প্ৰেমিক জিতু আলীয়ে কৰিছিল ব্লেকমেইল! অকালতে প্ৰাণ হেৰুৱালে ৰঙিয়াৰ যুৱতীয়ে…

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে ৰঙিয়াৰ পৰা পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ ঘটনা। জানিব পৰা মতে, এগৰাকী যুৱতীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।

প্ৰেমিক জিতু আলীয়ে কৰিছিল ব্লেকমেইল! অকালতে প্ৰাণ হেৰুৱালে ৰঙিয়াৰ যুৱতীয়ে...

জিতু আলী

Published: 

20 May 2025 13:02 PM

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে অপৰাধমূলক ঘটনা। বিশেষকৈ প্ৰেমৰ নামত একাংশই বহু অপৰাধ সংঘটিত কৰা দেখা যায়। কিছুদিন পূৰ্বে প্ৰেমৰ নামত গুৱাহাটীত সংঘটিত দুটাকৈ হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল। ইয়াৰ মাজতে পুনৰ এক প্ৰেমজনিত অপৰাধমূলক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, প্ৰেমিকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি চৰম সিদ্ধান্ত গ্ৰহণ কৰিলে প্ৰেয়সীয়ে। এই ঘটনা সংঘটিত হৈছে ৰঙিয়াত। মঙলবাৰে পোহৰলৈ অহা এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

তথ্য অনুসৰি, ৰঙিয়াৰ শৌলমাৰীৰ বাসিন্দা এগৰাকী যুৱতীয়ে প্ৰেমিকৰ মানসিক নিৰ্যাতন সহিব নোৱাৰি নিজকে শেষ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। যুৱতীগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন হৈছে প্ৰেমিক জিতু আলীৰ বিৰুদ্ধে। অভিযোগ অনুসৰি, জিতু আলীয়ে দীৰ্ঘদিন ধৰি যুৱতীগৰাকীক বিভিন্ন ধৰণে ব্লেকমেইল কৰি আহিছিল। এই ব্লেকমেইল সহিব নোৱাৰি যুৱতীগৰাকীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

জানিব পৰা মতে, জিতু আলীয়ে যুৱতীগৰাকীৰ অশ্লীল ফটো, ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল। যুৱতীগৰাকীৰ মৃত্যুৰ পাছতে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও কেন্দুকোণা কছৰুৱাৰ বাসিন্দা জিতু আলীয়ে যুৱতীগৰাকীক ভাবুকি দি আহিছিল। প্ৰায়ে অশ্লীল ফটো আৰু ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি প্ৰদান কৰিছিল। এনেবোৰ পৰিস্থিতৰ মাজত যুৱকগৰাকীৰ সৈতে যুৱতীগৰাকীক বিয়া দিবলৈও সাজু হৈছিল পৰিয়ালৰ লোকে। কিন্তু তাৰ পাছতো ক্ষান্ত হোৱা নাছিল জিতু।

যুৱতীগৰাকীয়ে ফটো, ভিডিঅ’ ডিলিট কৰিবলৈ দাবী কৰিছিল যদিও এই দাবী মানি সোৱা নাছল জিতুয়ে।  আনকি বিভিন্ন সময়ত যুৱতীগৰাকীৰ পৰা টকাও লৈছিল জিতুয়ে। যুৱতীগৰাকীৰ পৰিয়ালে কৰা অভিযোগ অনুসৰি, জিতুৱে প্ৰৱঞ্চনাৰে যুৱতীগৰাকীৰ পৰা ৯ হাজাৰ টকাও সৰকাইছিল। কিন্তু তাৰ পাছতো অব্যাহত আছিল মানসিক নিৰ্যাতন।

প্ৰেমিকৰ নিৰ্যাতন সহিব নোৱাৰি অৱশেষত ভাঙি পৰে যুৱতীগৰাকী আৰু চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। লগতে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। গতিকে তদন্তৰ অন্ততহে জানিব পৰা যাব কেনেকৈ আৰু কিয় মৃত্যু হ’ল যুৱতীগৰাকীৰ।

 

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ ভাড়াঘৰত ৰহস্যজনক মৃত্যু ৪ মাহৰ গৰ্ভৱতী মহিলাৰ, পৰিয়ালৰ ডাঙৰ অভিযোগ…

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...