দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় যুদ্ধ বিমান, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ
আজি ২১ নৱেম্বৰ, বুধবাৰ। বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ভাৰতীয় যুদ্ধ বিমান দুৰ্ঘটনাৰ পৰা ৰাজনীতি, ক্ৰীড়া জগতলৈকে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ডুবাই এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনাত পতিত হয় ভাৰতীয় যুদ্ধ বিমান। ইফালে, শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৫ জন লোকক ‘বিদেশী’ ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষৰ সৈতে বাজপেয়ী ভৱনত বৈঠক বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটো শীৰ্ষ খবৰ
- শুকুৰবাৰে ডুবাই এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় যুদ্ধ বিমান। বায়ুসেনাত ব্যৱহৃত যুদ্ধ বিমান ভাৰতীয় এইচ এ এল তেজছ দুপৰীয়া প্ৰায় ২:১০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। ডুবাই ৱৰ্ল্ড চেণ্ট্ৰেলৰ আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।
- অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ। শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৫ জন লোকক ‘বিদেশী’ ঘোষণা কৰা হৈছে। ১৯৫০ চনৰ বহিষ্কাৰ আইনৰ অধীনত ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ জাৰি কৰা হৈছে জাননী। অৱশ্য এই লোকসকলক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। তথ্য অনুসৰি, ২০০৬ চনত আৰক্ষী অধীক্ষকে (সীমান্ত) পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
- ডিচেম্বৰৰ প্ৰথম সপ্তাহত হ’ব BTC ত বিজেপিৰ সাংগঠনিক সালসলনি। BPF ক সমৰ্থন কৰিব বিজেপিয়ে। এই কথা জনাইছে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ জনাইছে যে,বিধানসভা নিৰ্বাচনৰ বাবে BTC ত বিজেপিয়ে পুনৰ সংগঠন শক্তিশালী কৰিব। ইফালে, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষৰ সৈতে বাজপেয়ী ভৱনত বৈঠক বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ।
- শুকুৰবাৰে ৰিখটাৰ স্কেলত ৫.৭ প্ৰাবল্য ভূমিকম্পৰ জোকাৰণি অনুভুত হয় ৰাজ্যত। পুৱা ১০.০৭ বজাত অনুভুত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বাংলাদেশ। ইফালে, এই ভূমিকম্পৰ ফলত বাংলাদেশৰ কেইবাখনো ৰাজ্যত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে ৰেলিং ভাঙি ৩ জন নিহত হোৱা খবৰ পোৱা গৈছে। আহত ১০০ ৰো অধিক।
- শ্ৰীভূমিত জিলাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১.৫ কোটি টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। পাথাৰকান্দিৰ সোনাখিৰা এলেকাৰ পৰা ২৫৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। TR 05 F 0465 নম্বৰৰ এখন টাটা পাঞ্চ বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় ৫৫ পেকেট গাঞ্জা। ত্ৰিপুৰাৰ পৰা বিকল্প পথ কাঠলতলী চান্দখিৰা পথেৰে অসমত প্ৰৱেশ কৰিছিল বাহনখন।
- দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে জড়িত থকা অভিযোগ গ্ৰেপ্তাৰ হোৱা ডাঃ মুজাম্মিলৰ ফোনৰ পৰা উদ্ধাৰ হৈছে চাঞ্চল্যকৰ তথ্য। খবৰ অনুসৰি, তেওঁৰ ফোনৰ পৰা জৈছ-ই-মহম্মদ আৰু আইছিচৰ ঘৃণনীয় ভাষণ, অপপ্ৰচাৰকে ধৰি প্ৰায় ২০০ টা ভিডিঅ’ উদ্ধাৰ কৰা হৈছে। ইয়াৰোপৰি তেওঁৰ ফোনত বোমা নিৰ্মাণ আৰু সন্ত্ৰাসবাদী প্ৰশিক্ষণৰ সৈতে জড়িত ৮০ টা ভিডিঅ’ উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই।
- আজি জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সত মিলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত প্ৰতিটো যোগ্য পৰিয়ালে অৰুণোদয় ৩.০-ৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰাৰ বাবে জিলা আয়ুক্তক নির্দেশনা দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে, অৰুণোদয়ৰ অধীনত এল পি জি ৰাজসাহায্যও দক্ষতাৰে বিতৰণ কৰাৰো আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে। ইফালে, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰাইজক এখন বিশেষ গ্ৰন্থ উপহাৰ দিব চৰকাৰে। ইফালে, শ্বহীদ দিৱস আয়োজন কৰাৰ প্ৰস্তুতিৰ বিষয়েও বৈঠকত আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে।
- ভি এফ এছ গ্লোবেলে মূলতঃ গুৱাহাটীত ৬০ খনোৰ অধিক দেশৰ বাবে সমৰ্পিত ভিছা সুবিধা কেন্দ্ৰ স্থাপন কৰিবলৈ নীতিগত সন্মতি প্ৰকাশ কৰিছে। এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীতে দিব পাৰিব ভিছা আবেদনৰ বাবে বায়’মেট্ৰিক্স । অতি সোনকালেই ইয়াৰ সবিশেষ তথ্য প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী শৰ্মাই।
- ডিগবৈত কিংবদন্তি ক্ৰিকেট খেলুৱৈ কপিল দেৱ। ১ কোটি টকাৰ প্ৰাইজমানীৰে ২৫ তম ছাৰ্ভ মাষ্টাৰ্ছ গল্ফ প্ৰতিযোগিতা উপভোগ কৰিলে ভাৰতৰ কিংবদন্তি ক্ৰিকেটাগৰাকীয়ে। যোৱা ১৮ নবেম্বৰৰ পৰা ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ উদ্যোগত ডিগবৈ গল্ফ লিংকত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা। আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কপিল দেৱে।