শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গোৱালপাৰাত দুৰ্বৃত্তই মন্দিৰ ভঙাৰ পৰা ৰাজস্থানৰ শোকাৱহ ঘটনালৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…

গোৱালপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মন্দিৰৰ দেৱ-দেৱীৰ মূৰ্তি। ঘটনা সন্দৰ্ভত চাহাব উদ্দীন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গোৱালপাৰাত দুৰ্বৃত্তই মন্দিৰ ভঙাৰ পৰা ৰাজস্থানৰ শোকাৱহ ঘটনালৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ…
দিনটোৰ খবৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Jul 2025 20:25 PM

আজিৰ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…

১. গুৱাহাটীৰ মছজিদত গাহৰি মাংস ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ এজনক। মৃদুপৱন পাঠক নামৰ যুৱকজনে পাঞ্জাবাৰীৰ মছজিদত গাহৰিৰ মাংস ৰখাৰ অভিযোগ। লগতে এগৰাকী যুৱতীৰ নাম আৰু ফোন নম্বৰো টোপোলাটোত ৰাখিছিল মৃদুপৱনে। প্ৰেমজনিত কাৰণতেই যুৱকজনে এনে কাৰ্য কৰাৰ অভিযোগ।

২. গোৱালপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুস্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰিলে মন্দিৰৰ দেৱ-দেৱীৰ মূৰ্তি। ঘটনা সন্দৰ্ভত চাহাব উদ্দীন নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন্ধাৰৰ সুযোগ লৈ এটা দুৰ্গা মন্দিৰত থকা মূৰ্তিবোৰ ভাঙিছিল দুৰ্বৃত্তই।

৩. আজি গোৱালপাৰাৰ হাচিলা বিলৰ উচ্ছেদস্থলীত উপস্থিত হয় ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। বিধায়কগৰাকী উপস্থিত হোৱাৰ পাছতেই কান্দোনত ভাগি পৰে একাংশ উচ্ছেদিত। এই উচ্ছেদৰ বিৰুদ্ধে চৰকাৰক তীব্ৰ সমালোচনা অখিল গগৈৰ।

৪. উচ্ছেদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সম্পূৰ্ণ মানৱীয় পদক্ষেপেৰে এই উচ্ছেদ চলোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে। আমছুৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্য়মন্ত্ৰীয়ে কয় যে, জাননী দিয়াৰ পাচতো মানুহে ঠাই এৰি নিদিলে মেচিনৰ সহায়ত উচ্ছেদ চলাব চৰকাৰে।

৫. লামডিং-বদৰপুৰ লাইনত আজিও ব্যাহত হৈ আছে ৰে’ল চলাচল। দুটাকৈ ভূমিস্খলনে ব্যাপকভাৱে ক্ষতিগ্ৰস্ত কৰিছে ৰে’লপথছোৱাৰ। ফলত কেবাখনো ৰে’লৰ চলাচল বাতিল কৰিব লগীয়া হৈছে। ৰে’লপথছোৱাৰ মেৰামতিৰ কাম অব্যাহত আছে যদিও কেতিয়ালৈ সম্পূৰ্ণ হ’ব সেয়া নিশ্চিত কৰা নাই ৰে’লৱেই।

৬. কেবাটাও সংগঠনে আহ্বান জনোৱা ভাৰতৰ বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গ’ল সমগ্ৰ দেশত। অসমত এই বন্ধ সামগ্ৰিকভাৱে শান্তিপূৰ্ণ আছিল যদিও দেশৰ আন প্ৰান্তত কেতবোৰ বিক্ষিপ্ত ঘটনা দেখা যায়। পশ্চিমবংগতো দেখা যায় কেবাটাও হিংসাত্মক ঘটনা। বিহাৰত প্ৰতিবাদত অংশ লয় ৰাহুল গান্ধীয়ে।

৭. বুধবাৰে ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাগ্ৰস্ত হয় বায়ুসেনাৰ এখন জাগুৱাৰ যুঁজাৰু বিমান। ৰতনগড়ৰ ভানুদা বিদাতন গাঁৱত সংঘটিত এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়। এই মৃতদেহ দুটা পাইলটৰ বুলি ধাৰণা কৰা হৈছে। এই ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বায়ুসেনাৰ দল সেই স্থানলৈ ৰাওনা হয় আৰু ঘটনাৰ তদন্ত আৰম্ভ কৰে।

৮. এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বৎসলা আৰু নাই। মধ্য প্ৰদেশৰ পান্না ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত শেষ নিশ্বাস ত্যাগ কৰে হাতীজনীয়ে। কেৰালাৰ পৰা অনা বৎসলা মধ্যপ্ৰদেশৰ এই বনাঞ্চলখনৰ সকলোৰে মৰমৰ আছিল। কেৰালাৰ পৰা নৰ্মদাপুৰমলৈ অনাৰ পিছত পান্না ব্যাঘ্ৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল বৎসলাক।

৯. গুজৰাটত সংঘটিত হৈছে শোকাৱহ ঘটনা। পাদ্ৰাত বদোদৰা আৰু আনন্দ সংযোগী মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত গম্ভীৰা দলংখন আজি ভাগি পৰে। এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩ জন লোক আহত হয়। দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ আছিল দলংখন।

অন্য খবৰ পঢ়কঃ ন্যায়ৰ পৰা বহু দূৰ! ৰাজ্যৰ নিম্ন আদালতত ৫ লাখৰো অধিক অমীমাংসিত গোচৰ…