৫ ডিচেম্বৰত আছিল বিয়া, গুৱাহাটীৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ…

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এগৰাকী যুৱতীয়ে কাৰ্যালয়ৰ ভিতৰতে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। যুৱতীগৰাকী সাংবাদিক হিচাপে কৰ্মৰত আছিল। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে।

৫ ডিচেম্বৰত আছিল বিয়া, গুৱাহাটীৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ মহিলা সাংবাদিকৰ মৃতদেহ...

যুৱতীগৰাকী

Published: 

24 Nov 2025 10:40 AM

পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সোমবাৰ (২৪ নৱেম্বৰ)য়ে পুৱা এগৰাকী যুৱতীয়ে কাৰ্যালয়ৰ কোঠাত গ্ৰহণ কৰে জীৱন শেষ সিদ্ধান্ত। গুৱাহাটীৰ এটা ব্যক্তিগত পোৰ্টেলত সাংবাদিক হিচাপে কৰ্মৰত আছিল যুৱতীগৰাকী। এই কাণ্ডৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

জানিব পৰা মতে, আজি যুৱতীগৰাকীৰ ডিউটি আবেলিৰ পৰা আছিল। কিন্তু তেওঁ পুৱাই আজি খ্ৰীষ্টানবস্তিস্থিত পূৰ্বোদয় ভৱনৰ কাৰ্যালয়লৈ আহে। তাৰ পাছতে তেওঁ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীয়ে এটা টোকাও লিখি থৈ যায়। পৰৱৰ্তী সময়ত কাৰ্যালয়ৰ অন্য লোকে যুৱতীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

যুৱতীগৰাকী গুৱাহাটীৰ কাহলিপাৰাত থাকে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে পৰিয়ালৰ লোক। খবৰ অনুসৰি, অহা ৫ ডিচেম্বৰত আছিল যুৱতীগৰাকীৰ বিয়া। ইতিমধ্যে বিয়াৰ বাবে তেওঁ বন্ধু-বান্ধৱক আমন্ত্ৰণো জনাইছিল। কিন্তু তাৰ মাজতে আজি তেওঁ এই ঘটনা সংঘটিত কৰে। অৱশ্যে এয়া চৰম সিদ্ধান্ত নে অন্য কিবা সেয়া তদন্তৰ অন্ততহে জানিব পৰা যাব।

যুৱতীগৰাকীয়ে কি কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যুৱতীগৰাকীৰ শেষৰখন নোট। ঘটনা সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা।

 

অন্য খবৰ পঢ়কঃ ভগৱানে মাতি আছে… সহিব নোৱাৰিলে ডাঙৰ কন্যাৰ মৃত্যুৰ খবৰ, শেষ হৈ গ’ল এটা পৰিয়াল…

গাখীৰ চাহ খালে বৃক্কত পাথৰ অৰ্থাৎ কিডনী ষ্ট’ন হয় নেকি? চাহৰ নিচা আছে যদি চাওক এতিয়াই
পুৱাৰ সময়ত কিয় অধিক লোক হাৰ্ট এটেকৰ সন্মুখীন হয়? জানিলে হ’ব পাৰিব সাৱধান
ঘৰৰ ভিতৰত পখিলা সোমোৱাটো কিহৰ সংকেত? জানক...
প্ৰতিদিনে এটাকৈ ইলাচি খালে কি লাভ হয় জানেনে? জানক...