Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- ৯ জনকৈ অবৈধ বাংলাদেশী নাগৰিকক আটক কৰা খবৰ লাভ কৰা গৈছে । মৰিগাঁও সীমান্ত শাখা আৰক্ষীয়ে জিলাখনৰ কেইবাটাও স্থানত অভিযান চলাই আটক কৰে এই অবৈধ বাংলাদেশী কেইজনক ।
- নিষিদ্ধ আলফা (স্বাধীন)ৰ এগৰাকী শীৰ্ষ নেতা ৰূপম অসমক গ্ৰেপ্তাৰ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে । ইয়াৰ লগতে ৰূপম অসমৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰা হৈছে। এতিয়া ৰূপম অসমক জেৰা IGP অখিলেশ সিঙৰ। দীৰ্ঘসময় ৰূপম অসমক জেৰা IGP সিঙৰ।
- শনিবাৰে আইপিএলত পঞ্জাৱৰ বিৰুদ্ধে ৬ উইকেটত জয় লাভ কৰে দিল্লী কেপিটেলছে । পঞ্জাৱে ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল দিল্লীক । দিল্লীয়ে ১৯.৩ অভাৰত ৪ টা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে ।
- শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ কোনো যুক্তি-যুক্ততা নাই বুলিয়ে এক প্ৰকাৰে স্পষ্ট কৰি দিছে আছুৰ শীৰ্ষ নেতৃত্বই । সংগঠনটোৰ সভাপতি উৎপল শৰ্মাই কয় যে, বিয়াৰ প্ৰলোভনেৰে যৌন শোষণ চলোৱাৰ অভিযোগত অভিযুক্তৰ সন্দৰ্ভত আছুৰ কোনো স্থিতি থাকিব নোৱাৰে ।
- ৰাজ্যৰ ৰাজনীতিৰ কেন্দ্ৰস্থলত এতিয়া গৌৰৱ-হিমন্তৰ বাকযুদ্ধ। কংগ্ৰেছ নেতা তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনপ্ৰথমে এই বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল। তাৰ পিছতে এই বিষয় হৈ পৰিছে অসমৰ ৰাজনীতিৰ আটাইতকৈ চৰ্চিত বিষয়।
- শ্ৰীভূমি কাৰাগাৰৰ চৌহদত দলবদ্ধ যৌন নিৰ্যাতনৰ এক চাঞ্চল্যকৰ অভিযোগ পোহৰলৈ আহিছে । জেলৰ চৌহদৰ ভিতৰত বিশেষভাৱে সক্ষম মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত দুজন জেলৰ কনিষ্টবলক গ্ৰেপ্তাৰ কৰা হৈছে ।
- টাটা ষ্টীলৰ চিনিয়ৰ মেনেজাৰ কৃষ্ণ কুমাৰ সন্দৰ্ভত পোহৰলৈ আহিছে এক ডাঙৰ ঘটনা। তেওঁৰ ঘৰৰ ভিতৰত উদ্ধাৰ হয় ৪ টাকৈ মৃতদেহ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে নীতি আয়োগৰ দশম গভৰ্নিং কাউন্সিল বৈঠক। এই বৈঠকত উপস্থিত নাই ৫ ৰাজ্যৰ মুখ্যমন্ত্ৰী ।
- দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেষ্টাৰত অনুষ্ঠিত হৈছে টিভি৯ এডুকেশ্যন এক্সপ’ ২০২৫। TV-9 নেটৱৰ্কৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ সম্পৰ্কীয় পৰামৰ্শ আগবঢ়োৱাৰ উদ্দেশ্য দেশৰ ১৫ খন চহৰত এই বিশেষ শিক্ষা মেলা অনুষ্ঠিত হৈ আহিছে। এইবাৰ গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে এই এক্সপ’ অনুষ্ঠিত কৰা হৈছে।