২২ ডিচেম্বৰত হ’ব জুবিন গাৰ্গৰ হত্যাৰ পৰৱৰ্তী শুনানি, কেনেদৰে উপস্থিত হ’ব ৭ অভিযুক্ত?
জুবিন গাৰ্গৰ হত্যাৰ গোচৰ প্ৰসংগ, ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো অভিযুক্তক হাজিৰ। কামৰূপ মহানগৰ CJM ৰ সন্মুখত কৰোৱা হয় হাজিৰ। ২২ ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী দিন ধাৰ্য ।

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম)ৰ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ পাছতে মঙলবাৰৰ পৰা আৰম্ভ হয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। আইন-শৃংখলাজনিত কাৰণৰ কথা উল্লেখ কৰি অপৰাধ অনুসন্ধান বিভাগে (চিআইডি) অভিযুক্তসকলক শাৰীৰিকভাৱে আদালতত উপস্থিত কৰোৱাটো সম্ভৱ নহয় বুলি জনায়। তাৰ পাছত বাকছা জিলাৰ নিকাছি কাৰাগাৰ আৰু ডিমা হাছাও জিলাৰ হাফলং কাৰাগাৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অভিযুক্তসকলক হাজিৰ কৰোৱা হয়।
চিআইডিৰ বিশেষ তদন্তকাৰী দল (এছআইটি)য়ে ২,৫০০ পৃষ্ঠাৰ বিস্তৃত অভিযোগনামা দাখিল কৰাৰ পাছত পঞ্জীয়ন হোৱা গোচৰ নং ৪০৮৪/২০২৫ৰ সৈতে জড়িত এই গোচৰত চিজেএমে অভিযুক্তসকলক হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল। ভাৰ্চুৱেল শুনানিৰ সময়ত সকলো অভিযুক্তক নিজ নিজ কাৰাগাৰত আনুষ্ঠানিকভাৱে অভিযোগনামাৰ কপি প্ৰদান কৰা হয়। লগতে আদালতে অভিযুক্তসকলৰ পৰিয়ালৰ সদস্যসকলক অভিযোগনামাৰ বিষয়বস্তু সম্পৰ্কে অৱগত কৰাটো নিশ্চিত কৰে।
আইনী পৰামৰ্শ লাভৰ সুবিধাৰ বাবে প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে ফ্ৰেম কৰিবলগীয়া অভিযোগৰ বিস্তৃত তথ্য সংৰক্ষিত পেন ড্ৰাইভৰ ব্যৱস্থাও কৰা হৈছিল বুলি অধিবক্তা প্ৰদীপ কোঁৱৰে কাৰ্য্যবিধিৰ বিষয়ে ব্যাখ্যা কৰি জনায়।
জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ আজিৰ শুনানিৰ সন্দৰ্ভত মন্তব্য চৰকাৰী অধিবক্তা প্ৰদীপ কোঁৱৰে কয়, “অভিযুক্তসকলক নিজ নিজ কাৰাগাৰত অভিযোগনামাৰ প্ৰতিলিপি প্ৰদান কৰা হৈছে, তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো সকলো বিষয়ত অৱগত কৰা হৈছে। লগতে ভাৰ্চুৱেল শুনানিৰ সময়ত অভিযুক্তসকলক তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা আৰু নথি-পত্ৰ লাভ কৰিছে নে নাই সেই বিষয়েও সোধা হৈছে।”
তেওঁ লগতে কয় যে, অহা ২২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰৱৰ্তী শুনানিও ভাৰ্চুৱেল মাধ্যমতে হ’ব পাৰে। অৱশ্যে অভিযোগ আনুষ্ঠানিকভাৱে ফ্ৰেম হোৱাৰ পাছত পৰিস্থিতি সলনি হোৱাৰ সম্ভাৱনা আছে। হত্যা আৰু অন্যান্য গুৰুত্বপূৰ্ণ অপৰাধৰ অভিযোগ ফ্ৰেম হোৱাৰ পাছত অভিযুক্তসকলক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’ব লাগিব, কিয়নো সেই পৰ্যায়ত শাৰীৰিক স্বাক্ষৰ বাধ্যতামূলক। আদালতে সমগ্ৰ প্ৰক্ৰিয়াত বিধিগত নিয়মাৱলী অনুসৰণ কৰাৰ লগতে অভিযুক্তসকলৰ মংগলৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰিছে।’
চিজেএমে ২২ ডিচেম্বৰক পৰৱৰ্তী শুনানিৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে। সেইদিনা গোচৰটো বিচাৰৰ বাবে অধিবেশন আদালতত প্ৰেৰণ কৰা হ’ব নেকি সেই বিষয়ে আদালতে বিবেচনা কৰিব বুলি আশা কৰা হৈছে। যদি গোচৰটো অধিবেশন আদালতলৈ বদলি হয়, তেন্তে তাৰ পাছতেই অতি সোনকালে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে বুলি কোঁৱৰে জনায়।
আদালতে অভিযুক্তসকলৰ হৈ এজন প্ৰতিৰক্ষা অধিবক্তা হাজিৰ থকাৰ বিষয়টোও লিপিবদ্ধ কৰে। জিলা আইন সেৱা প্ৰাধিকৰণে অধিবক্তা ধ্ৰুবজ্যোতি দাসক অভিযুক্তসকলক আইনী সহায় প্ৰদান কৰাৰ বাবে নিযুক্তি দিছে।
ইয়াৰ পূৰ্বে বাৰ এছ’চিয়েশ্যনে এই গোচৰত নিজৰ কোনো সদস্যই প্ৰতিৰক্ষা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে এই নিযুক্তি দিয়া হয়।
এই পটভূমিত প্ৰধান অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই আইনী প্ৰতিনিধিত্ব বিচাৰি আগবাঢ়ি অহাৰ কথা জানিব পৰা গৈছে। তেওঁ ইয়াৰ পূৰ্বেও বাৰ এছ’চিয়েশ্যনৰ কাষ চাপি সিদ্ধান্ত পুনৰ্বিবেচনা কৰিবলৈ আহ্বান জনাইছিল।
অভিযোগনামাত এছআইটিয়ে মুঠ ৭ জন অভিযুক্তৰ নাম উল্লেখ কৰিছে, যাৰ ভিতৰত চাৰিজনৰ বিৰুদ্ধে সংশ্লিষ্ট আইনী ধাৰাৰ অধীনত হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে।