কলিযুগত কি কৰিলে হয় মানুহৰ উন্নতি? 

20  OCT 2025

TV9 ASSAM

পৌৰাণিক গ্ৰন্থত ৪ টা যুগৰ তথা উল্লেখ আছে। সেই কেইটা-সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। পৌৰাণিক গ্ৰন্থত এই প্ৰতিটো যুগৰ বিষয়ে সৱিস্তাৰে উল্লেখ আছে।

যুগ

বৰ্তমান কলিযুগ চলি আছে। পৌৰাণিক গ্ৰন্থ অনুসৰি এই কলিযুগ প্ৰায় ৪,৩২,০০০ বছৰ চলিব। আৰু এতিয়া কেৱল এই যুগৰ প্ৰায় ৫০০০ বছৰ সম্পূৰ্ণ হৈছে। গতিকে আৰু বহুত সময় বাকী আছে।

কলিযুগ

কিন্তু কলিযুগত এনে কিছুমান কাম আছে যি কৰিলে মানুহৰ আৰ্থিক উন্নতি হ'ব পাৰে। বিশেষকৈ তিনিটা দিশ মানি চলিলে মানুহে বহু সমস্যাৰ পৰা দূৰত থাকিব।

কি কৰিব

কলিযুগত সবাতোকৈ ডাঙৰ দান হৈছে প্ৰেম। এক কথাত সকলোকে মৰম, শ্ৰদ্ধা কৰিব লাগে। কাকো অসন্তুষ্ট কৰিব নালাগে। সকলোৰে প্ৰতি ব্যৱহাৰ ভাল ৰাখিব লাগে।

প্ৰেম

কলিযুগৰ সবাতোকৈ ডাঙৰ ধৰ্ম হৈছে, নিজৰ আয়ৰ এটা অংশ সমাজৰ বাবে দিব লাগে। এক কথাত আয়ৰ ১০ শতাংশ সমাজক দিব লাগে বা সেই আয়ৰ এটা অংশৰে আৰ্তজনক সহায় কৰিব লাগে।

সমাজ

কলিযুগৰ সবাতোকৈ ডাঙৰ মহামন্ত্ৰ হৈছে হৰিনাম। কোৱা হয় হৰিনাম জপ কৰিলে আপুনি যিকোনো সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। সেইবাবে ভগৱানৰ প্ৰতি ভক্তি ৰাখিব লাগে।

হৰিনাম

কলিযুগৰ সবাতোকৈ ডাঙৰ শিক্ষা হ'ল মৌনতা। কোৱা হয়, কেৱল প্ৰয়োজনতহে কথা ক'ব লাগে। মৌনতাৰ দ্বাৰা খঙৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব পাৰি। এনে মানুহে বহু সমস্যাৰ পৰা আঁতৰত আৰু সুখত থাকে।

মৌনতা

পঢ়িবলৈ ক্লিক কৰক

চুগাৰৰ পৰিমাণ হ্ৰাসৰ লক্ষণ