শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিশ্বৰ ভিতৰত চীনত সৰ্বাধিক, দেশৰ কোনখন ৰাজ্যত সৰ্বাধিক গাহৰি আছে? উত্তৰটোৱে আপোনাক আচৰিত কৰিব!

আপুনি জানেনে যে, বিশ্বৰ ভিতৰত কোনখন দেশত গাহৰিৰ সংখ্যা সৰ্বাধিক? গাহৰিৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত কোনখন ৰাজ্য প্ৰথম স্থানত আছে ?

বিশ্বৰ ভিতৰত চীনত সৰ্বাধিক, দেশৰ কোনখন ৰাজ্যত সৰ্বাধিক গাহৰি আছে? উত্তৰটোৱে আপোনাক আচৰিত কৰিব!
গাহৰি
manas-borah
Manas Borah | Updated On: 27 Aug 2025 11:34 AM

বিশ্ব বজাৰত গাহৰি মাংসৰ চাহিদা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ বিশ্বতে ব্যৱসায়িক ভিত্তিত গাহৰি পালনৰ হাৰো বৃদ্ধি পাইছে। বৰ্তমান আমাৰ অসমতো গাহৰি পালনৰ বাবে কৃষক সকলৰ মাজত আগ্ৰহ দেখা গৈছে। ব্যৱসায় ভিত্তিত গাহৰি পালন কৰি সংস্থাপন লাভ কৰিছে ৰাজ্যৰ বহু লোকে। কিন্তু আপুনি জানেনে যে, বিশ্বৰ ভিতৰত কোনখন দেশত গাহৰিৰ সংখ্যা সৰ্বাধিক? গাহৰিৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত কোনখন ৰাজ্য প্ৰথম স্থানত আছে ?

সমগ্ৰ বিশ্বতে মাংস উৎপাদনৰ এক গুৰুত্বপূৰ্ণ অংশ গাহৰি পালন। বহু দেশৰ অৰ্থনীতিত ই যথেষ্ট অৰিহণা যোগায়। এক প্ৰতিবেদন অনুসৰি, বৰ্তমান সমগ্ৰ বিশ্বতে গাহৰিৰ সংখ্যা প্ৰায় ৭৮ কোটি। বিশ্বৰ ভিতৰতে সৰ্বাধিক গাহৰি চীনত পোৱা যায়। বিশ্বৰ মুঠ গাহৰিৰ সংখ্যাৰ প্ৰায় আধা সংখ্যা চীনত আছে। পৰিসংখ্যা অনুসৰি চীনত প্ৰায় ৪০-৪৫ কোটি গাহৰি আছে। চীনৰ পিছত গাহৰি পালনত ইউৰোপীয় সংঘ (বিশেষকৈ জাৰ্মানী, স্পেইন, ডেনমাৰ্ক, ফ্ৰান্স, পোলেণ্ড) আৰু আমেৰিকাই পৰৱৰ্তী স্থান লাভ কৰে।

ভাৰতৰ ভিতৰতে সৰ্বাধিক গাহৰি আছে অসমত। ২০১৯ চনৰ পশুধন লোকপিয়ল অনুসৰি অসমত ২১ লাখৰো অধিক গাহৰি আছে। অসমৰ পিছতে আছে ঝাৰখণ্ড (১২.৮ লাখ) আৰু মেঘালয় (৭.১ লাখ)। দেশৰ মুঠ গাহৰি সংখ্যাৰ বৃহৎ অংশ এই তিনিখন ৰাজ্যৰ।

উল্লেখ্য যে, উত্তৰ-পূব ভাৰতত গাহৰি পালন এক গুৰুত্বপূৰ্ণ ব্যৱসায়, যিটো গ্ৰাম্য আৰু জনজাতীয় লোকৰ জীৱিকাৰ মূল উৎস। ভাৰতত মুঠ গাহৰিৰ সংখ্যা প্ৰায় ৯০.৬ লাখ। যোৱা দশকৰ তুলনাত এই সংখ্যা সামান্য হ্ৰাস পাইছে যদিও বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যৰ আন আন অঞ্চলত গাহৰিৰ মাংসৰ চাহিদা অহৰহ বৃদ্ধি পাইছে।