Zubeen garg death cause: পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ…সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে…

Zubeen garg death cause: ছিজাৰ নহয়, পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। আজি সংবাদমেলযোগে এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় বুলি কয়।

Zubeen garg death cause: পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ...সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে...

জুবিন গাৰ্গ

Published: 

21 Sep 2025 | 08:43 PM

জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেল সম্বোধন কৰি শৰ্মাই কয় যে, ছিংগাপুৰৰ পৰা দিয়া মৃত্যুৰ প্ৰমাণ পত্ৰ অনুসৰি, জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় বুলি কয় শৰ্মাই। ইয়াৰ পাছতে এতিয়া জুবিনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।

শৰ্মাই কয় যে, “ছিংগাপুৰৰ হাই কমিছনে আমাক জুবিনৰ মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। সেই অনুসৰি পানীত ডুবি মৃত্যু হৈছে জুবিন গাৰ্গৰ। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয়। মৰণোত্তৰ পৰীক্ষা আৰু মৃত্যুৰ প্ৰমাণ পত্ৰৰ মাজত পাৰ্থক্য আছে। গতিকে অতি সোনকালে মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন অনাৰ চেষ্টা কৰি থকা হৈছে”।

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে সৃষ্টি হৈছিল বহু বিভ্ৰান্তিৰ। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যুক সাৱতি লৈছিল জুবিন গাৰ্গে। প্ৰথম অৱস্থাত জুবিনে স্কোৱা ডাইভিং কৰাৰ সময়ত মৃত্যু হৈছিল বুলি কোৱা হৈছিল। পৰৱৰ্তী সময়ত আৰু অধিক কাৰণ পোহৰলৈ আহিছিল। বহুতে মৃত্যুৰ কাৰণ ছিজাৰ বুলিও কৈছিল। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কয় যে, পানীত ডুবিহে মৃত্যু হৈছিল জুবিনৰ।

 

মৃত্যুৰ প্ৰমাণ পত্ৰ

শৰ্মাই তদন্ত সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, অপৰাধিক কিবা থাকিলে ছিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিব। কিন্তু যদি গুৱাহাটীৰ পৰা ষড়যন্ত্ৰ কৰি জুবিনক লৈ যোৱা হৈছে তেন্তে সেয়া তদন্ত হ’ব বুলি কয় শৰ্মাই। উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে বহুতে তেওঁলোকৰ বিৰুদ্ধে বহুতে এজাহাৰো দাখিল কৰিছে। গতিকে পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ Zubeen garg: সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা, ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...