শৰীৰত চুগাৰৰ পৰিমাণ হ্ৰাস পোৱাৰ লক্ষণ..

20  OCT 2025

TV9 ASSAM

শৰীৰত চুগাৰৰ পৰিমাণ কম হোৱা এক সমস্যা। যাক হাইপোগ্লাইছিমিয়া বুলি কয়। যেতিয়া তেজত চুগাৰৰ পৰিমাণ কম হয় তেতিয়া এনে হয়। চুগাৰে আমাৰ শৰীৰ আৰু মস্তিষ্কক শক্তি দিয়ে।

চুগাৰৰ পৰিমাণ

বহু সময় ভোকত থকা, বেছি ব্যায়াম কৰা, ইনচুলিন বা ডায়েবেটিছৰ ঔষধ বেছিকৈ খোৱাৰ ফলত এনে হয়। কিছুমান ক্ষেত্ৰত বৃক্ক বা যকৃতৰ সমস্যা হ'ব পাৰে। এই সময়ত শৰীৰে ভালদৰে কাম নকৰে।

কাৰণ

ডাঃ যুগৰ কিশোৰে কয় যে, যেতিয়া শৰীৰত চুগাৰৰ মাত্ৰ কম হয় তেতিয়া প্ৰথম অৱস্থাত ভাগৰ, খিঙখিঙীয়া, দুৰ্বল, হাত-ভৰি ঠাণ্ডা, মূৰ ঘূৰোৱা আদি লক্ষণে দেখা দিয়ে। শৰীৰক শক্তিৰ প্ৰয়োজন হ'লে এনে হয়।

লক্ষণ

যদি সাধাৰণ লক্ষণত গুৰুত্ব দিয়া নাযায় তেতিয়া লক্ষণ বাঢ়িব পাৰে। এনে অৱস্থাত মূৰৰ বিষ, হৃদস্পন্দন বৃদ্ধি, ঘাম ওলোৱা, দৃষ্টিশক্তি ম্লান হোৱা, কথা কোৱাত অসুবিধা, অস্বস্তি আদি হ'ব পাৰে।

গুৰুতৰ লক্ষণ

চুগাৰ মস্তিষ্কৰ মূল শক্তি। যেতিয়া চুগাৰ কম গয় তেতিয়া মস্তিষ্কই ঠিক মতে কাম কৰিব নোৱাৰে। ইয়াৰ ফলত মনোযোগ দিব নোৱাৰে আৰু চিন্তা-শক্তি প্ৰভাৱিত হয়।

মস্তিষ্ক

হাইপোগ্লাইছিমিয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সময়ত খাদ্য গ্ৰহণ কৰিব লাগে। লগতে ভাল খাদ্য, মিঠা, গ্লুকজ থকা খাদ্য খাব লাগে। অধিক তথ্যৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে।

পৰিত্ৰাণৰ উপায়

চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ মাজে সময়তে ব্লাড চুগাৰ পৰীক্ষা কৰিব লাগে। লগতে প্ৰতিদিনে ব্যায়াম কৰিব লাগে। ভাল টোপনিয়ে চুগাৰৰ মাত্ৰা কম কৰাৰ আশংকা হ্ৰাস কৰে।

আৰু কি কৰিব

পঢ়িবলৈ ক্লিক কৰক 

সোঁ চকু লৰা ভাল নে বেয়া