Zubeen garg death: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ১০ জনীয়া SIT গঠন , কোন কোন আছে তালিকাত…
Zubeen garg death case SIT: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হ'ল এছ আই টি। বিশেষ তদন্তকাৰী গোটত ১০ গৰাকী আৰক্ষীৰ নাম সন্নিবিষ্ট কৰা হৈছে। এই বিষয়ে মুখ্যমন্ত্ৰীয়ে কয় যে, কোনো দোষী সাৰি নাযায়।

জুবিন গাৰ্গ
অসম আৰক্ষীৰ ADGP মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বাবে গঠন ১০ জনীয়া SIT । আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ সহায়ত এই এছ আই টি গঠন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এই বিশেষ তদন্তকাৰী গোট গঠন কৰে ADGP মুন্না প্ৰসাদ গুপ্তাই। এই তালিকাত থকা আৰক্ষী বিষয়া কেইগৰাকী হ’ল-
১) মুন্না প্ৰসাদ গুপ্তা, আই পি এছ, এছডিজিপি, চিআইডিঃ দলটোৰ মুৰব্বী
২) ৰোজী কলিতা, এ পি এছ, এছএছপি,চিএম ভিজিলেন্সঃ মুখ্য তদন্তকাৰী বিষয়া
৩)মৰমী দাস, এপিএছঃ সহযোগী তদন্তকাৰী বিষয়া
৪) লব ডেকা, এপিএছঃ সহকাৰী তদন্তকাৰী বিষয়া
৫) তৰুণ গোৱেল, আই পি এছঃ সহকাৰী তদন্তকাৰী বিষয়া
৬) প্ৰতিমা সৰকাৰ, এপিএছঃ সহকাৰী তদন্তকাৰী বিষয়া
৭)ধ্ৰুবজ্যোতি বৰা, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
৮)মুক্তাজুৰ ৰহমান, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
৯) কৃষাণু পাঠক, ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
১০) গিৰেন্দ্ৰ কেওট, চাব ইন্সপেক্টৰঃ সহকাৰী তদন্তকাৰী বিষয়া
তালিকা
উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল জুবিন গাৰ্গৰ। তাৰ পাছৰে পৰা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বহু দাবী উত্থাপন হৈ আহিছে। এই মৃত্যুৰ ঘটনাত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ন আদিকে ধৰি বিভিন্নজনৰ নাম সাঙোৰ খাইছে। প্ৰায় সমগ্ৰ অসমে জুবিনৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছে।
দল-সংগঠনৰ পৰা আৰম্ভ কৰি সাধাৰণ জনতালৈ সকলোৱে মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছিল। তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গোচৰ চিআইডিলৈ হস্তান্তৰ কৰিছিল। কিন্তু তাৰ পাছতো বহুতে এই গোচৰ চিআইবিক অৰ্পন কৰাৰ দাবী উত্থাপন কৰি আহিছে বহুতে। ইয়াৰ মাজতে শৰ্মাই চিআইডিক এই গোচৰৰ তদন্ত কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা দিয়ে আৰু এছ আই টি গঠন কৰিবলৈ কয়। শৰ্মাই কয় যে কোনো দোষী সাৰি নাযাব। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে আজি এছ আই টি গঠন হয়।
অন্য খবৰ পঢ়কঃ পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ…সবিশেষ জনালে মুখ্যমন্ত্ৰীয়ে…