Zubeen garg father: বাবা ইয়াতে ৰৈ দিয়াচোন,তোমাৰ ফটো এখন লওঁ: সকলো হেৰুৱাই শোকস্তব্ধ জুবিনৰ পিতৃ…

Zubeen garg: মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই ভাগি পৰিছে সকলো। কিন্তু ইয়াৰ মাজতে আন এজন মানুহ এতিয়া যেন সবাতোকৈ বেছি দুখত আছে। সেয়া জুবিনৰ পিতৃ। কন্যা, পত্নীক ইতিমধ্যেই হেৰুৱাওৱা মোহিনী মোহন বৰঠাকুৰে এতিয়া হেৰুৱালে একমাত্ৰ পুত্ৰক।

Zubeen garg father: বাবা ইয়াতে ৰৈ দিয়াচোন,তোমাৰ ফটো এখন লওঁ: সকলো হেৰুৱাই শোকস্তব্ধ জুবিনৰ পিতৃ...

জুবিন গাৰ্গ আৰু পিতৃ

Published: 

20 Sep 2025 | 02:01 PM

মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই এতিয়া শোকস্তব্ধ অসমীয়া। প্ৰতিগৰাকীয়ে অসমীয়াৰ চকুত আজি চকুলো। বন্ধ হৈ পৰিছে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, নীৰৱ হৈ ৰৈছে ৰাস্তা পদুলি। সকলোৱে কেৱল কান্দিছে আৰু কান্দিছে। জুবিনক হেৰুৱাৰ শোকত ভাগি পৰিছে সকলো। কিন্তু এই সকলোবোৰৰ মাজত এতিয়া যেন সবাতোকৈ বেছি আন এজন মানুহ দুখী হৈছে। তেওঁ হৈছে জুবিনৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ।

৮৫ বছৰীয়া জুবিনৰ পিতৃ বৰ্তমান সময়ত গুৱাহাটীত আছে। পুত্ৰ শোকত ভাগি পৰিছে তেওঁ। কেৱল এয়াই নহয় জুবিনৰ পিতৃয়ে ইতিমধ্যে হেৰুৱাইছে কন্যা আৰু পত্নীক। কিন্তু জুবিনৰ পিতৃ বুলি গৌৰৱবোধ কৰা এই ব্যক্তিগৰাকীৰ ওচৰত যেন এতিয়া আৰু একো নাই। জুবিনক লৈ গৌৰৱ কৰিছিল পিতৃয়ে। মোহিনী মোহন বৰঠাকুৰে ভাল পাইছিল পুত্ৰৰ ফটো তুলি।

কেইদিনমান পূৰ্বে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে ফেচবুকত এটা পোষ্ট কৰিছিল। য’ত তেওঁ লিখিছিল পুত্ৰৰ প্ৰতি পিতৃৰ থকা হেঁপাহ। গৰিমাই লিখিছিল- “বিয়াৰ আগতেই প্ৰথমবাৰৰ বাবে যোৰহাটৰ ঘৰখনলৈ মই যাওঁতে মা,পাপু(দেউতা), মাইনা(জংকী), মমন(পামী) সকলোৰে কিমান যে হেঁপাহ,কিমান যে উৎসাহ.. কি দেখুৱাব,কি খুৱাব ! সময়বোৰ পাখীলগা কাঁড়ৰ দৰে যেন উৰি গ’ল ! আঢ়ৈ দশক পাৰ হৈ গ’ল যদিও এনে লাগে সৌ সিদিনাৰহে যেন কথা !

পুৰণি এলবামবোৰ চাই আছিলো । পাপু আছিল লগত..মাইনা, মমনহঁত কামৰ মাজে মাজে অহা যোৱা কৰি আছিল। পৰিয়ালৰ বহুজনক ফটোতেই দেখুৱাই চিনাকি দি আছিল। জুবিনৰ সৰু কালৰ অসংখ্য ফটো । তেওঁৰ চাৰি পাঁচ বছৰ বয়স হোৱাৰ পাছত মাইনাও যোগ হৈছিল । প্ৰায়বোৰ ফটোত তাইৰ ককায়েকৰ নিচিনা একে প’জ ! মৰমলগা ফটোবোৰ বৰ আগ্ৰহেৰে চাই আছিলো । এবাৰ পাপুক ক’লো, “গ’ল্ডীৰ বহুত ফটো আছে “
“উমমমম “…পাপুৰ উৎসাহপূৰ্ণ উত্তৰ, ” অকণমানি থাকোতে কেমেৰা এটা লৈ বাবাৰ ফটোৱেই তুলি থাকিছিলো মই । আজৰি সময়ত মোৰ সেইটোৱেই কাম ।”
পাঁচটা দশক পাৰ হৈ গ’ল .. তথাপি একেই হেঁপাহ …
” বাবা ইয়াতে ৰৈ দিয়াচোন,তোমাৰ ফটো এখন লওঁ “
নবীন নগৰত নতুন ষ্টুডিঅ’ টো বনাই থাকোঁতে পাপু চাবলৈ গৈছিল আৰু তাতেই এয়া পুতেকৰ ফটো লৈছে ! এনেকৈ বিভিন্ন সময়ত ফোনটোতে মন গ’লেই ফটো লৈ থাকে এতিয়াও !
সময়‌বোৰ সলনি হৈছে যদিও একেই আছে দেখোন !”

 

কিন্তু আজি তেওঁৰ ওচৰত জুবিন নাই, পত্নী নাই, নাই কন্যা। আছে মাত্ৰ গভীৰ বেদনা। পুত্ৰৰ মৃত্যুত আজি সমগ্ৰ অসমে কান্দিছে। তাৰ মাজতে মৰমৰ পুত্ৰক হেৰুৱাই ভাগৰি পৰিছে জুবিনৰ পিতৃ।

 

 

অন্য খবৰ পঢ়কঃ Zubeen garg: সকলো অনুৰাগীৰ হৈ জুবিন গাৰ্গৰ বাবে এটি বিশেষ লেখা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...