সেই সময়ত মই পানীত আছিলো- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি ক’লে দেৱজিত হাজৰিকাই…

Zubeen Garg: এজন এজনকৈ এছ আই টিত হাজিৰ হৈছে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া। ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত গা এৰা মন্তব্য কৰে দেৱজিত হাজৰিকাই। বাৰে বাৰে কথা সলনি হোৱা দিশটোৱে বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰে।

সেই সময়ত মই পানীত আছিলো- জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কি কলে দেৱজিত হাজৰিকাই...

দেৱজিত হাজৰিকা

Published: 

16 Oct 2025 | 03:06 PM

প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ ছিংগাপুৰৰ প্ৰবাসী অসমীয়া দেৱজ্যোতি হাজৰিকাৰ। শেষ মুহূৰ্তত জুবিনৰ লগত সাগৰৰ পানীত সাতুৰি আছিল এইজন দেবজ্যোতি। ছিংগাপুৰ অসম এছোচিয়েছনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁৰ মতে, সেইদিনা য়াট পাৰ্টীত ১১ জন প্ৰবাসী অসমীয়া আছিল, তাৰে ১০ জন ইতিমধ্যে এছ আই টিত হাজিৰ হৈছে।

হাজৰিকাই কয় যে, তন্ময় ফুকনে তেওঁলোকক য়াট পাৰ্টীৰ বাবে যোগাযোগ কৰিছিল। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁ পানীতে আছিল বুলি মন্তব্য কৰে। লগতে কয় যে,সেই সময়ত তেওঁ এটা জৰুৰী ফোন কলত ব্যস্ত হৈ আছিল। সকলোৱে ভাগ ভাগ কাম কৰি আছিল।

জুবিন গাৰ্গৰ মুখেৰে ফেন ওলাইছিল বুলি কৰা প্ৰশ্নত দেৱজিতে কয় যে, সেই সময়ত মই এটা জৰুৰী ফোনকলত ব্যস্ত আছিলো। ছিংগাপুৰ পদ্ধতি অনুসৰি যিমান সোনকালে পাৰে সিমান সোনকালে চিকিৎসাৰ বাবে লৈ যোৱা হয় বুলি কয়।

ভিডিঅ’ সন্দৰ্ভত তেওঁ কয় যে, জুবিন দাৰ অনুৰাগী হিচাপে আমি ভিডিঅ’ কৰিছিলো। কাৰণ জুবিন দা আমাৰ ওচৰত থকাটো ডাঙৰ কথা আছিল। কিন্তু শেষ মুহূৰ্তৰ ভিডিঅ’ৰ কথা সোধাত তেওঁ কয় যে,  ঘটনাৰ সময়ত মই পানীত আছিলো। উল্লেখ্য যে, এইজন অভিযুক্তৰ ভাষ্যই এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে। কিয়নো তেওঁৰ কথা সলনি হোৱা পৰিলক্ষিত হৈছে। কোনো এটা কথাৰ তেওঁ স্পষ্ট মন্তব্য নকৰিলে, যাৰ বাবে এই ঘটনা আৰু অধিক ৰহস্যঘন হৈ পৰিছে।

লগতে তেওঁ এক বিশেষ ইংগিত দি কয় যে, গোটেই ষ্টৰীটোৰ আমি এটা অংশহে। আগে-পাছে আৰু বহুত কাহিনী আছে। গতিকে এই ঘটনাত কোন, কেনেকৈ জড়িত আছে, এয়া দুৰ্ঘটনা নে হত্যা এয়া সকলো এছ আই টিৰ তদন্তত পোহৰলৈ আহিব।

 

অন্য খবৰ পঢ়কঃ জুবিন গাৰ্গাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমত উপস্থিত হ’ব ৰাহুল গান্ধী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...