‘অসমৰ ৰাইজক আঠু কাঢ়ি ক্ষমা খোজক অমিত শ্বাহে’, কিহৰ ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে?

জাতীয় জাগৰণ যাত্ৰাৰ মাজেৰে ৰাইজৰ কাষলৈ গৈছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰাইজৰ সমস্যা বোৰ শুনিবলৈ, বুজিবলৈ আৰু সমাধান কৰিবলৈ এই প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ মাজতে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহক কটাক্ষ কৰে বিধায়কগৰাকীয়ে।

অসমৰ ৰাইজক আঠু কাঢ়ি ক্ষমা খোজক অমিত শ্বাহে, কিহৰ ক্ষোভ উজাৰিলে বিধায়ক অখিল গগৈয়ে?

Akhil Gogoi

Published: 

29 Aug 2025 16:23 PM

অসমৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক উন্নয়নৰ লক্ষ্য ঘোষণা কৰি ১৯ আগষ্টৰ পৰা আৰম্ভ কৰিছে এই জাতীয় জাগৰণ যাত্ৰাৰ। আজি ১১ নম্বৰ দিনা শিৱসাগৰ নগৰৰ ভিন্ন প্ৰান্তত ৰাইজৰ সৈতে মিলিত হৈছে। ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত অমিত শ্বাহ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈয়ে।


অসম ভ্ৰমণলৈ অহা অমিত শ্বাহক কটাক্ষ কৰি বিধায়ক অখিল গগৈয়ে কয়, ‘মুখ্যমন্ত্ৰীৰ সৈতে একেলগে অসমৰ ৰাইজক আঠু কাঢ়ি ক্ষমা খোজক অমিত শ্বাহে। অমিত শ্বাহে অসমবাসীক দিয়া প্ৰথম প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। ২০২১৪ চনতে বানমুক্ত আৰু বিদেশীমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিয়া অমিত শ্বাহে এটাও প্ৰতিশ্ৰুতি বৰ্তমানলৈকে পূৰণ কৰিব নোৱাৰিলে। উন্নয়নৰ বাবে নহয়, ভোজ ভাত খাবলৈহে অমিত শ্বাহ অসমলৈ আহিছে।’

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ প্ৰতিও প্ৰশ্ন অখিল গগৈৰ। মিত্ৰতা কৰিব নে নকৰে স্পষ্ট কৰক। যদি কৰে কেতিয়া কৰিব গৌৰৱ গগৈয়ে কৈ দিয়ক। অসমৰ ৰাইজে মিত্ৰতা বিচাৰে, ভাষণ নিবিচাৰে বুলি মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ। বৃহস্পতিবাৰে শিৱসাগৰলৈ আহি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে অখিল গগৈক মিত্ৰতা সন্দৰ্ভত মন্তব্য দিওঁতে সাৱধান হ’ব লাগে বুলি মন্তব্য কৰিছিল। অকিল গগৈয়ে মিত্ৰতাৰ সংস্কৃতি মানি চলা নাই বুলি মন্তব্য কৰিছিল গৌৰৱ গগৈয়ে। আৰু তাৰেই প্ৰত্যুত্তৰ অখিল গগৈৰ।

কলিযুগত কৰক মাত্ৰ এই ৪ টা কাম! জীৱনত সদায় হ'ব উন্নতি...
আপোনাৰ ইউৰিক এচিডৰ সমস্যা আছে নেকি? এইবোৰ খাদ্য একেবাৰে নাখাব...
শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পালে কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা...
ঋণৰ পৰা পাব মুক্তি, দূৰ হ'ব ধনৰ অভাৱ, দীপাৱলীত কৰক এই কাম!