শাওনৰ সোমবাৰে এইদৰে পূজা কৰক শিৱক

21 JULY 2025

TV9 ASSAM

অসমীয়া কেলেণ্ডাৰ অনুসৰি অনুসৰি আজিৰে পৰা আৰম্ভ হৈছে শাওন মাহৰ প্ৰথম সোমবাৰ। প্ৰথম সোমবাৰে শিৱক পূজা কৰাত ভুল হোৱাটো অনুচিত।

শাওনৰ প্ৰথম সোমবাৰ

আপোনাৰ বিবাহক দৃঢ় কৰি তুলিবলৈ শাওনৰ প্ৰতি সোমবাৰে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি শিৱক পূজা কৰক। গংগা জল, বেলপাত আৰু ফুলেৰে শিৱলিংগত পূজা কৰক।

কি কৰিব

শিৱলিংগৰ লগতে দেৱী পাৰ্বতী, নন্দী আৰু কাৰ্তিকক বেলপাত আগবঢ়াওক। বেলপাতত আপুনি ভালপোৱা মানুহজনৰ নাম লিখিব পাৰে। আপুনিও নিজৰ ইচ্ছা লিখিব পাৰে।

বেলপাত

শিৱলিংগ পূজা কৰি থাকোঁতে ১০৮ বাৰ ‘ওম গৌৰী শংকৰায় নম’ মন্ত্ৰ জপ কৰি থাকিব। তাৰ পিছত ঘিউ বা তেলৰ চাকি জ্বলাই শিৱলিংগৰ সন্মুখত ৰাখি প্ৰাৰ্থনা কৰক।

মন্ত্ৰ 

যদি দৈনিক পতি-পত্নীৰ মাজত অশান্তিৰ সৃষ্টি হয়, তেন্তে শাওনৰ সোমবাৰে শিৱৰ বিশেষ পূজা কৰাটো প্ৰয়োজনীয়। এই দিনটোত শিৱলিংগৰ মাজত মৌ আৰু চন্দনৰ মিশ্ৰণ দি বৈবাহিক সম্পৰ্ক ভালকৈ ৰাখিব পাৰি।

বিবাহত  অশান্তি

মৌ আৰু চন্দন শিৱৰ বৰ প্ৰিয়। এই দিনটোত পেষ্ট লগাওঁতে প্ৰিয়জনৰ নাম লিখক। কমেও তিনিবাৰ লিখিব লাগিব। ইয়াৰ ফলত সম্পৰ্ক গভীৰ হৈ পৰিব।

মৌ আৰু চন্দন

যদি বিয়াক পলম হৈছে বা বাৰে বাৰে বিয়া ভাঙি গৈছে তেন্তে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। শাওনৰ সোমবাৰে দেৱী পাৰ্বতীক হালধিৰ পেষ্ট বা কেঁচা হালধি আগবঢ়াব। শীঘ্ৰে বিবাহ চূড়ান্ত হ’ব।

বিবাহত পলম

চাবলৈ ক্লিক কৰক 

ভগৱান শিৱৰ প্ৰিয় এই ৪ ৰাশিৰ লোক, সদায় লগত থাকে...