অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ! ঘটনাক লৈ কি ক’লে বিধায়কগৰাকীয়ে?

অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহৰ চৌহদত উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুৱাহাটীৰ নিজৰাপাৰত থকা বাসগৃহৰ চৌহদত ৩০ নৱেম্বৰৰ শনিবাৰে নিশা মহিলাগৰাকীৰ মৃতদেহ হোৱাৰ পিছত বিতৰ্কত সোমাই পৰিছে ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈ। মৃত্য হোৱা মহিলাগৰাকী পুষ্পাক্ষী বৰা বুলি চিনাক্ত কৰা হৈছিল।

অখিল গগৈৰ বাসগৃহৰ চৌহদত মহিলাৰ মৃতদেহ উদ্ধাৰ! ঘটনাক লৈ কি কলে বিধায়কগৰাকীয়ে?

অখিল গগৈৰ বাসগৃহৰ চৌহদত উদ্ধাৰ মহিলাৰ মৃতদেহ

Published: 

01 Dec 2024 14:46 PM

অখিল গগৈৰ নিজৰাপাৰস্থিত বাসগৃহৰ চৌহদত উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহ। অখিল গগৈয়ে বাস কৰা চৌহদতে অকলশৰে থাকে মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামীৰ পৰা অখিল গগৈয়ে কিনিছিল মাটিখিনি। নিশা চানমাৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা। ঘৰ নং ৪০ত সংঘটিত হৈছে এই ঘটনা। অখিল গগৈৰ বাসগৃহৰ চৌহদত থকা আন এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হৈছে মহিলাৰ মৃতদেহটো।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি গুৱাহাটীৰ নিজৰাপাৰত থকা বাসগৃহৰ চৌহদত ৩০ নৱেম্বৰৰ শনিবাৰে নিশা মহিলাগৰাকীৰ মৃতদেহ হোৱাৰ পিছত বিতৰ্কত সোমাই পৰিছে ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈ। মৃত্য হোৱা মহিলাগৰাকী পুষ্পাক্ষী বৰা বুলি চিনাক্ত কৰা হৈছিল।

জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী থাকে নগাঁৱত। উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত। যিহেতু মহিলাগৰাকী অকলশৰে থাকে সেই উদ্দেশ্যেই আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাইছিল অখিল গগৈৰ ফালৰ পৰা। নিশা চানমাৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহ পৰ্যবেক্ষণ কৰি প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মৃত্যু বুলিয়েই সন্দেহ কৰিছে আৰক্ষীয়ে। স্বাস্থ্যজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ।

ঘটনা সন্দৰ্ভত অখিল গগৈয়ে কয়, সন্ধিয়া সময়ৰে পৰা মহিলাৰগৰাকীৰ বাসগৃহৰ দৰ্জা খুলিবলৈ চেষ্টা কৰা হৈছিল। কিন্তু মহিলাৰগৰাকীয়ে ভিতৰৰ পৰা খুলি দিয়া নাছিল দৰ্জাখন। তাৰ পাছতে অখিল গগৈয়ে  নগাঁৱত থকা মহিলাগৰাকীৰ স্বামীক ঘটনা সম্পৰ্কে অৱগত কৰাই। নিশা নগাঁৱৰ পৰা গুৱাহাটীৰ নিজৰাপাৰৰ বাসগৃহত উপস্থিত হয় মহিলাগৰাকীৰ স্বামী আৰু তেওঁলোকৰ পুত্ৰ। স্বামীয়ে বাহিৰৰ পৰা দৰ্জা খুলি প্ৰত্যক্ষ কৰে মহিলাৰগৰাকী মৃতদেহটো। বিধায়কগৰাকীয়ে লগতে কয় যে, দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল মহিলাগৰাকী। ইয়াৰ উপৰিও এই ঘটনা অখিল গগৈৰ বাসগৃহত নহয়, তেওঁৰ চৌহদত থকা আন এটা বাসগৃহতহে হৈছে বুলি কয় বিধায়কগৰাকীয়ে।

লগতে পঢ়ক: শীঘ্ৰেই সম্প্ৰসাৰণ হ’ব হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ! কোনে নতুনকৈ পাব স্থান?

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি, মাজনিশা প্ৰায় ১.৩০ বজাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। তাৰ পাছতে ঘটনা বিষয়ে তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে অখিল গগৈয়ে। তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহটো।

তথ্য অনুসৰি মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈয়ে ক্ৰয় কৰিছিল নিজৰাপাৰত বাস কৰি থকা মাটি খিনি। নিশাই মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ স্পষ্ট হ’ব মৃত্যুৰ প্ৰকৃত কাৰণ । ঘটনা সন্দৰ্ভত চলাই থকা হৈছে অধিক অনুসন্ধান চলাই থকা। তদন্তৰ অন্তত হে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।  ইতিমধ্যে GMCHত উপস্থিত হৈছে মৃত্যু হোৱা মহিলাগৰাকীৰ  স্বামী। সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশৰ পৰা বিৰত থাকে মহিলাগৰাকী  স্বামী। কিন্তু ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ  বাসগৃহৰ চৌহদত  মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ।

লগতে পঢ়ক: গো-মাংসক লৈ উত্তপ্ত ৰাজ্যৰ ৰাজনীতি: ৰকিবুল হুছেইনক প্ৰত্যাহ্বান জনাই গো-মাংস নিষিদ্ধ কৰিবলৈ সাজু মুখ্যমন্ত্ৰী!

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক