জুবিন গাৰ্গৰ দুই দেহৰক্ষীক চমন চিআইডিৰ, এনে দিশত তথ্য উদ্ধাৰৰ বাবে চলাব পাৰে জেৰা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত প্ৰতিটো তথ্য উদ্ধাৰৰ উদ্দেশ্যে তদন্তকাৰী সংস্থাটোৱে বৰা আৰু বৈশ্য উপাধিৰ জুবিন গাৰ্গৰ দুয়োগৰাকী দেহৰক্ষীক চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ চমন কৰিছে। দেহৰক্ষী দুগৰাকীৰ জেৰাৰ সময়ত কোনো নতুন তথ্য পোহৰলৈ আহে নেকি, সেয়া হ’ব লক্ষণীয়।

জুবিন গাৰ্গৰ দুই দেহৰক্ষীক চমন চিআইডিৰ, এনে দিশত তথ্য উদ্ধাৰৰ বাবে চলাব পাৰে জেৰা

জুবিন গাৰ্গৰ দুই দেহৰক্ষীক চমন চিআইডিৰ

Published: 

03 Oct 2025 | 07:22 PM

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ক্ৰমাৎ আগবাঢ়িছে চিআইডিৰ তদন্ত। এইপৰ্যন্ত এই গোচৰৰ তদন্তত পোহৰলৈ আহিছে বহু তথ্য। তদন্ত প্ৰক্ৰিয়া আগবঢ়াৰ সমান্তৰালকৈ আৰক্ষীয়ে ইতিপূৰ্বে এই গোচৰৰ দুই প্ৰধান অভিযুক্ত ক্ৰমে নৰ্থইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে চিআইডিয়ে বৃহস্পতিবাৰে জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্ৰী শেখৰ গোস্বামী আৰু গায়িকা অমৃতপ্ৰভা মহন্তকো গ্ৰেপ্তাৰ কৰিছে।

ইফালে তদন্ত প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰি তোলাৰ উদ্দেশ্যে চিআইডিয়ে আজি জুবিন গাৰ্গৰ দুগৰাকী দেহৰক্ষীকো সোধা-পোছাৰ বাবে চমন কৰিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত প্ৰতিটো তথ্য উদ্ধাৰৰ উদ্দেশ্যে তদন্তকাৰী সংস্থাটোৱে বৰা আৰু বৈশ্য উপাধিৰ জুবিন গাৰ্গৰ দুয়োগৰাকী দেহৰক্ষীক চি আই ডিৰ মুখ্য কাৰ্যালয়লৈ চমন কৰিছে।

দুয়োগৰাকী দেহৰক্ষীক সোধা-পোছা কৰাৰ সময়ত প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পূৰ্বৰ ভিন্ন পৰিস্থিতিসমূহৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য আহৰণ কৰাত গুৰুত্ব দিয়া হ’ব বুলি বিষয়াসকলে ইংগিত দিছে। দেহৰক্ষী দুগৰাকীৰ জেৰাৰ সময়ত কোনো নতুন তথ্য পোহৰলৈ আহে নেকি, সেয়া হ’ব লক্ষণীয়।

উল্লেখ্য যে বৃহস্পতিবাৰে এই গোচৰত গ্ৰেপ্তাৰ হোৱা জুবিন গাৰ্গৰ দুই সহযোগীক আজি ১৪ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। এই দুই সহযোগী শেখৰ গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰ ভ্ৰমণ কৰিছিল। বিলাসী য়ট পাৰ্টীৰ সময়ত দুয়ো জুবিন গাৰ্গৰ সৈতে উপস্থিত আছিল বুলি তথ্যত প্ৰকাশ।

লক্ষণীয়ভাৱে এই গোচৰত আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জবানবন্দী লিপিবদ্ধ কৰা হৈছে। জুবিন গাৰ্গক য়ট পাৰ্টীলৈ লৈ যোৱাৰ কথা তেওঁক অৱগত কৰা হোৱা নাছিল বুলি ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে সদৰী কৰিছে। ইয়াৰ লগতে তেওঁ আন কেতবোৰ গুৰুত্বপূৰ্ণ তথ্যও শেহতীয়াকৈ প্ৰকাশ কৰিছে।

এনে অৱস্থাত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা এতিয়া ক্ৰমাৎ অধিক ৰহস্যঘন হৈ পৰিছে। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত শোকাহত হৈ পৰা ৰাজ্যবাসীয়ে এতিয়া ন্যায়ৰ আশাৰে ধাৰাবাহিকভাৱে সঠিক তদন্তৰ দাবী জনাই আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...