জুবিন গাৰ্গৰ শেষ শয়নৰ পৰা বিটিচি নিৰ্বাচনলৈ… পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ পঢ়ক
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

পুৱাৰ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- সৰুসজাইত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰত শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা অগণন অনুৰাগীৰ সোঁত। কেৱল গুৱাহাটীৰে নহয় অসমৰ প্ৰতিটো প্ৰান্তৰ অনুৰাগীয়ে সৰুসজাইত ভিৰ কৰিছে জুবিন গাৰ্গক এবাৰ চাই যাও বুলি। ‘জয় জুবিনদা’ ধ্বনি দি অনুৰাগীয়ে শেষবাৰৰ বাবে চাই লৈছে মৰমৰ শিল্পীগৰাকীক।
- গুৱাহাটীত উপস্থিত হৈছে কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত। জুবিন গাৰ্গক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ অসমলৈ আহিছে পাপন। পত্নীসহ নিশাই বিমানবন্দৰত উপস্থিত হৈছে পাপন। বিমানবন্দৰৰ পৰা পোনে পোনে সৰুসজাইলৈ ৰাওনা হয় পাপন। শোকাকুল পৰিৱেশত সৰুসজাইত গৰিমা গাৰ্গৰ কাষত বহি জুবিনৰ স্মৰণ কণ্ঠশিল্পীগৰাকীৰ।
- চিৰনিদ্ৰাত শুই পৰা অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক লৈ ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসী। তাৰ মাজতেই সামাজিক মাধ্যমত এগৰাকী যুৱতীৰ মন্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।সামাজিক মাধ্যম যোগে শিৱাংগী ভট্টাচাৰ্য নামৰ এই যুৱতীগৰাকীয়ে জুবিন গাৰ্গৰ অনুৰাগীসকলক লৈ কটু মন্তব্য আগবঢ়াইছিল। অসমবাসীয়ে জুবিন গাৰ্গৰ প্ৰতি প্ৰদৰ্শন কৰা শোকক লৈ চূড়ান্ত অসভ্যালিসূচক মন্তব্য কৰিছিল যুৱতীগৰাকীয়ে। ইয়াৰ পিছতে যুৱতীগৰাকীৰ বিৰুদ্ধে জালুকবাৰী আৰক্ষী থানাত ABVPকে ধৰি বিভিন্ন দল-সংগঠনে এজাহাৰ দাখিল কৰে।
- অৱশেষত নিৰ্ধাৰণ হ’ল জুবিনৰ অন্ত্যোষ্টিক্ৰিয়াৰ স্থান। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, সোণাপুৰৰ কমাৰকুছিত হ’ব জুবিন গাৰ্গৰ অন্ত্য়োষ্টিক্ৰিয়া। ২৩ ছেপ্টেম্বৰৰ দিনা তাতেই জুবিনৰ শেষকৃত্য কৰা হ’ব। ইয়াৰোপৰি জুবিনৰ ভস্ম লৈ যোৱা হ’ব যোৰহাটলৈ, য’ত তেওঁৰ সমাধিক্ষেত্ৰ স্থাপন কৰা হ’ব।
- জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মেল সম্বোধন কৰি শৰ্মাই কয় যে, ছিংগাপুৰৰ পৰা দিয়া মৃত্যুৰ প্ৰমাণ পত্ৰ অনুসৰি, জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবাৰ ফলত হৈছে। অৱশ্যে এয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন নহয় বুলি কয় শৰ্মাই। ইয়াৰ পাছতে এতিয়া জুবিনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।
- জুবিন বিহীন অসমত সোমবাৰে অনুষ্ঠিত হ’ব প্ৰথমটো নিৰ্বাচন। সোমবাৰে বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। নিৰ্বাচন আয়োগৰ পূৰ্বৰ সিদ্ধান্তৰ মতেই ২২ ছেপ্টেম্বৰ সোমবাৰে অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ। সোমবাৰে পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। যদি প্ৰয়োজন হয় তেন্তে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ। ২৬ ছেপ্টেম্বৰত পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব।
- আজি অৰ্থাৎ ২২ ছেপ্টেম্বৰত দেশত নতুন জি এছ টি নীতি কাৰ্যকৰী কৰা হ’ব। এই বিশেষ দিনটোৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশে আত্মনিৰ্ভৰশীল অভিযানৰ দিশত আন এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া জনসাধাৰণে নিজৰ প্ৰিয় সামগ্ৰীসমূহ অধিক সহজে ক্ৰয় কৰিব পাৰিব বুলি কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।
- লীগ পৰ্যায়ৰ পিছত ছুপাৰ ৪ পৰ্যায়তো সহজে পাকিস্তানক পৰাস্ত কৰে ভাৰতে। প্ৰথমে বেটিং কৰি পাকিস্তানে ১৭১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অভিষেক শৰ্মা আৰু শুভমন গিলৰ শক্তিশালী ইনিংছৰ বাবেই ভাৰতে ১৮.৫ অভাৰত সহজেই এই লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই ৩৯টা বলত ৭৪ ৰান সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে। শুভমন গিলে ২৮টা বলত ৪৭ ৰানৰ ইনিংছ খেলিছিল।
লগতে পঢ়ক: সৰুসজাইত জুবিনক শ্ৰদ্ধাঞ্জলি অগণন গুণমুগ্ধৰ, Live Updates…