আৰক্ষীক আক্ৰমণৰ পৰা ৰাছিয়াৰ তেল ক্ৰয়লৈ… পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- দেওবাৰে অনুষ্ঠিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে সম্পাদক পৃথ্বিৰাজ সাথে, মনোজ চৌহান, বিকাশ উপাধ্যায়, নিৰ্বাচনী সমন্বয় সমিতিৰ অধ্যক্ষ তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদি কংগ্ৰেছ বহু নেতা-কৰ্মী উপস্থিত থাকে।
- ডিব্ৰুগড়ৰ ডিকমৰ কদমনিত ভয়ংকৰ ঘটনা। গৰু চোৰক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ ৰাইজৰ। ডিকম আৰক্ষী চকীৰ IC নৱজ্যোতি বৰাসহ ৫ জনকৈ আৰক্ষী গুৰুতৰভাৱে আহত হয়। ডিক্ৰমৰ কদমনিত ৰাইজে আবদ্ধ কৰি ৰাখিছিল দুটা গৰু চোৰক। আৰক্ষীয়ে গৰু চোৰ দুটাক আটক কৰিবলৈ যোৱাৰ সময়তে ৰাইজে আক্ৰমণ কৰে।
- মহানগৰীৰ PVR চিনেমা হলত অঘটন। চিনেমা চলি থকা সময়তেই খহি পৰে ছবি গৃহৰ চিলিং। তিনিজন লোকৰ মূৰৰ ওপৰত পৰে চিলিঙৰ ভগ্নাংশ। তাৰ মাজত আছিল কেইবাটাও শিশু। ছবি চলি থকাৰ মাজতে সংগটিত হয় এই ঘটনা। লগে লগে বন্ধ কৰি দিয়া হয় ছবিৰ প্ৰদৰ্শনী।
- ডিব্ৰুগড়ৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত নৈশ বাছে মহটিয়ালে ব’ল ব’মলৈ যোৱা দুখনকৈ বাহনক। দুৰ্ঘটনাত দুজনকৈ লোকৰ মৃত্যু। গুৰুতৰভাৱে আহত হৈছে ৬ জনকৈ লোক। ইয়াৰে এজনৰ অৱস্থা সংকটজনক। AMCHত চিকিৎসাধীন অৱস্থাত আছে আহত আটাইকেইজন লোক।
- বাংলাদেশৰ পৰা অহা অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা ভাৰতীয় নথি-পত্ৰ প্ৰস্তুত কৰাৰ বৃহৎ ৰেকেট চলাই থকা দম্পতীক গ্ৰেপ্তাৰ কৰিছে মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ ইউনিট ৯-এ। ধৃত অভিযুক্তৰ নাম পুৰুষোত্তম প্ৰসাদ শৰ্মা (৫৭) আৰু তেওঁৰ পত্নী মঞ্জু পুৰুষোত্তম শৰ্মা ওৰফে মঞ্জু ওৰফে আলতাফ শেখ (৪২)। দুয়োজনেই মালাদ অঞ্চলৰ বাসিন্দা।
- উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বহু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰলৈ উঠিছে গংগা আৰু যমুনা নদীৰ জলপৃষ্ঠ । প্ৰয়াগৰাজ, বাৰাণসী, পাটনা আদি চহৰ বানত ক্ষতিগ্ৰস্ত হৈছে। একে সময়তে উত্তৰ প্ৰদেশৰ বানাক্ৰান্ত জিলাসমূহত ১২জন লোকৰ মৃত্যু হৈছে।
- ভাৰত-ইংলেণ্ড টেষ্ট শৃংখলাৰ পূৰ্বৰ ৪খন খেলৰ দৰে অভেলত অনুষ্ঠিত হোৱা খেলখনেও অন্তিম পৰ্যায়ত উপনীত হৈছে। চতুৰ্থ দিনৰ অন্তিম চেচনত বৰষুণ আৰু কম পোহৰৰ বাবে প্ৰায় ডেৰ ঘণ্টাৰ খেলখন অনুষ্ঠিত হোৱা নাছিল। মেচখন বন্ধ হোৱাৰ সময়ত জয়ৰ পৰা ভাৰতীয় দলটো ৪ উইকেট আৰু ইংলেণ্ডৰ ৩৫ ৰান দূৰত আছিল ।
- ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতক অহৰহ আক্ৰমণ কৰিছে আমেৰিকাই। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ সহায়ক এজনে এতিয়া ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে ভাৰতক সমালোচনা কৰিছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে ভাৰতে পৰোক্ষভাৱে এই যুদ্ধৰ বাবে ৰাছিয়াক ধন আগবঢ়োৱাৰ অভিযোগো উত্থাপন কৰে।
লগতে পঢ়ক: শাওনৰ তৃতীয় সোমবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…