জুবিনৰ মৃত্যুৰ ১২ দিনৰ অন্তত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক গ্ৰেপ্তাৰ, পুৱাই অনা হ’ল গুৱাহাটীলৈ…

শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ মূল অভিযুক্ত এই দুয়োগৰাকী। জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক।

জুবিনৰ মৃত্যুৰ ১২ দিনৰ অন্তত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক গ্ৰেপ্তাৰ, পুৱাই অনা হল গুৱাহাটীলৈ...

শ্যামকানু-সিদ্ধাৰ্থ

Updated On: 

01 Oct 2025 | 09:11 AM

অৱশেষত গ্ৰেপ্তাৰ হ’ল নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। ছিংগাপুৰত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ মূল অভিযুক্ত এই দুয়োগৰাকী। জুবিনৰ মৃত্যুৰ ১২ দিনৰ পাছত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক।

খবৰ অনুসৰি, ছিংগাপুৰৰ পৰা লৈ অহা শ্যামকানুক নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থক গুৰুগাঁৱৰ এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। আজি পুৱা ভাগতে এই দুয়োগৰাকী অভিযুক্তক গুৱাহাটীলৈ অনা হয়। AIR INDIA IX1197 বিমান যোগে লৈ অনা হয় মহন্তক।

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰে বিশেষ ডিজিপি এম পি গুপ্তাৰ নেতৃত্বত ১০ জনীয়া এছআইটি গঠন কৰিছিল। ইয়াৰ পাছতে শ্যামকানু মহন্ত, সিদ্ধান্ত শৰ্মা আৰু ছিংগাপুৰ অসম সমাজ সদস্যকে ধৰি কেইবাজনো লোকৰ লগতে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ যোৱাসকলক এছ আই টিৰ সন্মুখত হাজিৰ হ‘বলৈ জাননী জাৰি কৰা হৈছিল।

কিন্তু হাজিৰ হোৱা নাছিল সিদ্ধাৰ্থ আৰু শ্যামকানু। একে প্ৰকাৰে পলাতক অৱস্থাত আছিল এই দুয়োগৰাকী অভিযুক্ত। যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহন্ত আৰু শৰ্মাৰ বিৰুদ্ধে ইন্টাৰপ’লৰ জৰিয়তে ‘লুকআউট নোটিচ’ জাৰি কৰি ৬ অক্টোবৰৰ ভিতৰত চিআইডিৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল। পাছত SIT ৰ দুজনীয়া এটা দল ছিংগাপুৰলৈ গৈছিল।

খবৰ অনুসৰি, বৰ্তমান গুৱাহাটীলৈ অনা সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক বৰঝাৰ বিমান বন্দৰৰ পৰা CJM ৰ বাসগৃহলৈ লৈ যোৱা হৈছে। ইয়াৰ পাছতে সকলো আইনী প্ৰক্ৰিয়া সম্পন্ন কৰি তেওঁলোকক CID কাৰ্যালয়লৈ লৈ যোৱা হ’ব বুলি জানিব পৰা গৈছে। পূজাৰ বাবে আদালত বন্ধ। গতিকে CJM ৰ আগত হাজিৰ কৰি আৰক্ষীয়ে জিম্মাত ল’ব দুয়োকে।

লগতে পঢ়ক: জুবিনৰ মৃত্যুৰ তদন্তত SIT ৰ অগ্ৰগতি, ছিংগাপুৰৰ পৰা ধৰি অনা হ’ল শ্যামকানু মহন্তক…!

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...