মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? উপশম পোৱাৰ উপায়

December 27, 2025

TV9 ASSAM

Photo Credits: Getty Images

নতুন বছৰৰ পাৰ্টি কৰাৰ কথা ভাৱিছে নেকি ? যদি আপুনি মদ্যপান কৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে।

নতুন বছৰৰ পাৰ্টি

অত্যধিক মদ্যপান কৰাৰ পাছত পিছদিনা ৰাতিপুৱা হেংঅ'ভাৰ বা অত্যধিক মূৰৰ বিষ অনুভৱ হয়। হয়তো প্ৰায় সংখ্যক মদ্যপান কৰা লোকেই এই সমস্যাৰ সন্মুখীন হৈছে।

হেংঅ'ভাৰ

পাৰ্টি কৰাৰ পিছত হেংঅ'ভাৰ হোৱাটো একেবাৰে সাধাৰণ। হেংঅ'ভাৰৰ পৰা উপশম পাবলৈ কি কৰিব ?

উপশম পোৱাৰ উপায়

হেংঅ'ভাৰৰ পৰা মুক্তি পাবলৈ গ্ৰীণ টি বা হাৰ্বেল টি খাব পাৰে। ই অত্যধিক মদ্যপানৰ পিছত লিভাৰ ঠাণ্ডা কৰি ৰাখিব আৰু আপোনাক আৰাম দিব। ফলত ক্ৰমান্বয়ে হেংগঅভাৰ নাইকিয়া হৈ যাব।

গ্ৰীণ টি বা হাৰ্বেল টি

হেংঅ'ভাৰৰ পৰা মুক্তি পাবলৈ কল খাব পাৰে। কলত থকা পটাছিয়ামে শৰীৰত থকা ইলেক্ট্ৰলাইট পুনৰুদ্ধাৰ কৰাত সহায় কৰে। যাৰ বাবে হেংঅ'ভাৰ সোনকালে নাইকিয়া হৈ যাব।

কল খাব পাৰে

পানী খাব লাগে। যিমানেই পানী খাব সিমানেই হেংঅ'ভাৰ দ্ৰুতগতিত নাইকিয়া হ’ব। যদি আপুনি পানী খোৱাৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে ফলৰ ৰসও খাব পাৰে।

পানী খাব লাগে

নিচা আঁতৰাবলৈ নেমুৰ ৰস খাব পাৰে। ইয়াৰ চাহত নেমু ৰস মিহলাই খাব পাৰে। তদুৰি এগিলাচ ঠাণ্ডা পানীৰ সৈতে নেমুৰ ৰস মিহলি কৰি খাব পাৰে।

নেমু ৰস

পঢ়িবলৈ ক্লিক কৰক

এই ঘৰুৱা উপায়ৰে পেটৰ সমস্যাৰ পৰা তৎক্ষণাত উপশম পাব