দক্ষিণগাঁৱত ভয়ংকৰ কাণ্ড! মদ্যপান কৰাত বাধা দিয়াৰ বাবে পত্নীৰ প্ৰাণ কাঢ়িলে স্বামীয়ে…

Guwahati case: পুনৰ গুৱাহাটী মহানগৰীৰ পৰা পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। স্বামীয়ে অতি নৃশংসভাৱে প্ৰাণ ল'লে পত্নীৰ। মদ্যপানত বাধা দিয়াৰ বাবে এই কাণ্ড সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

দক্ষিণগাঁৱত ভয়ংকৰ কাণ্ড! মদ্যপান কৰাত বাধা দিয়াৰ বাবে পত্নীৰ প্ৰাণ কাঢ়িলে স্বামীয়ে...

প্ৰতীকি ফটো

Updated On: 

30 Sep 2025 | 10:54 AM

ৰাজ্যত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ মাজতে পুনৰ এক নৃশংস কাণ্ডৰ কথা পোহৰলৈ আহিছে। পাষাণ স্বামীয়ে অতি নৃশংসভাৱে প্ৰাণ লয় নিজ পত্নীৰ। জানিব পৰা মতে, মদ্যপান কৰাত বাধা দিয়াৰ বাবে স্বামীয়ে পত্নীক জীৱন্তে জ্বলাই হত্যা কৰে। এই মৰ্মান্তিক, ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ দক্ষিণগাঁৱত।

ঘটনাৰ বিৱৰণী অনুসৰি, ২৯ ছেপ্টেম্বৰৰ নিশা দক্ষিণগাঁৱৰ বাসিন্দা কুন্দন হৰি আৰু পত্নী অনুৰাধা দেৱীৰ মাজত সংঘাতৰ সৃষ্টি হয়। এই কাজিয়াৰ পৰিণতিতে নিশা প্ৰায় ১ মান বজাত স্বামীয়ে পত্নীক ছুৰীৰে কেইবাবাৰো প্ৰহাৰ কৰে। ইয়াতে ক্ষান্ত নাথাকি স্বামীয়ে গেছ চিলিণ্ডাৰৰ পাইপ খুলি পত্নীক জুই লগাই দিয়ে। এই ঘটনাৰ ফলত থিতাতে নিহত হয় মহিলাগৰাকী।

এই ঘটনাৰ উমান পাই লগে লগে স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। সূত্ৰ অনুসৰি জানিব পৰা মতে, প্ৰায়ে স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। কুন্দন হৰি আছিল সুৰাসত্ত।

কালি নিশাও স্বামী ঘৰলৈ আহে আৰু সুৰাপানৰ বাবে পত্নীক টকা বিচাৰে। কিন্তু টকা দিবলৈ অমান্তি হয় পত্নী। যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় আৰু পৰৱৰ্তী সময়ত স্বামীয়ে পত্নীক ছুৰীৰে প্ৰহাৰ কৰি জীৱন্তে জ্বলাই দিয়ে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক। তেওঁ স্বীকাৰ কৰিছে হত্যাৰ কথা। বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। পূজাৰ আনন্দৰ মাজত এই ঘটনাই সমগ্ৰ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ মই গৰ্ভৱতী…দিনটো ফুৰিলে, নিশা ল’জলৈ গ’ল! পাছত প্ৰেমিকৰ সৈতে গাৰ নোম শিয়ৰি উঠা কাণ্ড…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...