শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শীঘ্ৰে উৰিয়ামঘাটত চলিব প্ৰশাসনৰ উচ্ছেদৰ অভিযান, টালি-টোপোলা বান্ধি ঘৰ এৰিছে একাংশই

কিছুদিনৰ পূৰ্বে  সৰুপথাৰ সমষ্টি বৰপথাৰৰ বানাক্ৰান্ত অস্থায়ী আশ্ৰয় শিবিৰলৈ উৰিয়ামঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ কেইবাখনো গাঁৱত উচ্ছেদ হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সৰুপথাৰৰ উৰিয়ামঘাটত জোৰদাৰ গতিত চলিছে বনাঞ্চল ধ্বংস কৰি অবৈধ দখলকাৰী ভূমি জৰীপ।

শীঘ্ৰে উৰিয়ামঘাটত চলিব প্ৰশাসনৰ উচ্ছেদৰ অভিযান, টালি-টোপোলা বান্ধি ঘৰ এৰিছে একাংশই
উৰিয়ামঘাটত চলিব উচ্ছেদ অভিযান
trishna-kalita
Trishna Kalita | Published: 20 Jul 2025 18:03 PM

এইবাৰ গোলাঘাটৰ উৰিয়ামঘাট আৰু নেঘেৰিবিলত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে ড্ৰোন কেমেৰাৰে জৰীপ চলোৱা হৈছে। বন বিভাগ ,গোলাঘাট জিলা প্ৰশাসনে চলাইছে জৰীপ। প্ৰশাসনৰ সমৰ্থনত ওলাই আহছি বহু দল-সংগঠন, সাজু হৈছে ৰাইজ। শীঘ্ৰে বেদলখকাৰীক খেদিবলৈ চৰকাৰলৈ আহ্বান। জানিব পৰা মতে উৰিয়ামঘাট সীমান্তৰ প্ৰায় ৩০০০ বিঘা মাটি বে-দখলমুক্ত কৰাৰ উদ্দেশ্যে এই উচ্ছেদ অভিযান চলিব।

উল্লেখ্য যে কিছুদিনৰ পূৰ্বে  সৰুপথাৰ সমষ্টি বৰপথাৰৰ বানাক্ৰান্ত অস্থায়ী আশ্ৰয় শিবিৰলৈ উৰিয়ামঘাটৰ অসম-নাগালেণ্ড সীমান্তৰ কেইবাখনো গাঁৱত উচ্ছেদ হ’ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বিদ্যাপুৰ চিলনীজানৰ পৰা নঁগাও, ধিং, আদি ঠাইলৈ চলাচল কৰাৰ সুযোগ লৈ সেই ঠাইৰ উপৰিও বিভিন্ন ঠাইৰ পৰা আহি সীমান্তৰ বিভিন্ন ঠাইত নিগাজীকৈ থাকি বন ধ্বংস কৰাৰ কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতেই সৰুপথাৰৰ উৰিয়ামঘাটত জোৰদাৰ গতিত চলিছে বনাঞ্চল ধ্বংস কৰি অবৈধ দখলকাৰী ভূমি জৰীপ। মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল যে নগাওঁ, লাহৰীঘাটত, ধিং আদি অঞ্চলৰ পৰা বাছেৰে আহি উজনিৰ গোলাঘাটৰ জনগাঁথনি সলনি কৰিব বিচাৰিছে একাংশই। প্রশাসনে জনোৱা মতে, সীমান্তৰ ৩০ খনতকৈ অধিক গাঁৱত চলিব উচ্ছেদ আৰু মুকলি কৰিব তিনি হাজাৰ বিঘাতকৈ অধিক ভূমি। সীমান্ত অঞ্চলটোত এই কেইদিন যুদ্ধংদেহি ৰূপত বন বিভাগৰ গুৱাহাটী, যোৰহাট আৰু গোলাঘাটৰ শীর্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।
ইফালে উচ্ছেদ খবৰ বিয়পাৰ লগে লগে টালি-টোপোলা বান্ধি গাড়ীৰে উৰিয়ামঘাটৰ পৰা সৰুপথাৰৰ মূল পথেৰে নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে একাংশ সন্দেহজনক লোক । নগাঁও, ধিং, লাহৰিঘাট, ৰূপহী, মৈৰাবাৰী, বটদ্ৰোৱা আদি স্থান সমূহলৈ গাড়ীৰে আজি পুৱাৰে পৰা ৰাওনা হৈছে বহু সংখ্যক সন্দেহজনক লোক । উৰিয়ামঘাট‌ সীমান্তৰ পৰা পলায়ন কৰা অবৈধ বাংলাদেশীসকলক যাতে সৰুপথাৰ সমজিলাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰ, নাওঁজান ,চুঙাজান আদিত আশ্ৰয় ল’ব নোৱাৰে তাৰ প্ৰতি আহ্বান জনাইছে দল-সংগঠনসমূহে।
ইয়াৰ মাজতে সৰুপথাৰৰ উৰিয়ামঘাটত জৰীপ চলাই থকা এজন বনবিষয়াক নিলম্বন কৰা হৈছে৷ নিলম্বিত বনবিষয়াজনৰ নাম কুলদ্বীপ বৰ্মণ ৷ অভিযোগ অনুসৰি সাংবাদিক আৰু জাতীয় সংগঠনৰ সদস্যক অশালীন শব্দ ব্যৱহাৰ কৰি মাৰপিট কৰিবলৈ উদ্যত হৈছিল বনবিষয়াজন ৷ বনবিভাগৰ তৰফৰ পৰা বিষয়াজনৰ বিৰুদ্ধে ততাতৈয়াকৈ গ্ৰহণ কৰা হয় নিলম্বনৰ সিদ্ধান্ত ৷গোলাঘাট জিলাৰ অন্তৰ্গত জামুগুৰি খণ্ড উন্নয়ণ বিষয়া হিচাপে দায়িত্বত আছিল কুলদ্বীপ বৰ্মণ ৷
উল্লেখযোগ্য যে, জৰীপ চলি থকাৰ ভিডিঅ’ সংগ্ৰহ কৰাক কেন্দ্ৰ কৰি সংবাদমাধ্যম আৰু চুতীয়া ছাত্ৰ সন্থাৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় বিষয়াজন ৷ কেৱল সিমানতে ক্ষান্ত নাথাকি বিষয়াজনে সংগঠনৰ সদস্যজনক মাৰপিট কৰিবলৈও আগবাঢ়ি যায় ৷ তাৰ পিছতে বনবিষয়াৰ এনে কাণ্ডই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে বকিয়াল খণ্ড বনবিষয়া হিচাপে কৰ্মৰত অৱস্থাত শিলবালি বেপাৰীৰ সৈতে গোপন মিতিৰালিৰ বাবে শাস্তিমূলক বদলিৰ সন্মুখীন হৈছিল বিষয়াগৰাকী ৷