Top9:দীপক শৰ্মালৈ আৰ্থিক সাহাৰ্যৰ পৰা ৫৮ জন পাকিস্তানী সেনাৰ মৃত্যুলৈকে, দিনটোৰ খবৰ…
Top9: আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, ছিংগাপুৰ আৰক্ষীয়েও তদন্ত কৰি আছে।

দিনটোৰ খবৰ...
আজিৰ দিনটোৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ-
১) জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, ছিংগাপুৰ আৰক্ষীয়েও জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত তদন্ত কৰি আছে। অসমত এছ আই টিয়ে কৰি আছে। ছিংগাপুৰৰ পৰা আমাক কি কি সহায় লাগে আমি সেয়া ছিংগাপুৰলৈ পঠিয়াইছো। ইয়াৰোপৰি ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া অসমলৈ আহি SIT ত হাজিৰ হ’ব বুলি কয় শৰ্মাই।
২) অসমৰ জনসংখ্যাৰ ওপৰত মত প্ৰকাশ মুখ্যমন্ত্ৰীৰ। তেওঁ কয় যে, অসমত মুছলিম জনসংখ্যা ৩৮ শতাংশ পাৰ হৈ গৈছে। মাজুলীৰ দৰে অঞ্চলত ১০০ শতাংশ বৃদ্ধি পাইছে মুছলিমৰ সংখ্যা। মাজুলিৰ দৰে অঞ্চলত এই সংখ্যা অতি গভীৰ বিষয়। অসমীয়া মুছলিমৰ জনসংখ্যা বৃদ্ধি হোৱা নাই। আজিৰ সময়ত অসমত অসমীয়া হিন্দু মানুহৰ সংখ্যা ৪০ শতাংশৰ ওপৰত নহয়। ইয়াৰ বাবে ভাৰত চৰকাৰে ডেমগ্ৰাফি মিছনৰ যো জা কৰি আছে।
৩)অসমত মুকলি হ’ল CM-FLIGHT শীৰ্ষক অভিলাষী আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে আঁচনিখন। ইয়াৰ অধীনত অসমত উপলব্ধ হ’ব বিভিন্ন বিদেশী ভাষাৰ শিক্ষা। যাৰ বাবে অসমৰ যুৱক-যুৱতীৰ বহিঃৰাষ্ট্ৰত নিয়োগৰ ক্ষেত্ৰত ভাষা বাধা হিচাপে আৰু নাথাকে। আঁচনি মুকলি কৰি শৰ্মাই কয় যে, জাপানত মুকলি আছে সংস্থাপনৰ বাট। মই বিচাৰো অসমৰ ৫০ হাজাৰ যুৱক-যুৱতীয়া জাপানত চাকৰি লাভ কৰক।
৪)বাঁহীবাদক দীপক শৰ্মালৈ অসম চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সহাৰ্য। শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, দীপক শৰ্মা বৰ্তমান চিকিৎসাধীন হৈ থকাৰ বাতৰি সিদিনা লাভ কৰিছিলো৷ তেখেত আমাৰ বাবে এক সম্পদ৷ তেখেতৰ চিকিৎসাৰ বাবে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য আমি আগবঢ়াইছো।
৫) শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গৰে। ইয়াৰ পাছতে তেওঁ কয় যে,আমেৰিকাই ভাৰতৰ সৈতে থকা সম্পৰ্কক অতি গুৰুত্ব দিয়ে। মোদীৰ সৈতে বৈঠক বিশেষ আছিল। এই সময়চোৱাত আমি আমি প্ৰতিৰক্ষা, বাণিজ্য, প্ৰযুক্তিকে ধৰি দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত আলোচনা কৰো। এই আলোচনাত বিশেষ খনিজ পদাৰ্থ সন্দৰ্ভতো আলোচনা কৰা বুলি জানিব পৰা গৈছে।
৬)বৰ্তমান ভাৰত ভ্ৰমণত আছে আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকী। তেওঁ আজি আগ্ৰাৰ তাজমহল ভ্ৰমণ কৰাৰ কথা আছিল যদিও সেয়া শেষ মুহূৰ্তত বাতিল হয়। এতিয়ালৈকে স্পষ্ট কাৰণ পোহৰলৈ অহা নাই। অৱশ্যে সূত্ৰই জনাইছে যে কূটনৈতিক কাৰণত এই ভ্ৰমণ বাতিল কৰা হৈছে।
৭)পাকিস্তান আৰু আফগানিস্তানৰ মাজত তীব্ৰ উত্তেজনা। বৃহস্পতিবাৰে গভীৰ নিশা পাকিস্তানে কাবুলত আক্ৰমণ চলাইছিল। ইয়াৰ পাছত শনিবাৰে নিশা আফগানিস্তানে প্ৰতিশোধ লয়। আফগানিস্তান আৰু পাকিস্তান সীমান্তত দুই দেশৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। এই সংঘৰ্ষত ৫৮ জন পাকিস্তানী জোৱান নিহত হয় বুলি দাবী কৰিছে আফগানিস্তানে। জানিব পৰা মতে, নংগাৰহৰ আৰু কুনাৰ প্ৰদেশৰ ডুৰাণ্ড লাইনত এই ঘটনা সংঘটিত হয়।
৮)যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্য জনক মৃত্যু। জানিব পৰা মতে, যোৰহাট চেঙেলী গাঁৱৰ ২১ বছৰীয়া প্ৰীতম দত্ত নামৰ যুৱক জনক শনিবাৰে নিশা ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰি লৈ গৈছিল। কিন্তু দেওবাৰে আৰক্ষীয়ে পৰিয়ালক জনাই যে, যুৱকজনে আজি পুৱা চৰম পন্থা গ্ৰহণ কৰিছে। এই কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
৯) ছলমান খানৰ ছুপাৰহিট ছবি ন’ এণ্ট্ৰি ২ৰ ছিকুৱেলৰ কাম চলি আছে। ইয়াৰ মাজতে সলনি হৈছে অভিনেতা-অভিনেত্ৰী। বনি কাপুৰ আৰু আনীছ বাজমীয়ে ছবিখন নিৰ্মাণৰ কাম কৰি আছে। এই ছবিখনৰ পৰা ইতিমধ্যে দিলজিৎ দোসাঞ্জে বাহিৰ হৈছে। এতিয়া অভিনেতা বৰুণ ধাৱনকো এই ছবিখনত দেখিবলৈ পোৱা নাযাব বুলি খবৰ আহিছে। জানিব পৰা মতে, সময় মিলাব নোৱাৰা বাবে এই দুয়োজন অভিনেতা ছবিখনৰ পৰা বাহিৰ হয়।
অন্য খবৰ পঢ়কঃ যোৰহাট সদৰ আৰক্ষী থানাত আচামীৰ ৰহস্যজনক মৃত্যু…