Lakme fashion week ত কাপোৰৰ জৰিয়তে ডিজাইনাৰ সংযুক্তা দত্তই জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি

'অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ ‘গধূলি’ বস্ত্ৰ সম্ভাৰেৰে Lakme fashion week ত উজলিল অসমৰ বস্ত্ৰ পৰম্পৰাৰ শিপা। তাত জুবিন গাৰ্গৰ “মায়াবিনী ৰাতিৰ বুকুত... গীতৰ সুৰেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰোপৰি সুনীতা ভূঞাৰ ভায়’লীনত জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠৰ গীতৰ সুৰত স্পন্দিত হ’ল মঞ্চ৷

Lakme fashion week ত কাপোৰৰ জৰিয়তে ডিজাইনাৰ সংযুক্তা দত্তই জুবিন গাৰ্গক জনালে শ্ৰদ্ধাঞ্জলি
Updated On: 

10 Oct 2025 17:20 PM

শুকুৰবাৰে নতুন দিল্লীত অনুষ্ঠিত Lakme fashion week ত সংযুক্তা দত্তৰ আন এক নতুন বস্ত্ৰ সমাহাৰৰ প্ৰদৰ্শনে সৃষ্টি কৰে এক মায়াময় পৰিৱেশৰ । জুবিন গাৰ্গৰ সংগীতৰ লগতে প্ৰদৰ্শনীৰ মাধুৰ্য বৃদ্ধি কৰি, সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ প্ৰতি উৎসৰ্গিত অসমৰ ভায়’লীনবাদক সুনীতা ভূঞাৰ সুৰৰ লহৰ। সংজুক্তাই নিজৰ বস্ত্ৰ সংকলনত বিশেষভাৱে জুবিনৰ প্ৰতিচ্ছবিো অংকন কৰে।


ডিজাইনাৰ অসম কন্যা সংয়ুক্তা দত্তই তেওঁৰ নতুন ‘গধূলি – দ্য টুৱাইলাইট’ শীৰ্ষক বস্ত্ৰ সংকলনৰ জৰিয়তে Lakme fashion week ৰ দৰ্শক সকলক ‘গধূলি’ৰ এক সুন্দৰ জগতলৈ লৈ যায়। গধুলী সময়ৰ পৰা প্ৰেৰণা লাভ কৰি সংযুক্তাৰ বস্ত্ৰ সম্ভাৰ ক’লা আৰু মেৰুণ ৰঙৰ এক বাংময় সপোনৰ দৰে বিস্তৃত হৈ পৰিছিল—গভীৰ, আকৰ্ষণীয় আৰু অনিৰ্বচনীয়।

‘গধূলি’ শীৰ্ষক নতুন ফেশ্বনৰ বস্ত্ৰ সংকলনত সংযুক্তা দত্তই অসমৰ ঐতিহ্যবাহী মেখেলা-চাদৰক আধুনিক দৃষ্টিকোণৰ জৰিয়তে পুনৰ সংজ্ঞায়িত কৰিছে। অসমীয়া ঐতিহ্যবাহী বয়ন শিল্পৰ সৈতে সাহসী আৰু সমসাময়িক ডিজাইনৰ মিশ্ৰণেৰে শাৰী, মাৰ্জিত বস্ত্ৰাংগ, স্কাৰ্ট আৰু লাৱণ্যময়ী আনাৰকলিৰ সৃষ্টি কৰি ৰেম্পত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

শ্ব’ৰ পিছতে নতুন দিল্লীত নিজৰ শেহতীয়া এই বস্ত্ৰ সংকলনৰ প্ৰেৰণাৰ বিষয়ে সংযুক্তা দত্তই কয়, “গধূলি এটা যাদুকৰী অনুভৱ, য’ত পোহৰ আৰু ছাঁৰ মিলন ঘটে। এই সমন্বয়ে মোৰ জন্মভূমি অসমৰ কথা মনত পেলায়, য’ত পৰম্পৰা আৰু প্ৰকৃতিৰ নিখুঁত সামঞ্জস্য ৰয়। এই সংগ্ৰহৰ জৰিয়তে মই শক্তি আৰু কোমলতা, ঐতিহ্য আৰু পৰিৱৰ্তনৰ সেই সমন্বয় বয়ন কৰিব বিচাৰিছিলো।”

এই ফেশ্বন শ্ব’ত শ্ব’ত বলীউড অভিনেত্ৰী নীলম কোঠাৰীয়ে শ্ব’-ষ্টপাৰ হিচাপে ৰানৱে’ত উপস্থিত হৈ গধূলিৰ বস্ত্ৰ সম্ভাৰক অনন্য মাত্ৰা প্ৰদান কৰে। এই বস্ত্ৰৰ ফেশ্বনক লৈ তেওঁৰ অভিজ্ঞতাৰ বিষয়ে নীলমে কয়, “সংযুক্তাৰ বাবে ৰানৱে’ত খোজ দিয়াটো এটা সৌভাগ্যৰ বিষয় আছিল। তেওঁৰ সৃষ্টিত আত্মা আছে, চিলাইৰ প্ৰতিডাল সূতাই যেন এটা কাহিনী কয়।

উল্লেখযোগ্য যে, সংযুক্তা দত্তই দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সৃষ্টিৰ বস্ত্ৰৰ ফেশ্বনত আধুনিকতাৰ মাজেৰে অসমীয়া বয়ন শিল্পক দাঙি ধৰি কৃতিত্ব অৰ্জন কৰি অহাৰ লগতে অসমলৈ সুনাম কঢ়িয়াই কৰি আহিছে । ইতিমধ্যে নিজৰ অনন্য বস্ত্ৰশৈলী আৰু অসমৰ হাতে বোৱা বস্ত্ৰৰ প্ৰচাৰৰ বাবে বহু স্বীকৃতি লাভ কৰিছে।

কি কি ৰোগত জিভা শুকাই যায়? এই লক্ষণবোৰ কেতিয়াও আওকাণ নকৰিব...
ছাল উজ্জ্বল কৰি তুলিব পাকঘৰৰ এইসমূহ মছলাই, এইদৰে ব্যৱহাৰ কৰিলেই পাব ফল
প্ৰাৰম্ভিক পৰ্যায়ত মগজুৰ টিউমাৰ হ'লে কি কি লক্ষণে দেখা দিয়ে ?
মা কালীৰ বাহন কি আপুনি জানেনে?