সৰকাৰৰ নাম। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা ১০জনীয়া তদন্তকাৰী গোটৰ বিপৰীতে আৰক্ষী সঞ্চালক প্ৰধানে প্ৰকাশ কৰা তালিকাত আছে ৯জন বিষয়া। ১০জনীয়া তালিকাৰ পৰা বাদ পৰিল সন্দীপন গাৰ্গৰ সৈতে অতি ঘনিষ্ঠ পৰিমিতা সৰকাৰৰ। অৱশ্যে আৰক্ষী সঞ্চালক প্ৰধানে এক্সত উল্লেখ কৰা মতে, নগাঁও থানাৰ ৫০৩/২৫ ৰুজু হৈ থকা গোচৰৰ তদন্ত কৰি থকাৰ বাবেহে SITৰ পৰা কৰ্তন কৰা হৈছে পৰিমিতাৰ নাম।
Kindly refer to the constitution of an SIT to investigate the suspicious & tragic demise of Zubeen Garg.
The SIT has been reconstituted, as one of the nominated Officers is already Head of another SIT related to Nagaon PS Case 503/25 u/s 61(2)/318(4)/316(2) BNS – constituted… pic.twitter.com/GxvdEw6bOb
— Hardi Singh (@HardiSpeaks) September 24, 2025
বৰ্তমান জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SITত আছে এইসকল বিষয়ৰ নাম-
১) মুন্না প্ৰসাদ গুপ্তা, আই পি এছ, এছডিজিপি, চিআইডিঃ দলটোৰ মুৰব্বী
২) ৰ’জী কলিতা, এ পি এছ, এছএছপি,চিএম ভিজিলেন্সঃ মুখ্য তদন্তকাৰী বিষয়া
৩)মৰমী দাস, এপিএছঃ সহযোগী তদন্তকাৰী বিষয়া
৪) লব ডেকা, এপিএছঃ সহকাৰী তদন্তকাৰী বিষয়া
৫) তৰুণ গোৱেল, আই পি এছঃ সহকাৰী তদন্তকাৰী বিষয়া
৬) ধ্ৰুৱজ্যোতি বৰা, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
৭)মুক্তাজুৰ ৰহমান, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
৮) কৃষাণু পাঠক, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
৯) গিৰেন্দ্ৰ কেওট, চাব ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
জানিব পৰা মতে পৰিমিতা সৰকাৰ আছিল আৰক্ষী বিষয়া সন্দীপন গাৰ্গৰ ঘনিষ্ঠ। সন্দীপন গাৰ্গৰ সহপাঠী আছিল DSP পৰিমিতা সৰকাৰ। ইফালে ঘটনাৰ সময়ত ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে আছিল সন্দীপন গার্গ। সন্দীপন গাৰ্গৰ চকুৰ সন্মুখতে ঘটিছিল সকলো ঘটনা। তাৰ পিছতে সন্দীপন গাৰ্গৰ ঘনিষ্ঠ আৰক্ষী বিষয়াক SITত অন্তর্ভুক্তিক লৈ হৈছিল বিতর্ক।