পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় যে, পাকিস্তানৰ লগত যদি আলোচনা হয়, তেন্তে সেয়া সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK)ৰ ওপৰত হ’ব । 

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বাতৰি

Published: 

13 May 2025 | 07:56 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. দেশবিৰোধী মন্তব্য কৰি অসমত গ্ৰেপ্তাৰ ৫৬ জন। সোমবাৰে এই তথ্য সামাজিক মাধ্যমত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  2. অসম পৰ্যটনৰ বাবে এক ভাল খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জাৰি কৰা তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত ৪ লাখৰো অধিক পৰ্যটকে অসমৰ প্ৰকৃতি আৰু আতিথ্য উপভোগ কৰিবলৈ অসম ভ্ৰমণ কৰিছিল৷
  3. ভাৰত-পাকিস্তানৰ উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি ১০ মে’ৰ পৰা বিহু অনুষ্ঠান বাতিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এতিয়া পৰিস্থিতি কিছু শান্ত হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে , ১৫ মে’ৰ আগত বিহু অনুষ্ঠান পাতিব পাৰিব। জেঠ মাহৰ আগত বিহু পাতিলে আপত্তি নাই।
  4. ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ পাছতে প্ৰথমবাৰৰ বাবে সোমবাৰে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে, ভাৰতৰ প্ৰতিশোধমূলক কাৰ্যত পাকিস্তানৰ অৱস্থা বেয়া হৈ গৈছিল। তেতিয়া পাকিস্তানী সেনাই ভাৰতক যোগাযোগ কৰি যুদ্ধ বিৰতিৰ আহ্বান জনাইছিল। তাৰ পাছত দুয়োখন দেশ যুদ্ধ বিৰতিৰ বাবে সন্মত হৈছিল।
  5. ভাৰত-পাকিস্তানৰ মাজত হোৱা যুদ্ধ বিৰতিৰ কৰ্তৃত্ব লয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ দাবী কৰে যে, আমেৰিকাই বাণিজ্যিত হেঁচা দি হ’বলগীয়া সাম্ভাব্য পাৰমাণৱিক যুদ্ধ ৰোধ কৰিছে। ইয়াক লৈ তেওঁ গৌৰৱান্বিত।
  6. দেশবাসীক সম্বোধন কৰি মোদীয়ে কয় যে, সন্ত্ৰাস আৰু আলোচনা একেলগে হ’ব নোৱাৰে। সন্ত্ৰাস আৰু ব্যৱসায় একেলগে হ’ব নোৱাৰে , লগতে পানী আৰু তেজো একেলগে ব’ব নোৱাৰে।
  7. মোদীয়ে কয় যে, পাকিস্তানৰ লগত যদি আলোচনা হয়, তেন্তে সেয়া সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK)ৰ ওপৰত হ’ব ।
  8. সোমবাৰে নিশা জম্মু-কাশ্মীৰৰ চাম্বাত পুনৰ কিছুমান সন্দেহজনক ড্ৰ’ন দেখা পোৱা যায়। লগে লগে ভাৰতীয় বায়ুসেনাই প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয় কৰিছে। এই তথ্য প্ৰদান কৰি ভাৰতীয় সেনা বিষয়াই সকলোকে সংযম বজাই ৰাখিবলৈ কয়। লগতে ৰাইজক আশ্বস্ত কৰা হৈছে যে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই।

 

অন্য খবৰ পঢ়কঃ আমি চীনত নিৰ্মিত PL 15 মিছাইল ধ্বংস কৰিছিলো, এতিয়া সাজু পৰৱৰ্তী অভিযানৰ বাবেঃ ভাৰতীয় সেনা

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...