১৪ দিনৰ আৰক্ষীৰ জিম্মাত শেখৰ-অমৃতপ্ৰভা, আইনৰ ওপৰত আস্থা প্ৰকাশ গৰিমা গাৰ্গৰ

Zubeen Garg death case: অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহ-শিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰাৰ লগে লগে গোচৰটোত মুঠ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পায়।

১৪ দিনৰ আৰক্ষীৰ জিম্মাত শেখৰ-অমৃতপ্ৰভা, আইনৰ ওপৰত আস্থা প্ৰকাশ গৰিমা গাৰ্গৰ

আৰক্ষীৰ জিম্মাত শেখৰ-অমৃতপ্ৰভা

Published: 

03 Oct 2025 15:58 PM

গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহ-শিল্পী অমৃতপ্ৰভা মহন্তক শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

বৃহস্পতিবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ জ্যোতি গোস্বামী আৰু সহ-শিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰাৰ লগে লগে গোচৰটোত মুঠ গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পায়।

বিশেষ তদন্তকাৰী দলৰ মুৰব্বী আৰু চিআইডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তাই এএনআইক জনোৱা মতে, এছআইটি/চিআইডিৰ একাধিক দিনৰ জেৰাৰ অন্তত যোৱা নিশা গোস্বামী আৰু অমৃতপ্ৰৱ মহন্তক এছআইটি/চিআইডিয়ে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পূৰ্বে বুধবাৰে অসম আৰক্ষীৰ চি আই ডি/এছ আই টিয়ে শ্যামকানু মহন্ত (ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক) আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে।

কামৰূপ (মেট্ৰ’) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে, পঞ্জীয়নভুক্ত গোচৰটোত চি আই ডিয়ে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত হত্যাৰ অভিযোগৰ ধাৰা (BNS 103) সংযোজন কৰে।

ইফালে ছিংগাপুৰ আৰক্ষী বাহিনীয়ে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰত উচ্চায়ুক্তলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জাৰি কৰা এক বিবৃতি অনুসৰি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ প্ৰতিলিপিৰ লগতে তেওঁৰ মৃত্যুত তেওঁলোকৰ প্ৰাৰম্ভিক তথ্য ভাৰত কৰ্তৃপক্ষক তেওঁলোকৰ অনুৰোধত প্ৰদান কৰা হৈছে।

বৰ্তমান এই বিষয়ত আৰক্ষীৰ তদন্ত চলি আছে, আৰু জনসাধাৰণক ইয়াৰ সৈতে জড়িত কোনো ভিডিঅ’ বা ছবি শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। স্বামীৰ মৃত্যুৰ পৰিস্থিতিৰ ওপৰত চলি থকা তদন্তৰ ওপৰত আস্থা প্ৰকাশ কৰি প্ৰয়াত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে “আইনী ব্যৱস্থাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস” থকা বুলি দাবী কৰিছে।

তিতা কেৰেলাৰ পাততো আছে ঔষধি গুণ, এনে উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?
ৰক্তহীনতা কেনেকৈ প্ৰাকৃতিকভাৱে নিৰাময় কৰিব পাৰি? তেজৰ মাত্ৰা বৃদ্ধিৰ বাবে দৈনিক এই খাদ্য খাওক
সুদীৰ্ঘ ৩২২১ দিনৰ অন্তত ৰাহুলৰ বেটৰ পৰা আহিল শতক! এই দিশতো গঢ়িলে অভিলেখ
অকাল মৃত্যুৰ পৰা কেনেকৈ হাত সাৰিব পাৰি? জনালে প্ৰেমানন্দ মহাৰাজে...