Zubeen garg: সকলো অনুৰাগীৰ হৈ জুবিন গাৰ্গৰ বাবে এটি বিশেষ লেখা…
Zubeen garg Death: সকলোকে কন্দুৱাই গুচি গল অসমীয়াৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ। আজি সমগ্ৰ অসম শোকস্তব্ধ। আজি কেৱল অসমে কান্দিছে। মৰমৰ শিল্পী গৰাকীক হেৰুৱাই অনুৰাগীয়ে চকুলো টুকিছে।

জুবিন গাৰ্গ
জুবিন গাৰ্গ… নামেই যাৰ পৰিচয়। সমগ্ৰ অসমীয়া জাতিক কন্দুৱাই মাত্ৰ ৫২ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে জুবিন গাৰ্গে। ১৯ ছেপ্টেম্বৰৰ দিনা ছিংগাপুৰৰ সাগৰত সাঁতুৰি থকা অৱস্থাত হঠাতে অসুস্থ হৈ পৰে জুবিন গাৰ্গ। লগে লগে তেওঁক হাস্পাতালত ভৰ্তি কৰে যদিও চিকিৎসকে ৰক্ষা কৰিব নোৱাৰিলে তেওঁৰ প্ৰাণ। অসমীয়া জাতি আৰু অসমক কন্দুৱাই জুবিন গ’লগৈ।
জুবিন মানে এটা যুগ, জুবিন মানে এটা সত্ত্বা, জুবিন মানে এক আবেগ। জুবিনে গাইছিল পাখি মেলি দিয়ে মোৰ গানে আজি…কিন্তু আজি সেই জুবিনে সকলোকে কন্দুৱাই আঁতৰি যায়। ১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা মুক্তি লাভ কৰিছিল। সেয়াই আছিল আৰম্ভণি। তাৰ পাছত জুবিন আৰু ৰোৱা নাই। অসম, অসমীয়া আৰু মানুহৰ বাবে লিখি গৈছিল হাজাৰ হাজাৰ গান। জুবিন কেৱল কণ্ঠশিল্পীয়ে নাছিল তেওঁ আছিল একেৰাহে সংগীত পৰিচালক, গীতিকাৰ, ছবি পৰিচালক আৰু অভিনেতা।
জুবিনৰ বিষয়ে আজি শুনা খবৰটো হয়তো কোনোৱে শুনিব বিচৰা নাছিল। হয়তো খুব কম মানুহ ওলাব যাৰ আজি চকু তিতা নাই। সকলোৰে হৈ মৰমৰ জুবিনলৈ সকলোৰে হৈ এটি লেখা-
জুবিন দা…তোমাৰ হেনো মৃত্য়ু হ’ল। কায়িকভাৱে তুমি আমাক এৰি গ’লা। তোমাৰ হৈ ক’বলগা বহুত আছে, কিন্তু আজি যেন ভাষা শেষ হৈ গৈছে। শেষ নহ’বনো কিয়? তোমাক জানো লিখি শেষ কৰিব পাৰি। তুমি এক আবেগ, তুমি আমাৰ পৰিচয়। কেতিয়াও শুনিব নিবিচৰা খবৰটো তুমি শুনাই দিলা। সঁচাই তুমি ব্যতিক্ৰম। মানুহে ভাবিব নোৱাৰা কামবোৰ কৰি তুমি ভাল পোৱা।
এইবাবে তোমাক সকলোৱে ব্যতিক্ৰম বুলি নকই জানো? তুমিওটো ভাল পাইছিলা তেনেকৈ আৰু আমিও। তুমি সমালোচনাৰ উৰ্ধত আছিলা। তুমি অসমীয়াৰ প্ৰাণ, অসমীয়াৰ সাহ। তুমি গাইছিলা- “আকাশে গাতে ল’বৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা উৰুৱাই জীৱনে”- সেইবুলি এনেকৈ তুমি চিৰদিনৰ বাবে শুই যাব লাগে নেকি? কোনোৱেটো বিচৰা নাছিল এয়া।
তুমিয়েই গাইছিলা- মায়া…মায়া মাঁথো মায়া…হয় পৃথিৱীখন মায়া। কিন্তু এই পৃথিৱীত যদি তোমাৰ দৰে মানুহ থাকে তেন্তে এই মায়া জানো সকলোৰে কাম্য নহ’ব? তোমাক কোনে ভাল নাপায়! সকলোৰে হিয়াত আছা তুমি। তুমি কি কি গোৱা নাছিলা। তোমাৰ গীতত আছিল জাতিৰ প্ৰতি প্ৰেম, মানুহৰ প্ৰতি মৰম, প্ৰকৃতিৰ প্ৰতি অফুৰন্ত ভালপোৱা।
মনত আছেনে, এবাৰ আলফা (স্বা)য়ে মঞ্চত হিন্দী গীত গাবলৈ বাধা দিছিল। তুমি তাৰ পাছতো গাইছিলা। তুমি যেন প্ৰমাণ কৰি দিছিলা শিল্পীৰ কোনো ধৰ্ম নাই। সেয়ে তুমিয়ে কোৱা নাছিলা জানো-মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা…।
এয়া মাত্ৰ এটা উদাহৰণ। তুমি সকলো বাধা নেওচি আগুৱাই গৈছিলা। তুমি সোঁতৰ বিপৰীতে গৈ জাতিটোত উঠুৱাইছিলো। সেইবাবে তুমি আজি মহান। তুমি আমাৰ গৌৰৱ। তুমি কি কৰা নাছিলা! তুমি গান গাইছিলা, তুমি অভিনয় কৰিছিলা, সংগীত পৰিচালনা কৰিছিলা। তুমি অসমীয়া, হিন্দী,বঙালী… কি ভাষাত গান লিখা নাছিলা, গোৱা নাছিলা। হয়তো মোৰ দৰে আৰু সকলোৱে ক’বলৈ বাধ্য হ’ব, অসমত আৰু দ্বিতীয়জন জুবিন নোলাব!
হয়তো অসমৰ বাহিৰত যাবলৈও তোমাৰ হাতলৈ বহুত সুযোগ আহিছিল। কিন্তু অসমৰ প্ৰেমে তোমাক বান্ধি ৰাখিছিল। তুমিটো সদায় অসম আৰু অনুৰাগীত আগতে ৰাখিছিল। সহায় বিচাৰিলেই সহায় কৰিছিলা। কেতিয়াবা যদি ঘৰত সাপ পুহিবলৈ চেষ্টা কৰিছা, কেতিয়াবা আকৌ চৰাই পুহিছা। সেই চৰাইবোৰো চিনাকীৰ দৰেই তোমাৰ গাতে আহি বহি নাথাকে জানো। আৰু সেই কুকুৰ কেইটা…তোমাৰ অতিকে আপোন নহয় জানো? কেৱল মানুহ, পশু-পক্ষীকেই নে…তুমিতো প্ৰকৃতিৰো প্ৰেমিক আছিলা। তুমি আছিলা সঁচা অৰ্থত এই পৃথিৱীৰ প্ৰেমিক।
তোমাৰটো পৰিকল্পনা বহুত আছিল। অসমীয়া চলচ্চিত্ৰ উদ্যোগটিক লৈ বহুত সপোন দেখিছিলা। অসমীয়া ছবি জগতক নতুন ৰং দি আগুৱাই নিয়াৰ যত্ন কৰিছিলা। কিন্তু তুমি অবিহনে সেইবোৰ এতিয়া কঠিন নহ’ব জানো? তুমিটো জানা, আৰু বহুত বাকী আছিল। আমি কেৱল তোমাৰ শৰীৰ নহয়, বছৰ বছৰৰ বাবে এক সংস্কৃতিক হেৰুৱালো।
২০১৯ চনৰ এটা অনুষ্ঠানত তুমি কৈছিলা, মোৰ মৃত্যু হ’লে- ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন, এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপো, গীতটি সকলোৱে গাব…হয় তোমাৰ ইচ্ছা ৰক্ষা কৰি সকলোৱে আজি এই গান গাবলৈ চেষ্টা কৰিব। কিন্তু আজি জানো কাৰোবাৰ মুখৰ পৰা শব্দ ওলাব! আজি বাকৰুদ্ধ অসমীয়া। আজি বাকৰুদ্ধ মোৰ দৰে হাজাৰ হাজাৰ অনুৰাগী। তোমাৰ বাবে তোমাৰ অনুৰাগী হৈ এই লেখা লিখাৰ সময়তো মোৰ হাতখন বাৰে বাৰে ৰৈ গৈছে, এয়া জানো তুমি জানা? হয়তো জানিবা, অনুৰাগীৰ তোমাৰ বাবে থকা মৰম তোমাৰ বাহিৰে আৰু কোনো বুজিছিল! তুমিও জানো অনুৰাগীক সমানেই ভালপোৱা নাছিলা?
তুমি গাইছিলা দেহৰ ভৰসা নাই বুজিছানে নাই…হয় তুমি আজি সেয়াও প্ৰমাণ কৰি দিলা। পিছে কাৰ সাহস হ’ব আজি একেডাল বাঁকে তিনিচেও কৰিব? কাৰ সাহস হ’ব তোমাক কান্ধত তুলিব। তোমাৰ তিলনী, তোমাৰ দহা-কাজ আমাক নালাগিছিল। আমাক লাগিছিল তোমাক। আৰু বহু বাকী আছিল জুবিন দা। তুমি ভালপোৱা অসমীয়া, অসমৰ হৈ বহুত কৰিব বাকী আছিল।
হ’ব দিয়া আৰু থাকক…তোমাৰ বাবে আজি শব্দৰ অভাৱ। তোমাতেই শেষ মোৰ সকলো শব্দ, তোমাতেই শেষ সকলো আবেগ, অনুভূতি। তোমাক হেৰুৱাই আজি মোৰ দৰে চকুলো টুকিছে লাখ লাখ অনুৰাগীয়ে।
জুবিন দা, হয় শাৰীৰিকভাৱে তুমি আমাৰ মাজত আৰু নাই। কিন্তু তোমাক আমি এনেকৈ যাব দিব নোৱাৰো। তোমাৰ গীত আমাৰ সাহস। তোমাৰ বিহু আমাৰ প্ৰেৰণা। তোমাৰ গীতৰ কথাবোৰ অসমীয়াৰ প্ৰাণ। আচলতে কি জানা, তোমাৰ কেতিয়াও মৃত্যু হ’বই নোৱাৰে। তুমি মাত্ৰ জিৰণি লৈছা! তুমি য’ত আছা কুশলে থাকা জুবিন দা। কিন্তু তুমি সদায় আমাৰ মনত থাকিবা, আমাৰ হৃদয়ত থাকিবা, এটি ভাল লগা সময় হৈ, এটি মিঠা সুৰ হৈ। তোমাক আমি ৰাখিম আমাৰ মাজত, অতি সযতনে আমাৰ শেষৰটো উশাহলৈ…
ইতি
তোমাৰ অনুৰাগী…