উঃমাঃ পৰীক্ষাৰ ফলাফলৰ পৰা জাতিগত লোকপিয়ললৈ, আজিৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…
Top 9 News: আজি ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়়ান্ত পৰীক্ষাৰ ফলাফল। ফলাফলৰ ফালৰ পৰা কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা। ইয়াৰ বিপৰীতে বিজ্ঞান শাখাৰ শীৰ্ষত আছে পশ্চিম কাৰ্বিআংলং।

পৰীক্ষা
আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ কেইটামান তলত উল্লেখ কৰা হ’ল-
- আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰা ফলাফল অনুসৰি এইবাৰ কলা শাখাত উত্তীৰ্ণৰ হাৰ ৮১.০৩ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৮৪.৮৮ শতাংশ,বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৮২.১৮ শতাংশ আৰু বৃত্তিমূলক শাখাত উত্তীৰ্ণৰ হাৰ ৬৮.৫৫ শতাংশ।
- উচ্চতৰ মাধ্যমিকত ৯৪.২১ শতাংশৰে কলা শাখাৰ শীৰ্ষত আছে বাক্সা জিলা। ১০০ শতাংশ উত্তীৰ্ণৰে বিজ্ঞান শাখাৰ শীৰ্ষত পশ্চিম কাৰ্বি আংলং জিলা। ১০০ শতাংশ উত্তীৰ্ণৰে বাণিজ্য শাখাৰ শীৰ্ষত দক্ষিণ শালমৰা, আৰু বৃত্তিমুখী শাখাৰ শীৰ্ষত বিশ্বনাথ, লখিমপুৰ, নলবাৰী, শ্রীভূমি জিলা । এই জিলা কেইখনৰ উত্তীৰ্ণৰ হাৰ ১০০ শতাংশ।
- উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ বা অসন্তুষ্টসকলৰ বাবে বিশেষ সিদ্ধান্ত শিক্ষা পৰিষদৰ। সংবাদ মেল সম্বোধন কৰি শিক্ষা পৰিষদে কয় যে, দুদিন পাছত উত্তৰবহী পুনঃৰীক্ষণৰ কাম আৰম্ভ হ’ব। দুদিন পাছত উত্তৰবহী পুনঃৰীক্ষণৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ’ব। পৰৱৰ্তী সময়ত মেইলত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব উত্তৰবহী।
- গুৱাহাটী হাইক’ৰ্টৰ বাৰ সন্থাৰ পৰা পদত্যাগৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। বাৰ সন্থাৰ সভাপতিলৈ পত্ৰ লিখি সদস্য পদ ত্যাগ মুখ্যমন্ত্ৰীৰ। উল্লেখ্য যে, উচ্চ ন্যায়ালয়ৰ হস্তান্তৰক লৈ শেহতীয়াকৈ সৃষ্টি হৈছিল বিতৰ্কৰ। ইয়াৰ পাছতে ৫টা কাৰণ দেখুৱাই ৩ পৃষ্ঠাৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে। শৰ্মাই কয় যে, “হাইকোৰ্টৰ অট্টালিকাটো মই নতুনকৈ নিৰ্মাণ কৰিব লাগিব। হাইকোৰ্টৰ এছ’চিয়েশ্যন বাৰৰ মতে অট্টালিকাটো নিৰ্মাণ কৰিব নালাগে। মই বাৰৰ লগতে একমত হ’ব নোৱাৰো।”
- সৰ্বভাৰতীয় মহিলা কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সমগ্ৰ দেশতে নাৰীৰ স্বাভিমানক ভেঙুচালি কৰা “লজ্জাজনক আৰু নাৰীবিদ্বেষী” বক্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে শৰ্মাৰ বিৰুদ্ধে। উল্লেখ্য যে, কংগ্ৰেছৰ শাসনকালত মহিলাসকলে চৰকাৰী চাকৰি নিশ্চিত কৰিবলৈ “নিজৰ সতীত্ব হেৰুৱাব লগা” হোৱা বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছিল।
- মঙলবাৰে নিশা কলকাতাৰ শ্ৰুতুৰাজ হোটেলত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।এই অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে ১৪ জনকৈ লোকে প্ৰাণ হেৰুৱালগীয়া হয়, লগতে আহত হয় বহুতো। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে। ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত।
- পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ এতিয়াও অব্যাহত আছে চাঞ্চল্য। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকলো প্ৰস্তুতি কৰি গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখনৰ পাছত আনখন বৈঠক অনুষ্ঠিত কৰিছে। অৱশ্যে ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।
- ভাৰতৰ প্ৰস্তুতিৰ মাজতে পাকিস্তানৰ এজন মন্ত্ৰীয়ে কয় যে আগন্তুক ২৪-৩৬ ঘন্টাৰ ভিতৰত ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব পাৰে। উল্লেখ্য যে, আজি অক্ষয় তৃতীয়া। আজিৰ দিনটো শুভ। গতিকে আজি ভাৰতে পাকিস্তাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ল’ব পাৰে বুলি অনুমান কৰিছে একাংশই।
- জাতিগত লোকপিয়লত অনুমোদন জনাইছে মোদী কেবিনেটে। মূল লোকপিয়লতেই হ’ব জাতিগত লোকপিয়ল। বুধবাৰে অনুষ্ঠিত চিচিপিএৰ বৈঠকত এই বৃহৎ সিদ্ধান্ত মোদী চৰকাৰে গ্ৰহণ কৰে।
অন্য খবৰ পঢ়কঃ আজিৰ দিনটোৱে পাকিস্তানৰ বাবে নমাই আনিব নেকি অন্ধকাৰ? কিয় বিশেষ ৩০ এপ্ৰিল…