Morning Headline: ১ মিনিটতে পঢ়ক ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ

আজি ২৮ ডিচেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: ১ মিনিটতে পঢ়ক ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰ

পুৱাৰ খবৰ

Updated On: 

28 Dec 2025 06:43 AM

আজি ২৮ ডিচেম্বৰ দেওবাৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কইনাধৰাত নিশা কটাব মন্ত্ৰীগৰাকীয়ে। সোমবাৰে বটদ্ৰৱাত মুকলি কৰিব বটদ্ৰৱা প্ৰকল্প লগতে অংশগ্ৰহণ কৰিব বহুকেইটা কাৰ্যসূচীত।
  2. আজি ৰতন টাটাৰ জন্মদিন। ৰতন টাটা কেৱল উদ্যোগ জগতত নিজৰ সফলতাৰ বাবেই নহয়, নিজৰ ব্যক্তিত্বৰ বাবেও জনাজাত। ৰটন টাটাৰ জন্ম ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ভাৰতৰ চুৰাটত হৈছিল।
  3. অহা বছৰৰ ১৫ জানুৱাৰীৰ পৰা জিম্বাবুৱে আৰু নামিবিয়াত আৰম্ভ হ’বলগীয়া ১৯ বছৰ অনুৰ্ধ্বৰ পুৰুষৰ বিশ্বকাপ ৬ ফেব্ৰুৱাৰীলৈকে চলিব। চাৰিটা গ্ৰুপত বিভক্ত এই বিশ্বকাপত মুঠ ১৬টা দলে অংশগ্ৰহণ কৰিছে। ৫ বাৰৰ চেম্পিয়ন টীম ইণ্ডিয়াক গ্ৰুপ Bত স্থান দিয়া হৈছে।
  4. “অসম শংকৰ-মাধৱৰ দেশ, শংকৰ-আজানৰ নহয়”, বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত দাবী মুখ্যমন্ত্ৰীৰ। অসম “শংকৰ–আজান” সমন্বয়ৰ ভূমি বুলি কৰা দাবীক নাকচ কৰি শৰ্মাই কয় যে এনে আখ্যানে ঐতিহাসিক বাস্তৱক উপেক্ষা কৰি ভাৰতৰ উত্তৰ-পূবৰ দুৱাৰমুখ হিচাপে কাম কৰা অঞ্চলটোৰ থলুৱা সাংস্কৃতিক ভেটি দুৰ্বল কৰি পেলায়।
  5. অন্ত পৰিল শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। ২০১৬ ৰ পূৰ্বৰ আৰু এতিয়াৰ অসমৰ বাৰ্তা লৈ প্ৰতি ঘৰলৈ যাব বিজেপি !
  6. এমজিএনৰেগা ৰক্ষাৰ বাবে ৫ জানুৱাৰীৰ পৰা দেশজুৰি ‘মনৰেগা বচাও’ অভিযান আৰম্ভ কৰিব কংগ্ৰেছে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে যে দেশজুৰি ‘মনৰেগা বচাও’ অভিযান আৰম্ভ কৰিব, ইয়াৰ দ্বাৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চয়তা আইন (MNREGA)ক এক গণ আন্দোলনৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত কৰাৰ লক্ষ্য় দলটোৰ।
  7. বাগেশ্বৰ মহাৰাজে বাংলাদেশত হিন্দুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টো উত্থাপন কৰে। কয়, আমাৰ সকলো হিন্দুৰ বাবে এটা অনুৰোধ আছে। এতিয়া চৰকাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে বাংলাদেশী হিন্দুক প্ৰচাৰ আৰু সুৰক্ষা নকৰিলে বাংলাদেশৰ হিন্দু নিঃশেষ হৈ যাব। ইয়াৰ প্ৰভাৱ ভাৰতত পৰিব।
  8. আজি ২০২৫ বৰ্ষৰ অন্তিমটো দেওবাৰ। ৰাজ্যজুৰি নতুন বছৰক আদৰাৰ প্ৰস্তুতি।
  9. মুকলি কৰা হ’ল কৃষ্ণমণি চুতীয়াৰ ৰাংঢালী-২০২৬ৰ প্ৰথমটো গীতৰ ভিডিঅ’। হেকটি বিহুৰ ভিডিঅ’ উন্মোচন। ৰাজীৱ শদিয়াৰ স্মৃতিত উৎসৰ্গা কৰা হয় গীতটো।
সেউজীয়া মটৰত কি ভিটামিন বেছিকৈ থাকে? ছালৰ উজ্বলতাৰ বাবে কৰে কাম!
এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...