পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ

আজি ২৪ অক্টোবৰ, শুকুৰবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ছিংগাপুৰৰ পৰা উভতি আহি আজি সংবাদমেল সম্বোধন কৰে মুন্নাপ্ৰসাদ গুপ্তাই। পঢ়ক দিনটোৰ শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
Published: 

24 Oct 2025 19:55 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ছিংগাপুৰৰ পৰা উভতি অহাৰ পাছতে আজি সংবাদমেল সম্বোধন কৰে এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই। মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ লগতে চাওঁ আহক দিনটো ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰত তদন্ত চলাই উভতি আহিল এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তা। আজি এক সংবাদমেলত তেওঁ কয় যে ছিংগাপুৰৰ কেবাটাও স্থানত তেওঁলোকে অভিযান চলায়। ছিংগাপুৰ আৰক্ষীকো তদন্ত খৰটকীয়া কৰিবলৈ অনুৰোধ জনাইছে এছ আই টিয়ে। গোচৰ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য পোৱা বুলিও তেওঁ সদৰী কৰে।
  2. আজি শ্ৰীভূমিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠ ১৮,৭৪৫ গৰাকী মহিলাই চেকযোগে লাভ কৰে ১০ হাজাৰকৈ টকা। এই পুঁজিৰ সদ ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান মুখ্যমন্ত্ৰীৰ।
  3. অৰুণাচলৰ ম্যানমাৰ সীমান্তত আটক আলফা স্বাধীনৰ লিংকমেন। চাৰিগৰাকী অসমৰ নাগৰিকৰ লগতে তিনিজন ম্যানমাৰৰ ব্যক্তিক আটক আৰক্ষীৰ। সংগঠনটোৰ বাবে ঔষধ আৰু যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।
  4. সোণাপুৰৰ জুবিন ক্ষেত্ৰ দৰ্শনৰ বাবে চৰকাৰে জাৰি কৰিছে এক বিশেষ এছ অ’ পি। সেই অনুসৰি পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ দৰ্শন কৰিব পাৰিব জুবিন গাৰ্গৰ সমাধি। এই নিৰ্দেশনাক লৈ ৰাজ্যত ব্যাপক বিতৰ্কৰ সূত্ৰপাত ঘটে। বহুতেই এই এছ অ’ পি মানি ল’বলৈ অস্বীকাৰ কৰিছে।
  5. জুবিন গাৰ্গৰ চৰকাৰী দেহৰক্ষী পৰেশ বৈশ্যৰ ঘৰত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুৱা ৯ বজাৰ পৰা ১২ বজালৈ প্ৰায় ৩ ঘন্টা ধৰি চলে এই অভিযান । অভিযানকালত পৰেশ বৈশ্যৰ ঘৰৰ পৰা নথি-পত্ৰসহ কিছু সামগ্ৰী জব্দ কৰে দলটোৱে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিচতে পোহৰলৈ আহিছিল দেহৰক্ষী পৰেশ বৈশ্যৰ বেংক একাউন্টত বৃহৎ ধনৰ লেনদেন তথ্য।
  6. শুকুৰবাৰে পুৱতি নিশা অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছত জুই লগাৰ ফলত জ্বলি উঠে বাছখন। এই ঘটনাত প্ৰায় ২০ জন লোকৰ মৃত্যু হয়। বাছখনত প্ৰায় ৪০ জন লোক আছিল। বাকীসকলে খিৰিকীৰে জপিয়াই প্ৰাণ ৰক্ষা কৰে।
  7. ভাৰতৰ পৰৱৰ্তী মুখ্য় ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে। অহা মাহত অন্ত পৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ কাৰ্যকাল। তাৰ পাছতেই তেওঁৰ স্থানত অধিষ্ঠিত হ’ব ন্যায়াধীশ সূৰ্যকান্ত। ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত অধিষ্ঠিত থাকিব।
  8. ৰাষ্ট্ৰসংঘৰ পৰৱৰ্তী সচিব প্ৰধান হ’ব পাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মঃ ইউনুছ। বৰ্তমানৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ কাৰ্যকাল অহা বছৰ শেষ হ’ব। এই দৌৰত ইউনুছৰ উপৰিও আছে পাৰমাণৱিক নিৰীক্ষণ সংস্থাৰ মুৰব্বী ৰাফেল গ্ৰ’ছি আৰু চিলিৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মিচেল বেচেলেটৰ নাম।
  9.  নিউজিলেণ্ডক পৰাস্ত কৰি মহিলা এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ভাৰতে। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। লীগ পৰ্যায়ত এই তিনিওটা দলৰ বিপক্ষে পৰাস্ত হৈছে ভাৰত।
Related Stories
Morning News: জুবিনক্ষেত্ৰৰ SOPৰ পৰা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচলৈ, পলকতে চাওক পুৱাৰ কেইটামান প্ৰধান খবৰ
২০২৬ত বিজেপিয়েই জিকিব! জুবিনক ৰাজনীতিৰ পৰা ১০০০ কিলোমিটাৰ দূৰত ৰখাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ
চাৰ্জশ্বীট দিয়াৰ পাছতে জুবিনৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব অসমৰ মুখ্যমন্ত্ৰী, ৰীতা চৌধুৰীৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ
উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ, মহিলাসকলে কি কি কামত ব্যৱহাৰ কৰিব পাৰিব এই পুঁজি?
১৯৮৩ ৰ নেলীকাণ্ড: ৪২ বছৰৰ পাছত চৰকাৰে বিধানসভাত দাখিল কৰিব তিৱাৰী আয়োগৰ প্ৰতিবেদন
ছিংগাপুৰৰ পৰা কি কি তথ্য পালে SITএ? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত SIT ৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেল
সোনকালে ওজন কমোৱাৰ চেষ্টাত মানুহে কৰে এনে ভুল, উপকাৰৰ পৰিৱৰ্তে হ’ব পাৰে ক্ষতিহে
মগজু চোকা কৰিবলৈ দৈনিক কৰক এই ৫টা কাম, কম সময়তে দেখিব ইতিবাচক প্ৰভাৱ
শনি দেৱৰ পূজাত ভুলতো নিদিব এইসমূহ সামগ্ৰী, শনি দোষ লাগিব আপোনাৰ!
কলডিল আপোনাৰ প্ৰিয় নে? আমাৰ শৰীৰৰ কি কি উপকাৰ সাধন কৰে জানো আহক